শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ওজন নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়া খোজ কাঢ়িব লাগে ? ৰাতিপুৱা নে সন্ধিয়া…

কেতিয়া খোজ কাঢ়িলে আপোনাৰ শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ বা অতিৰিক্ত চৰ্বি জ্বলোৱাত বেছি উপকাৰ লাভ কৰিব? এই প্ৰতিবেদনৰ জৰিয়তে জানক।

ওজন নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়া খোজ কাঢ়িব লাগে ? ৰাতিপুৱা নে সন্ধিয়া…
manas-borah
Manas Borah | Published: 21 Oct 2025 14:46 PM

আপুনি অতিৰিক্ত ওজন হ্ৰাস কৰিব বিচাৰে নেকি ? যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰিছে তেন্তে জানেনে যে, ৰাতিপুৱা খোজ কঢ়া ভাল নে সন্ধিয়া খোজ কঢ়া ভাল? কেতিয়া খোজ কাঢ়িলে আপোনাৰ শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ বা অতিৰিক্ত চৰ্বি জ্বলোৱাত বেছি উপকাৰ লাভ কৰিব? এই প্ৰতিবেদনৰ জৰিয়তে জানক।

তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যক সহায় কৰালৈকে খোজ কঢ়াৰ অভ্যাসে স্বাস্থ্যৰ বাবে একাধিক উপকাৰ সাধন কৰে। কিন্তু চৰ্বি জ্বলোৱাৰ বাবে খাদ্য, স্বাস্থ্যকৰ জীৱনশৈলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে সুবিধাৰ ভিত্তিত খোজ কঢ়াৰ সময় বাছি লোৱা হয়। ৰাতিপুৱা আৰু গধূলি দুয়োটা সময়তে খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে কেইবাটাও উপকাৰ লাভ কৰিব পাৰি।

ৰাতি খাদ্য নোখোৱাৰ ফলত গ্লাইক’জেনৰ ভাণ্ডাৰ আৰু ইনচুলিনৰ মাত্ৰা হ্ৰাস কৰে। ইনচুলিন কম হ’লে চৰ্বিৰ বিভাজন আৰু তেজত মুক্ত ফেটি এচিড নিৰ্গত হোৱাৰ অনুকূল হয়। অধ্যয়নত দেখা গৈছে যে, ব্ৰেকফাষ্টৰ আগতে ব্যায়াম কৰিলে তীব্ৰ চৰ্বিৰ অক্সিডেচন বৃদ্ধি পায়, অৰ্থাৎ এই সময়ত জ্বলোৱা কেলৰিৰ অধিক অংশ চৰ্বিৰ পৰা আহে। সাধাৰণতে মানুহ ৰাতিপুৱা উপবাসৰ অৱস্থাত থাকে, যাৰ ফলত শৰীৰে শক্তিৰ বাবে চৰ্বিৰ অক্সিডেচনৰ ওপৰত নিৰ্ভৰ কৰে। এইদৰে অধিক চৰ্বি জ্বলি যায়।

ইয়াৰ বিপৰীতে সন্ধিয়া মানুহৰ পেট ভৰি থাকে, যাৰ বাবে গ্লাইক’জেন আৰু তেজৰ গ্লুক’জ বেছি হয়, গতিকে খোজ কঢ়াৰ সময়ত শৰীৰে কাৰ্বহাইড্ৰেটৰ ওপৰত অধিক নিৰ্ভৰ কৰিব পাৰে। গতিকে, সাধাৰণ পৰিস্থিতিত ৰাতিপুৱাৰ সময়ত খোজ কাঢ়িলে অধিক চৰ্বি জ্বলিব পাৰে।

মনকৰিবলগীয়া যে,খালী পেটত ব্যায়াম কৰিলে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস পায়, যিয়ে শক্তি, মনোযোগ আৰু হৃদযন্ত্ৰৰ স্থিৰতাত প্ৰভাৱ পেলাব পাৰে। গতিকে উপবাসে ৰাতিপুৱা খোজ কাঢ়িলে ফেট অক্সিডেচন বৃদ্ধি কৰিব পাৰিলেও সকলোৰে বাবে নিৰাপদ বা উপযোগী নহ’বও পাৰে।

দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বলৈ খোজ কঢ়াৰ সৰ্বোত্তম সময় হ’ল- সেই সময় যিটো দৈনন্দিন জীৱনত ধাৰাবাহিকভাৱে অন্তৰ্ভুক্ত কৰিব পাৰি।

স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যৰ সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগত বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক।