শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সুৰাৰ সৈতে মিহলি কৰে নেকি ক’লা বা ছ’ডা? সাৱধান, বিশেষজ্ঞই দিছে এনে সকীয়নি

হুইস্কি আৰু ভদকাৰ সৈতে ছ’ডা বা কোলাৰ দৰে পানীয় মিহলি কৰিলে দেহত সুৰাই অধিক সমস্যাৰ সৃষ্টি কৰে। স্বাভাৱিকতেই এটা পানীয় আন এটা পানীয়ৰ লগত মিহলাই দিলে ইয়াৰ প্ৰভাৱ সলনি হয়। এই অভ্যাসে শৰীৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সুৰাৰ সৈতে মিহলি কৰে নেকি ক’লা বা ছ’ডা? সাৱধান, বিশেষজ্ঞই দিছে এনে সকীয়নি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 04 Oct 2025 10:39 AM

স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক সুৰা। নিজকে সুস্থ, সবল কৰি ৰাখিব বিচাৰে যদি পৰাপক্ষত সুৰাৰ পৰা আঁতৰি থকাই উচিত। তথাপি পিছে বহুলোকৰে সুৰা পান কৰাৰ অভ্যাস আছে। সুৰা যিকোনো ৰূপতে স্বাস্থ্যৰ বাবে বিপজ্জনক, কিন্তু কিছুমান বিশেষ উপাদানৰ সৈতে সুৰা মিহলি কৰিলে ক্ষতিৰ আশংকা অধিক বৃদ্ধি পায়। বিশেষকৈ হুইস্কি আৰু ভদকাৰ সৈতে ছ’ডা বা কোলাৰ দৰে পানীয় মিহলি কৰিলে দেহত সুৰাই অধিক সমস্যাৰ সৃষ্টি কৰে। এই সন্দৰ্ভত ৱাইন বিশেষজ্ঞ সোণম হালেণ্ডে গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰিছে।

সোণম হালেণ্ডে কয়, “প্ৰায়ে দেখা যায় যে মানুহে সুৰাৰ সৈতে ভুল মিক্সাৰ ব্যৱহাৰ কৰে। এই সংমিশ্ৰণে বহু ধৰণে ক্ষতি কৰিব পাৰে।” স্বাভাৱিকতেই এটা পানীয় আন এটা পানীয়ৰ লগত মিহলাই দিলে ইয়াৰ প্ৰভাৱ সলনি হয়। এই অভ্যাসে শৰীৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত পেট ফুলা, ভাগৰুৱা অনুভৱৰ লগতে আন বহু সমস্যা হয়। আনকি ইয়াৰ প্ৰভাৱ পিছদিনালৈকেও থাকিব পাৰে।

হুইস্কি আৰু ভদকাৰ লগত কোলা বা ছ’ডা মিহলি কৰিব লাগেনে?

হুইস্কি আৰু ভদকাৰ সৈতে কোলা বা ছ’ডা মিহলালে কেনে ক্ষতি হ’ব পাৰে এই সন্দৰ্ভত ৱাইন বিশেষজ্ঞ সোণম হালেণ্ডে সকীয়নি প্ৰদান কৰিছে। তেওঁ কয়, “যেতিয়া কোলা, ছ’ডা, আৰু এনাৰ্জি ড্ৰিংকছ হুইস্কি আৰু ভদকাৰ সৈতে মিহলি কৰা হয়, তেতিয়া শৰীৰে দ্ৰুতভাৱে সুৰা শোষণ কৰে।” এই সংমিশ্ৰিত পানীয় তেজত সোনকালে দ্ৰৱীভূত হয় আৰু সুৰাৰ প্ৰভাৱ সোনকালেই অনুভৱ হয়।

দৰাচলতে কাৰ্বনেচনে এলকহল শৰীৰত দ্ৰৱীভূত হ’বলৈ চাপৰ সৃষ্টি কৰে। ইয়াৰ ফলত এলকহল সোনকালে দ্ৰৱীভূত হৈ শৰীৰত দ্ৰুতগতিত প্ৰৱেশ কৰে। ফলত ডিহাইড্ৰেছনৰ প্ৰভাৱ অধিক হৈ পৰে আৰু ইয়াৰ ফলত পিছদিনা আপুনি অধিক ভাগৰুৱা অনুভৱ কৰে। তেওঁ লগতে উল্লেখ কৰা মতে এনে পানীয়ই শৰীৰত চেনি আৰু কেফেইনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত আপুনি ভাগৰুৱা হৈ পৰে।

পেকেজিং ফলৰ ৰস মিহলাব লাগেনে?

বিশেষজ্ঞ সোণম হালেণ্ডে লগতে হুইস্কি আৰু ভদকাৰ সৈতে পেকেজিং ফলৰ ৰস মিহলাই লোৱাৰ প্ৰসঙ্গতো মতামত আগবঢ়াইছে। ফলৰ ৰসত পূৰ্বৰে পৰা দেহৰ ক্ষতিকাৰক অধিক পৰিমাণৰ চেনি আৰু সংৰক্ষক পদাৰ্থ থাকে বাবে এনে অভ্যাসৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে বুলি তেওঁ আঙুলিয়াই দিয়ে।

পেকেজিং ফলৰ ৰসে সুৰাত কৃত্ৰিম সোৱাদ যোগ কৰাৰ লগতে সুৰাক সম্পূৰ্ণ নষ্ট কৰি পেলায়। অধিক পৰিমাণৰ চেনি থকা পানীয় মিহলালে মদৰ সোৱাদ সলনি হ’ব পাৰে। ইয়াৰ উপৰিও শৰীৰত বহুতো প্ৰভাৱ পেলায়, বিশেষকৈ পেটৰ বহু সমস্যাই গা কৰি উঠিব পাৰে। ইয়াৰ পৰিৱৰ্তে বিকল্প হিচাপে সতেজ ফলৰ ৰস ব্যৱহাৰ কৰিব পাৰে বুলি তেওঁ লগতে কয়।