Picnic Place in Guwahati: বন্ধু অথবা পৰিয়ালৰ সৈতে বনভোজৰ পৰিকল্পনা কৰিছে নেকি? গুৱাহাটীৰ আশে-পাশে আছে বহু উপযুক্ত ঠাই…
গুৱাহাটীৰ আশে-পাশে এনে বহুতো ঠাই আছে যিবোৰ বনভোজৰ বাবে জনাজাত। ডিচেম্বৰত এই ঠাইসমূহত বনভোজকাৰী দলসমূহে ভিৰ কৰে । প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা এই ঠাইবোৰ প্ৰকৃতি প্ৰেমীসকলে নিশ্চয় পছন্দ কৰিব। আমি আপোনাক গুৱাহাটীৰ ওচৰতে থকা সেই ঠাইবোৰৰ বিষয়ে কওঁ য'ত আপুনি পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পাৰে।
Best Picnic Place in Guwahati: নতুন বছৰটোৱে সকলোৰে বাবে নতুন উদ্দীপনা আৰু আশা কঢ়িয়াই আনে। নতুন বৰ্ষৰ আগমনৰ প্ৰাকক্ষণত সকলোৱে অতি বিশেষ মানুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব বিচাৰে । মানুহে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই সময়খিনি উদযাপন কৰে। কিছুমান লোকে নৱবৰ্ষ উপলক্ষে বহুতো পাৰ্টি কৰে, আনহাতে বহুলোকে শিথিলতাৰ মুহূৰ্ত বিচাৰে। যদি আপুনি বছৰটোৰ অন্তিম ক্ষণত বনভোজৰ পৰিকল্পনা কৰিছে, কিন্তু এতিয়ালৈ ঠাই বাছনি কৰিব পৰা নাই, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে।
গুৱাহাটীৰ আশে-পাশে এনে বহুতো ঠাই আছে যিবোৰ বনভোজৰ বাবে জনাজাত। ডিচেম্বৰত এই ঠাইসমূহত বনভোজকাৰী দলসমূহে ভিৰ কৰে । প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা এই ঠাইবোৰ প্ৰকৃতি প্ৰেমীসকলে নিশ্চয় পছন্দ কৰিব। আমি আপোনাক গুৱাহাটীৰ ওচৰতে থকা সেই ঠাইবোৰৰ বিষয়ে কওঁ য’ত আপুনি পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পাৰে।
পবিতৰা
অসমৰ পৰ্যটনস্থলসমূহৰ ভিতৰত উল্লেখযোগ্য এখন ঠাই হৈছে পবিতৰা অভয়াৰণ্য। এই অভয়াৰণ্যখন মৰিগাঁও জিলাৰ মায়ং মৌজাত অৱস্থিত। ই গুৱাহাটী মহানগৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত অৱস্থিত। এই অভয়াৰণ্যত থকা গঁড়ৰ সংখ্যা পৃথিবীৰ ভিতৰত সৰ্বাধিক। ইয়াৰ বিশাল ঘাঁহনি আৰু আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰজাতিৰ চৰাইক বাৰুকৈয়ে আকৰ্ষিত কৰে। য’ত বনভোজকাৰীসকলে এসাঁজ লগে-ভাগে খোৱাৰ লগতে দিনৰ ভাগত হাতী-জীপ চাফাৰী কৰি পবিতৰাৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে।
দীপৰ বিল
দীপৰ বিল বা হ্ৰদ হৈছে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত অন্যতম এখন বনভোজস্থলী। নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয়।বিলখনৰ প্ৰাকৃতিক সৌন্দৰ্যই সদায় পৰ্যটকক আকৰ্ষিত কৰে। বনভোজ খোৱাৰ লগতে এই বিলত বিভিন্ন পৰিভ্ৰমী তথা অন্যান্য প্ৰজাতিৰ চৰাইৰ উপস্থিতিও উপভোগ কৰিব পাৰে। লগতে বনভোজকাৰীসকলে দীপৰ বিল বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰেও বনভোজৰ জুটি ল’ব পাৰিব। এই বিলখন ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গুৱাহাটীৰ পৰা প্ৰায় ১৮ কিলামিটাৰ পশ্চিম দিশত অৱস্থিত।
হাতীশিলা
গুৱাহাটীৰ সমীপৰ চন্দ্ৰপুৰ পথত অৱস্থিত হাতীশিলা এখন উত্তম বনভোজস্থলী। হাতীশিলাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ ফুল-ফুলেও বনভোজকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ঠাইখনৰ সমীপতে দুটা ডাঙৰ ডাঙৰ শিলৰে নিৰ্মিত এটা গণেশ মন্দিৰ আছে। হাতীশিলাত প্ৰতি বছৰে বনভোজকাৰীৰ ভিৰ হোৱা পৰিলক্ষিত হয়।
