শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে নখত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ভিটামিন বি ১২, আইৰণ, বায়’টিন, ভিটামিন ডি আৰু জিংক আদি মৌল শৰীৰৰ কাম-কাজৰ বাবে প্ৰয়োজনীয়। যেতিয়া এইবোৰৰ অভাৱ হয় তেতিয়া নখ দুৰ্বল আৰু অস্বাভাৱিক হৈ পৰে। গ

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে নখত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
নখImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 04 Jul 2025 06:49 AM

সুস্থ শৰীৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সুষম পুষ্টি অতি গুৰুত্বপূৰ্ণ। কিন্তু যেতিয়া শৰীৰত ভিটামিন, মিনাৰেল্স, প্ৰ’টিন আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেতিয়া ই আমাৰ স্বাস্থ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। নখ, ছাল আৰু চুলিত প্ৰথমে ইয়াৰ অভাৱৰ লক্ষণ দেখা যায়। শৰীৰক শক্তি প্ৰদান,ভাৰসাম্য ৰক্ষা আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিকৰ উপাদান অতি প্ৰয়োজনীয়। বিশেষকৈ ভিটামিন বি ১২, আইৰণ, বায়’টিন, ভিটামিন ডি আৰু জিংক আদি মৌল শৰীৰৰ কাম-কাজৰ বাবে প্ৰয়োজনীয়। যেতিয়া এইবোৰৰ অভাৱ হয় তেতিয়া নখ দুৰ্বল আৰু অস্বাভাৱিক হৈ পৰে। গতিকে নখ পৰিবৰ্তনৰ সংকেতে আপোনাক বিভিন্ন ইংগিত দিব পাৰে।

লক্ষণ

শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে ইয়াৰ প্ৰাৰম্ভিক লক্ষণ প্ৰায়ে নখত দেখা যায়।

  • নখ হালধীয়া বা বগা হোৱা, দুৰ্বল হোৱা আৰু ভাঙি যোৱা, নখৰ কাষত ফাটি যোৱা বা সৰু গাঁত হোৱা এই সকলোবোৰ পুষ্টিৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
  • বায়’টিনৰ অভাৱত নখ পাতল আৰু দুৰ্বল হ’ব পাৰে,
  • আইৰণৰ অভাৱতো অস্বাভাৱিক হৈ পৰে। ইয়াক ক’ইল’নিচিয়া বুলি কোৱা হয়।
  • ভিটামিন বি ১২ৰ অভাৱত নখ শেতা হৈ পৰে আৰু ইয়াৰ প্ৰভাৱ ছালত পৰে।
  • যদি এনে লক্ষণ দেখা যায়, তেন্তে ই শৰীৰত ৰক্তহীনতা, থাইৰয়ডৰ ভাৰসাম্যহীনতা বা যকৃতৰ লগত জড়িত সমস্যা হোৱাৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।

পৰিত্ৰাণৰ উপায়

দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, পুষ্টিৰ অভাৱৰ পৰা হাত সাৰিবলৈ হ’লে আপোনাৰ খাদ্যত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থকাটো অতি প্ৰয়োজনীয়।

  • সেউজীয়াশাক-পাচলি, দাইল,ফল-মূল, শুকান ফল, কণী, গাখীৰ, দৈ, মাছ আৰু শস্য আদি বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক।
  • কচু, বুটমাহ, ডালিম আৰু গুড় সেৱন কৰা আইৰণৰ বাবে উপকাৰী,
  • আনহাতে কণীৰ কুহুম, বাদাম আৰু আখৰোট বায়’টিনৰ বাবে ভাল বিকল্প।
  • ভিটামিন বি ১২ আৰু ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ গাখীৰ, দৈ, পনিৰ আৰু সূৰ্যৰ পোহৰ লোৱা  প্ৰয়োজনীয়।
  • যদি আপুনি খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণৰ পুষ্টি লাভ কৰা নাই, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাল্টিভিটামিন বা অন্যান্য পৰিপূৰকও গ্ৰহণ কৰিব পাৰি।
  • লগতে খাদ্য সঠিকভাৱে হজম আৰু শোষণ কৰিবলৈ আৰু জাংক ফুড, ধূমপান আৰু মদৰ পৰা আঁতৰি থাকিব।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

কি কৰিব

  • দিনটোৰ আৰম্ভণি কৰক পুষ্টিকৰ ব্ৰেকফাষ্টৰ সৈতে।
  • আহাৰত প্ৰটিন, ফাইবাৰ আৰু ভিটামিন অন্তৰ্ভুক্ত কৰক।
  • দৈনিক সতেজ ফলমূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে।
  • প্ৰচেছড আৰু ফাষ্ট ফুড পৰিহাৰ কৰক।
  • মানসিক চাপৰ পৰা আঁতৰি থাকক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লওক।
  • সময়ে সময়ে তেজৰ পৰীক্ষা কৰাওক।
  • যিকোনো পৰিপূৰক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ ফেটি লিভাৰৰ ৫টা প্ৰাৰম্ভিক লক্ষণ, জানক চিকিৎসকৰ পৰা…