কম্পিউটাৰত কাম কৰি থকাৰ সময়ত কিয় হয় ডিঙিৰ বিষ! জানেনে প্ৰতিকাৰৰ উপায়?
ডিঙিৰ বিষ কেৱল অস্বস্তিৰে কাৰণ নহয়, ইয়াৰ ফলত মূৰৰ বিষ, কান্ধৰ টান, কঁকালৰ সমস্যা, টোপনিৰ সমস্যা আদিও হ’ব পাৰে। কিন্তু দুই এটা সাধাৰণ অভ্যাস আৰু ব্যায়ামৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।

বৰ্তমান সময়ত কৰ্মসূত্ৰে বহু লোকে কম্পিউটাৰ বা লেপটপৰ সন্মুখত বহুসময় বহি থাকিব লগা হয়। কম্পিউটাৰ বা লেপটপৰ স্ক্ৰ্ৰীণলৈ চাই থাকিবলগা হোৱাৰ বাবে ডিঙিত ভাঁজ দি বহিবলগা হয়। ফলত এক সাধাৰণ পিছে অস্বস্তিকৰ সমস্যাৰ সৃষ্টি হয়— ডিঙিৰ বিষ বা ‘টেক্সট নেক চিনড্ৰম’। ডিঙিৰ বিষ কেৱল অস্বস্তিৰে কাৰণ নহয়, ইয়াৰ ফলত মূৰৰ বিষ, কান্ধৰ টান, কঁকালৰ সমস্যা, টোপনিৰ সমস্যা আদিও হ’ব পাৰে। কিন্তু দুই এটা সাধাৰণ অভ্যাস আৰু ব্যায়ামৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।
কম্পিউটাৰ বা লেপটপত কাম কৰি থকাৰ সময়ত ডিঙিৰ বিষ হোৱাৰ কিছুমান কাৰণ থাকিব পাৰে। এনে কাৰণ কিছুমান হৈছে–
১) মনিটৰ ভুল উচ্চতাত থোৱা
২) ডিঙি–মূৰ বেঁকা কৰি বহু সময় কাম কৰা
৩) কান্ধ কুঁজাই বা ভুল ভংগীমা কৰি বহা
৪) বিৰতি নোহোৱাকৈ কেইবা ঘণ্টা কাম কৰা
৫) পৰ্যাপ্ত পৰিমাণে ব্যায়াম বা ষ্ট্ৰেচিং নকৰা
কিছুমান সাধাৰণ অভ্যাসৰ জৰিয়তেই পিছে আপুনি এনে সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰিব। চাওক এনে কিছুমান প্ৰতিকাৰৰ উপায়–
১) চকী আৰু টেবুলখন এনেদৰে ৰাখক যাতে কম্পিউটাৰ বা লেপটপৰ স্ক্ৰ্ৰীণ আপোনাৰ চকুৰ সমান্তৰাল হয়। ডিঙি বেঁকা নকৰাকৈ পোনে পোনে বহিব আৰু পিঠি পোন কৰি ৰখাত সহায় কৰা চকী ব্যৱহাৰ কৰক।
২) প্ৰতি ৩০–৪৫ মিনিটৰ মূৰে মূৰে বিৰতি লওক। অবিৰতভাৱে বহি থকাৰ পৰিৱৰ্তে প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ২–৩ মিনিট থিয় হৈ, লাহে লাহে খোজ কাঢ়িব বা ডিঙি আৰু কান্ধ টানিব।
৩) ডিঙিৰ ব্যায়াম কৰক। প্ৰতিদিনে ৫–১০ মিনিট ডিঙিৰ লঘু ব্যায়াম কৰক। এনে ব্যায়ামে তেজৰ সঞ্চালন বৃদ্ধি কৰিব আৰু বিষ হ্ৰাস কৰিব।
৪) ডিঙিত বিষ হ’লে গৰম পানীৰ বেগ লগালে পেশীবোৰ শিথিল হোৱাৰ লগতে সকাহ পোৱা যায়।
৫) কম্পিউটাৰ বা লেপটপৰ ব্যৱহাৰৰ সময় হ্ৰাস কৰক। কামৰ বাহিৰে অপ্ৰয়োজনীয়ভাৱে ফোন, লেপটপ বা কম্পিউটাৰৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
৬) পৰ্যাপ্ত পৰিমাণৰ পানী আৰু টোপনিও এইক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়। শৰীৰত পানীৰ পৰিমাণ বজাই ৰাখিলে পেশীবোৰ নমনীয় হৈ থাকে আৰু বিষ কমায়। নিশা ৭–৮ ঘণ্টা টোপনিও অতি প্ৰয়োজনীয়।
এইবোৰ আপুনি গ্ৰহণ কৰিব পৰা কিছুমান সাধাৰণ প্ৰতিকাৰৰ উপায়হে। যদি বিষ দীৰ্ঘদিনীয়া হয় তেতিয়া চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। উপযুক্ত চিকিৎসাৰ দ্বাৰা বিষ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।