শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

New Year Wishes 2026: এনেদৰে সকলোকে দিয়ক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা…

Happy New Year 2026: যদি আপুনি আপোনাৰ আপোনজনক বেলেগ ধৰণেৰে নতুন বছৰৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত বাৰ্তাসমূহ আগবঢ়োৱা হ'ল। নতুন বছৰ উপলক্ষে আপোনাৰ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনলৈ এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

New Year Wishes 2026: এনেদৰে সকলোকে দিয়ক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা…
নতুন বছৰৰ শুভেচ্ছা বাৰ্তা
trishna-kalita
Trishna Kalita | Updated On: 30 Dec 2025 16:57 PM

New Year Wishes in Assamese: সমগ্ৰ বিশ্বই ২০২৫ চনক বিদায় দি ২০২৬ চনক আদৰিবলৈ সাজু হৈছে।  নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে জীৱনত নতুন প্ৰতিশ্ৰুতি দিয়াটো স্বাভাৱিক। একাংশ লোকে নতুন বছৰৰ বাবে নতুন সংকল্প লয়। কোনোৱে নিজৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যায়, আন কোনোৱে ঘৰতে নতুন বছৰ উদযাপন কৰে। এই নতুন বছৰ মানে আমাৰ নতুন আশা, নতুন সপোন। আমি কামনা কৰোঁ যে অহা বছৰ আমাৰ জীৱনত সকলো ভাল হওক।

যদি আপুনি আপোনাৰ আপোনজনক বেলেগ ধৰণেৰে নতুন বছৰৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত বাৰ্তাসমূহ আগবঢ়োৱা হ’ল। নতুন বছৰ উপলক্ষে আপোনাৰ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনলৈ এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

আপোনজনৰ বাবে নৱবৰ্ষৰ বিশেষ বাৰ্তা

  • নতুন বছৰত আপোনাৰ জীৱনটো অন্তহীন আনন্দৰে ভৰি পৰক। ২০২৬ত আমাৰ মৰম আৰু গভীৰ হওক।নৱবৰ্ষৰ শুভেচ্ছা থাকিল মোৰ প্ৰিয়জন।
  • পুৰণি বছৰৰ সকলো দুখ পাহৰি নতুন সূৰ্যই আমাক পুনৰ মিলনৰ বাট দেখুৱাওক। আগন্তুক প্ৰতিটো বছৰ আপোনাৰ লগত কটাব বিচাৰো। নতুন বছৰৰ শুভেচ্ছা জনালে।
  • তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ। ২০২৬ চনটোৱে আমাৰ জীৱনলৈ আৰু বহুতো মধুৰ স্মৃতি কঢ়িয়াই আনক তাৰেই প্ৰাৰ্থনা।
  • নতুন বছৰত আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি আহক।
  • এয়া পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ সময়, আপোনাক ২০২৬ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
  • পুৰণি বছৰৰ সকলো দুখ পাহৰি যাওক। ২০২৬ চনত নতুন বছৰে আপোনাৰ জীৱনলৈ অন্তহীন সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। শুভ নৱবৰ্ষ!
  • নতুন বছৰ, নতুন আশা, নতুন সূৰ্য, নতুন পোহৰ। বছৰৰ প্ৰতিটো দিনেই আপোনাৰ বাবে এটা ডাঙৰ দিন হওক। ২০২৬ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনালো।
  • সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ সংকল্পৰে আপোনাৰ নতুন বছৰটো আৰম্ভ হওক। ২০২৬ চনৰ বাবে শুভকামনা জনাইছো।
  •  আপুনি গোটেই বছৰটো হাঁহি থাকক, নতুন বছৰত এয়াই মোৰ একমাত্ৰ কামনা। ২০২৬ চনটো আমাৰ সপোনৰ বছৰ হওক।
  • পুৰণি বছৰটো অতীত হ’ল, কিন্তু আপোনাৰ প্ৰতি মোৰ মৰম চিৰদিনৰ বাবে নতুন হৈ থাকিব। ২০২৬ বৰ্ষৰ শুভেচ্ছা জনাইছো!
  • জীৱনটো ৰঙীন হওক, সময়বোৰ আনন্দময় হওক। আপোনাৰ লগতে আপোনাৰ পৰিয়ালক নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
  • অতীতক পাহৰি বৰ্তমান উপভোগ কৰক আৰু ভৱিষ্যতৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। ২০২৬ চনটো আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ বছৰ হওক। নৱবৰ্ষৰ শুভেচ্ছা…
  • নতুন বছৰ মানে এটি নতুন খালী ডায়েৰী। ইয়াৰ পৃষ্ঠাবোৰ নিজৰ কাহিনী নিজৰ ধৰণেৰে সুন্দৰকৈ লিখক। শুভ নৱবৰ্ষ!