নাজিৰাখাট
গুৱাহাটীৰ পৰা ২৫ কিলোমিটাৰ নিলগত সোনাপুৰত অৱস্থিত আন এখন বনভোজস্থলী হৈছে নাজিৰাখাট । গুৱাহাটীৰ সমীপৰ বনভোজৰ বাবে ই এক অন্যতম সুন্দৰ স্থান। গুৱাহাটীৰ সমীপৰ এখন উল্লেখযোগ্য পুৰাতাত্ত্বিক স্থলী হৈছে নাজিৰাখাট। মধ্যযুগৰ পিছৰচোৱা কালৰ শৈল মন্দিৰৰ ভগ্নাৱশেষ পোৱা এই স্থলীত অসংখ্য শিলৰ টুকুৰা আৰু লগতে শিলত কটা দুটা গণেশৰ ভাস্কৰ্য্য পোৱা গৈছে। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা নাজিৰাখাট পাহাৰ এক মনোমোহা পৰ্যটনস্থলী হিচাবেও পৰিচিত। নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ বনভোজৰ বাবে মুকলি কৰি দিয়া হয় নাজিৰাখাট ।
টেঘেৰীয়া
গুৱাহাটীৰ সমীপত থকা আন এখন উপযুক্ত বনভোজস্থলী হৈছে টেঘেৰীয়া। য’ত প্ৰতি বছৰে এই সময়ত বহু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। এই ঠাইখন গুৱাহাটীৰ পৰা ৪৪ কিলোমিটাৰ দূৰত অৱস্থিত। ইয়াত বনভোজৰ বাবে অন্যতম আকৰ্ষণ হৈছে টেঘেৰীয়া জলপ্ৰপাত। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ঠাইখনত সেউজীয়া পাহাৰবোৰৰ মাজৰে বৈ আছে টেঘেৰীয়া জলপ্ৰপাত। এই জলপ্ৰপাতৰ সৌন্দৰ্য্যৰ সমান্তৰালকৈ পাহাৰৰ বুকুৰে বৈ অহা শীতল সতেজ পানীৰ শব্দইও সকলোৰে মন-প্ৰাণ ভৰাই তোলে বনভোজকাৰীৰ । ইয়াৰ উপৰিও টেঘেৰীয়াৰ সমীপতে বনভোজকাৰীসকলে বিভিন্ন পৰম্পৰাগত থলুৱা ব্যঞ্জন তথা পানীয়ৰো সোৱাদ ল’ব পাৰে।
কপিলী
গুৱাহাটীৰ সমীপতে থকা কপিলীত প্ৰতি বছৰে ভিৰ কৰে অসংখ্য বনভোজকাৰী দলে। কেৱল ওচৰৰ নহয় বহু দূৰ-দূৰণিৰ পৰা এই ঠাইলৈ বহু বনভোজকাৰী দলৰ আগমন ঘটে। গুৱাহাটীৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰাণীৰ কপিলীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰে সকলোকে। বনভোজস্থলীৰ মাজেৰে বৈ যোৱা জলপ্ৰপাতত মধুৰ সময়ত অতিবাহিত কৰে বনভোজকাৰীয়ে। স্থানীয় খাদ্যৰ বাবে বিখ্যাত কপিলীত প্ৰতি বছৰেই ডিচেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈ বনভোজকাৰীৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়।
চানডুবি
গুৱাহাটী মহানগৰীৰ পৰা ৬০ কিঃ মিঃ আৰু লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক চানডুবি বিল। এই ঠাইখনক নামনি অসমৰ মুখ্য বনভোজস্থলী হিচাপে গণ্য কৰা হয়। চানডুবি হ্ৰদ হৈছে গুৱাহাটীৰ সমীপৰ সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম। এই হ্ৰদলৈ গৈ সকলোৱে সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰে। অসম–মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল হৈছে জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ এক অনুপম সৃষ্টি। এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰাৰ ব্যৱস্থা আছে । প্ৰকৃতিৰ ৰম্যভূমি চানডুবিত প্ৰতিবছৰে ভিৰ কৰে বহু বনভোজৰ দলে । ১৮৯৭ চনৰ বৰভূইকঁপৰ ফলত সৃষ্টি হোৱা মনোৰম চানডুবি বিলৰ পাৰ প্ৰতিবছৰে নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা উদযাপন কৰা চানডুবি উৎসৱ ।