চুলি সৰাক লৈ হৈছে নেকি চিন্তিত? পতঞ্জলিৰ এই ঔষধে দূৰ কৰিব চিন্তা, এইদৰে পাব সকাহ….
অধিকাংশ লোকেই সম্প্ৰতি চুলি সৰা সমস্যাত পৰা দেখিবলৈ গৈছে। এই সমস্যা বহু লোকৰ বাবে মানসিক অশান্তি তথা হতাশাৰো কাৰণ হৈ পৰিছে। এইক্ষেত্ৰত পতঞ্জলিয়ে আনিছে এক আশাৰ খবৰ। পতঞ্জলিৰ এক আয়ুৰ্বেদিক ঔষধে চুলি সৰা বন্ধ কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

বৰ্তমান সময়ত চুলি সৰাৰ সমস্যা এটা প্ৰায় সাধাৰণ সমস্যা হৈ পৰিছে। অধিকাংশ লোকেই সম্প্ৰতি এই সমস্যাত পৰা দেখিবলৈ গৈছে। এই সমস্যা বহু লোকৰ বাবে মানসিক অশান্তি তথা হতাশাৰো কাৰণ হৈ পৰিছে। সাধাৰণতে মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, হৰম’নৰ পৰিৱৰ্তন আৰু প্ৰদূষণৰ বাবেই বহু লোক এই সমস্যাৰ সন্মুখীন হৈছে। মহিলাই হওক বা পুৰুষেই হওক, চুলি সৰাৰ ফলত মানুহৰ মনত আত্মবিশ্বাস হ্ৰাস পোৱাও পৰিলক্ষিত হয়। এই সমস্যাৰ পৰা মুক্তি দিয়াৰ দাবী কৰা বহু সামগ্ৰী বৰ্তমান বজাৰত উপলব্ধ।
কিন্তু এনে সামগ্ৰীসমূহৰ ব্যৱহাৰৰ পিছতো কোনো ফল লাভ নকৰা প্ৰায়ে দেখিবলৈ পোৱা যায়। এইক্ষেত্ৰত পতঞ্জলিয়ে আনিছে এক আশাৰ খবৰ। পতঞ্জলিৰ এক আয়ুৰ্বেদিক ঔষধে চুলি সৰা বন্ধ কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। চুলি সৰাৰ সমস্যা দূৰ কৰিবলৈ পতঞ্জলিয়ে আয়ুৰ্বেদিক বনৌষধিৰে প্ৰস্তুত কৰি উলিয়াইছে এক ঔষধ। এই ঔষধৰ নাম পতঞ্জলি দিব্য কেশ তেল আৰু দিব্য কেশ কান্তি টেবলেট।
চুলিৰ শিপা মজবুত কৰি নতুন চুলি গজাব পৰাকৈ এই ঔষধ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই ঔষধত ব্ৰাহ্মী, আমলা, ভৃংগৰাজ, জটামনসী আৰু অশ্বগন্ধা আদি শক্তিশালী আয়ুৰ্বেদিক বনৌষধি ব্যৱহাৰ কৰা হৈছে। এই বনৌষধিবোৰে কেৱল চুলিক পুষ্টি প্ৰদান কৰাই নহয়, চুলিৰ গুৰিলৈ ৰক্ত সঞ্চালনো বৃদ্ধি কৰে আৰু এইদৰে ক্ৰমান্বয়ে চুলি সৰা কম কৰে।
পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া গৱেষণাত যেতিয়া এই ঔষধ নিয়মিতভাৱে ব্যৱহাৰ কৰাসকলৰ ওপৰত অধ্যয়ন কৰা হৈছিল, তেতিয়া ইয়াৰ ইতিবাচক ফলাফল দেখিবলৈ পোৱা গৈছে। গৱেষণাত দেখা গৈছে যে ৮০%তকৈ অধিক লোকে চুলি সৰাৰ সমস্যা হ্ৰাস পোৱা বুলি অনুভৱ কৰে। কিছু ক্ষেত্ৰত নতুন চুলি গজাও দেখা গৈছে।
গৱেষণাৰ মতে পতঞ্জলিৰ দিব্য কেশ কান্তি টেবলেট আৰু তেল অবিৰতভাৱে ৮ৰ পৰা ১২ সপ্তাহ ধৰি ব্যৱহাৰ কৰা লোকসকলৰ চুলিৰ মান উন্নত হোৱাৰ লগতে মূৰৰ ছাল সুস্থ হৈ উঠিছে। বহুসংখ্যক ব্যৱহাৰকাৰীয়ে জানিবলৈ দিয়া মতে, যেতিয়া তেওঁলোকে ব্যয়বহুল চিকিৎসা এৰি এই আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিলে তেতিয়া তেওঁলোকে এই সমস্যাৰ পৰা যথেষ্ট সকাহ লাভ কৰিছে।
কেনেকৈ ব্যৱহাৰ কৰিব পতঞ্জলিৰ এই ঔষধঃ
দিব্য কেশ তেলঃ নিশা শুবলৈ যোৱাৰ পূৰ্বে চুলিৰ গুৰিত এই তেল আঙুলিৰে লাহে লাহে মালিচ কৰি ৰাতিটো থৈ দিব। পুৱা চেম্পুৰে ভালদৰে ধুব লাগে।
দিব্য কেশ কান্তি টেবলেটঃ চিকিৎসকৰ পৰামৰ্শ মতে দৈনিক এটাৰ পৰা দুটা টেবলেট কুহুমীয়া পানীৰ সৈতে খাব লাগে।
যিসকল লোকে দীৰ্ঘদিন ধৰি চুলি সৰা সমস্যাত ভুগি আছে আৰু ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰি ভাগৰি পৰিছে, তেওঁলোকৰ বাবে এই ঔষধ উপকাৰী বুলি কোৱা হৈছে। ই চুলিক শিপাৰ পৰা পুষ্টি প্ৰদান কৰি চুলিবোৰ মজবুত, ডাঠ আৰু চিকচিকিয়া কৰি তোলে। বজাৰত এই ঔষধে যথেষ্ট সমাদৰ লাভ কৰা বুলি প্ৰকাশ পাইছে। এই ঔষধৰ পৰা লাভ কৰা ফলাফল ছ’চিয়েল মিডিয়া আৰু পতঞ্জলিৰ প্লেটফৰ্মতো শ্বেয়াৰ কৰিছে।