হাঁহিব নালাগে, সঁচা কথা ! বজাৰলৈ আহি আছে AI কণ্ডম, এইবিধ সামগ্ৰীত AI ৰ কাম কি ? ই কেনেদৰে কাম কৰিব ?
আপুনি জানি আচৰিত হ'ব কণ্ডম প্ৰস্তুত কৰা কোম্পানীসমূহো এতিয়া AI ৰ দ্বাৰা প্ৰভাৱিত হৈছে । আপুনি কেতিয়াবা ভাবিছিল নে AI ভিত্তিক কণ্ডমো এদিন বজাৰলৈ আহিব বুলি! আপোনাৰ মনত যদিও সন্দেহ সৃষ্টি হৈছে, তথাপিও এই কথা সঁচা !

সকলো ক্ষেত্ৰতে এতিয়া AI প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিছে । আপোনাৰ লেখা এটা আন ভাষালৈ অনুবাদ কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ট্ৰেণ্ডত থকা ঘিবলি ষ্টাইললৈ, AI ৰ ব্যাপক প্ৰভাৱ দেখা গৈছে । যিমানে মানুহে AI ৰ সৈতে সংযুক্ত হৈছে সিমানে ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে । আপুনি জানি আচৰিত হ’ব কণ্ডম প্ৰস্তুত কৰা কোম্পানীসমূহো এতিয়া AI ৰ দ্বাৰা প্ৰভাৱিত হৈছে । আপুনি কেতিয়াবা ভাবিছিল নে AI ভিত্তিক কণ্ডমো এদিন বজাৰলৈ আহিব বুলি! আপোনাৰ মনত যদিও সন্দেহ সৃষ্টি হৈছে, তথাপিও এই কথা সঁচা ! কিয়নো বিখ্যাত কণ্ডম নিৰ্মাতা কোম্পানী মেনফৰ্চে প্ৰস্তুত কৰিছে বিশ্বৰ প্ৰথমটো AI চালিত কণ্ডম । এইলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
কোম্পানীটোৱে এই কণ্ডমৰ নাম ৰাখিছে ‘মেনফৰ্চ এআই’। কোম্পানীটোৱে দাবী কৰিছে যে, তেওঁলোকে প্ৰথম AI কণ্ডম বজাৰত মুকলি কৰিবলৈ ওলাইছে । এই সময়ত আপোনাৰ মনত উত্থাপন হ’ব পৰা আন এক প্ৰশ্ন হৈছে যে, এই কণ্ডমত AI ৰ কাম কি? এই কণ্ডমটোৱে কেনেকৈ কাম কৰিব ?
You fell for it, didn’t you? We had you believing AI could take protection to the next level, but turns out, some things are still better left to humans. #ManforceDotAI was just an #AprilFools prank, but at least we got you thinking! 😆#CondomNahiManforceBolo #ManforceCondoms pic.twitter.com/sXo9DuRXHf
— Manforce Condoms (@ManforceIndia) April 1, 2025
প্ৰকাশিত কিছুমান প্ৰতিবেদনত কোৱা হৈছে যে, এই বিশেষ AI কণ্ডমত এটা ইনটেলিজেনচ গ্ৰীড আৰু ল’কেলাইজ চাৰফেচ আছে । এই কণ্ডম সাধাৰণ কণ্ডমৰ দৰে নহয় । এই বিশেষ ডটেড কণ্ডমত থাকিব ১৮৬৯টা ডট । এই কণ্ডমটো ফুটফুটীয়া আৰ্হিত প্ৰস্তুত কৰা হৈছে । ইয়াত থাকিব AI ভিত্তিক মাইক্ৰ’চিপ । অভিযোজিত ফিট বৈশিষ্ট্য । যাৰ জৰিয়তে আপুনি এই ১৮৬৯টা ডটৰ কম্পন অনুভৱ কৰিব পাৰে । অৰ্থাৎ যৌন সম্পৰ্কৰ সময়ত কি বিচাৰে তাৰ ওপৰতো নিয়ন্ত্ৰণ থাকিব । ইয়াত থাকিব FlexiFit AI 360 ডাইনামিক মডুলেচন । যাতে কণ্ডমটো সহজে ফিট হয় ।
কোম্পানীটোৱে দাবী কৰিছে যে, এই কণ্ডমটো এনেদৰে ডিজাইন কৰা হৈছে যাতে আপুনি আৰু আপোনাৰ সংগীয়ে যৌন সম্পৰ্কৰ সময়ত সৰ্বাধিক আনন্দ লাভ কৰিব পাৰে । আচৰিত কথাটো হ’ল- এই কণ্ডমৰ আটাইতকৈ আচৰিত বৈশিষ্ট্য হ’ল ৰিপ’ৰ্ট কাৰ্ড । কোম্পানীটোৱে দাবী কৰে যে, এই কণ্ডমে যৌন সম্পৰ্কৰ সময়ত আপোনাৰ সংগমৰ প্ৰতিটো চেকেণ্ডৰ হিচাপ ৰাখিব । যৌন সম্পৰ্কৰ পিছত বাকচত থকা QR ক’ড স্কেন কৰিলে মোবাইল ফোনত ‘satisfaction score’, ‘strokes per minute’, ‘duration’ আদি তথ্য লাভ কৰিব । এই কণ্ডম কেতিয়া বজাৰলৈ আহিব সেই কথা এতিয়া জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে, যোৱা ১ এপ্ৰিল এক্স হেণ্ডেলত মেনফৰ্চ কণ্ডমৰ চাইটে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল । সেই বিজ্ঞাপনটো এনেধৰণৰ আছিল যে, “বিশ্বাস কৰিলে নহয়নে? আমি আপোনালোকক আশ্বস্ত কৰিলোঁ যে এআইয়ে নিৰাপত্তাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পাৰে, কিন্তু দেখা গ’ল কিছুমান কথা এতিয়াও মানুহৰ ওপৰত এৰি দিয়াটো ভাল। #ManforceDotAI আছিল মাত্ৰ এটা #AprilFools প্ৰেংক, কিন্তু অন্ততঃ আমি আপোনাক ভাবিবলৈ বাধ্য কৰালোঁ!”