শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Habits: পুৱাৰ মাত্ৰ ৫ টা অভ্যাস! জীৱনলৈ আহিব উন্নতি, দূৰ হ’ব সমস্যা…

Morning Tips: সকলোৰে বাবে পুৱাৰ সময়খিনি গুৰুত্বপূৰ্ণ। কোৱা হয়, পুৱাৰ সময়খিনি ভাল হ'লে দিনটো ভালে যায় অন্যথা বিভিন্ন সমস্যা আহিব পাৰে। পুৱাৰ ৫ টা অভ্যাসে সলনি কৰিব পাৰে আপোনাৰ জীৱন।

Morning Habits: পুৱাৰ মাত্ৰ ৫ টা অভ্যাস! জীৱনলৈ আহিব উন্নতি, দূৰ হ’ব সমস্যা…
পুৱাৰ অভ্যাসImage Credit source: Freepik
barasha-sarma
Barasha Sarma | Published: 05 Dec 2025 06:33 AM

প্ৰত্যোক মানুহৰ বাবে পুৱাৰ সময়খিনি গুৰুত্বপূৰ্ণ। যাৰ বাবে মানুহে কয়, পুৱা সোনকালে উঠিব লাগে আৰু নিশা সোনকালে শুব লাগে। পুৱাৰ সময়খিনিয়ে মানুহৰ দিনটো নিৰ্ণয় কৰে। যদি পুৱা ঠিক নহয় তেন্তে দিনটো বিভিন্ন সমস্যা আহিব পাৰে। আজিৰ ব্যস্ততাপূৰ্ণ সময়ত মানুহৰ জীৱনশৈলী সলনি হৈছে। যাৰ বাবে মানুহে মানসিক চাপ অনুভৱ কৰি থাকে। কিন্তু কিছুমান এনে অভ্যাস আছে যিয়ে আপোনাক মানসিকভাৱে সুস্থ কৰি দিনটো ভালে যোৱাত সহায় কৰে।

পুৱাৰ ৫টা অভ্যাস

সোনকালে উঠাঃ ৮ ঘন্টা পৰ্যাপ্ত টোপনিৰ পাছত পুৱা সোনকালে উঠিব লাগে। চেষ্টা কৰিব লাগে যাতে নিশা সোনকালে শুই পুৱা ৫ৰ পৰা ৬ বজাৰ ভিতৰত উঠিব পাৰে। ইয়াৰ ফলত আপোনাৰ কামৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে। ইয়াৰোপৰি পুৱা ভাল খাদ্য খাব লাগে।

মেডিটেশ্যনঃ পুৱা ১০-১৫ মিনিট সময় মেডিটেশ্যন কৰিব লাগে। ই মানসিক চাপ দূৰ কৰাত সহায় কৰে। গতিকে শান্ত ঠাইত বহি চকু বন্ধ কৰি উশাহত গুৰুত্ব দিব লাগে। এনে সময়ত মনত বহু চিন্তা আহিব পাৰে। কিন্তু সেইবোৰক আওকাণ কৰি উশাহত গুৰুত্ব দিব।

লক্ষ্যঃ সফলতাৰ বাবে মানুহৰ লক্ষ্য স্থিৰ হোৱাটো প্ৰয়োজন। গতিকে আপুনি দিনটো কি কৰিব তাৰ ওপৰত এখন তালিকা প্ৰস্তুত কৰক। সেই অনুসৰি কামবোৰ কৰক। এনে কৰিলে কাম সময়মতে হোৱাত সহায় হ’ব।

নিজক সময়ঃ ভাল জীৱনৰ বাবে নিজক সময় দিয়া অতি প্ৰয়োজন। ব্যস্ততা সময়ৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াওক। আপুনি যি ভাল পাই সেয়া কৰক। ইয়াৰোপৰি ভাল চিন্তা প্ৰয়োজন। প্ৰতি পুৱা উঠি আইনাৰ আগত ঠিয় হৈ নিজকে কওক যে- মই সকলো কৰিব পাৰিম, লক্ষ্যত উপনীত হ’ব পাৰিম।

শব্দঃ পুৱা আপুনি প্ৰথমে প্ৰকৃতিৰ শব্দ অনুভৱ কৰাৰ চেষ্টা কৰক। চৰাই-চিৰিকটি আদিৰ শব্দ শুনক। ইয়াৰোপৰি আপুনি মন শান্ত ৰাখিবলৈ গীতাৰ শ্লোক বা বিভিন্ন ধৰণৰ শান্তিপূৰ্ণ বাৰ্তা শুনিব পাৰে।