শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Walk: প্ৰতিদিনে পুৱা খোজ কাঢ়িলে কি কি ৰোগ ঠিক হয়? জানক…

Morning Walk: বহু মানুহৰ পুৱাৰ সময়ত খোজ কঢ়াৰ অভ্যাস আছে। পিছে আপুনি জানেনে, পুৱা খোজ কাঢ়িলে বহু সুফল পোৱা যায়। শাৰীৰিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি মানসিক স্বাস্থ্যলৈ ই বিভিন্ন দিশত সহায় কৰে।

Morning Walk: প্ৰতিদিনে পুৱা খোজ কাঢ়িলে কি কি ৰোগ ঠিক হয়? জানক…
খোজ কঢ়াImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Updated On: 13 Dec 2025 16:57 PM

পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। যদি আপুনি খালী পেটত খোজকাঢ়ে (Morning walk) তেন্তে শৰীৰ আৰু মনটোৱে বহু সুফল লাভ কৰে। পুৱাৰ সময়ত দৌৰা বা খোজ কঢ়াই হজম প্ৰক্ৰিয়া উন্নত কৰে। ইয়াৰোপৰি চৰ্বি সোনকালে কমে আৰু শৰীৰে আৰাম লাভ কৰে। পুৱাৰ সতেজ বায়ু হাওঁফাওঁৰ বাবে উপকাৰী। যাৰ বাবে উশাহ লোৱাত সমস্যা নহয় আৰু দিনটো সক্ৰিয় অনুভৱ কৰা যায়। গতিকে প্ৰশ্ন হয়, প্ৰতিদিনে পুৱা খালী পেটত খোজ কাঢ়িলে কি লাভ হয়?

উপকাৰ

যেতিয়া আপুনি খালী পেটত দৌৰে তেতিয়া শৰীৰ সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া সক্ৰিয় হয়। এনে অৱস্থাত শৰীৰে সহজে শক্তি গোটাব পাৰে। ইয়াৰোপৰি হজম প্ৰক্ৰিয়া উন্নত হয়, গেছ, পেট ফুলা আদিৰ সমস্যা কম হয়। পুৱা খোজ কাঢ়িলে চৰ্বি কমোৱাৰ বাবেও সহায়ক হয়। ইয়াৰোপৰি পৰিষ্কাৰ বতাহে হাওঁফাওঁ শক্তিশালী কৰে আৰু শৰীৰক বিষমুক্তকৰে। খোজ কঢ়াই আপোনাক সতেজ অনুভৱ কৰাই আৰু দিনটো মন ভালে ৰখাতো সহায় কৰে।

কি হয়

পুৱাৰ সময়ত খোজ কঢ়া ভাল কিয়নো এই সময়ত ধূলি আৰু প্ৰদূষণ কম থাকে। দ্ৰুতগতিত খোজ কঢ়াৰ ফলত তেজৰ চলাচল ভাল হয় আৰু হৃদযন্ত্ৰ মজবুত হয়। পুৱা ৰ’দৰ পৰা ভিটামিন ডি পোৱা যায়। যি হাড় আৰু শক্তিৰ বাবে প্ৰয়োজনীয়। ইয়াৰোপৰি পুৱা খোজ কাঢ়িলে মন শান্ত হৈ থাকে।  ইয়াৰোপৰি পুৱা খোজকাঢ়িলে ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ আদিৰ সম্ভাৱনা কম হৈ পৰে।

কিমান সময় খোজকাঢ়িব লাগে

প্ৰথম অৱস্থাত ১০ মিনিট খোজ কাঢ়িব লাগে। কিছুদিন পাছত ২৫-৩০ মিনিট সময় খোজ কাঢ়িব লাগে। মাজে মাজে জিৰণি ল’ব পাৰে। ইয়াৰোপৰি এই সময় কেতিয়াবা বঢ়াই ১ ঘন্টা কৰিব পাৰে। অৱশ্যে আপোনাৰ যদি এজমা বা কোনো অন্য সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ স্বাভাৱিক নহয় ১২০/৮০ ৰক্তচাপ! জাৰি নতুন নিৰ্দেশনা…