মাইনৰ হাৰ্ট এটেক হয় নেকি বিপজ্জনক? এনে লক্ষণ দেখিলেই হওক সাৱধান
সাধাৰণতে এই মাইনৰ হাৰ্ট এটেক কেনেধৰণৰ আৰু এই সমস্যা বিপজ্জনক নেকি, এই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটা দেখা যায়। ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে এই বিষয়ে সঠিক বিশ্লেষণ আগবঢ়াইছে।

শেহতীয়া সময়ছোৱাত হাৰ্ট এটেকৰ দৰে চিন্তনীয় শাৰীৰিক সমস্যা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই সমস্যাৰ বাবে মৃত্যু মুখত পৰিছে বৃহৎ সংখ্যক লোক। চিকিৎসকসকলে সদৰী কৰা মতে হাৰ্ট এটেকৰ কিছুদিন বা কেইমাহমান পূৰ্বে সাধাৰণতে মাইনৰ হাৰ্ট এটেক আহে। কিন্তু এই মাইনৰ হাৰ্ট এটেক অহাৰ কথা বহু লোকে জানিবই নোৱাৰে। ইয়াৰ ফলস্বৰূপে ভৱিষ্যতে এই সমস্যা অধিক বিপজ্জনক হৈ পৰে। অৱশ্যে কিছুমান লক্ষণৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিলে এনে সৰু হাৰ্ট এটেক ভৱিষ্যতে ডাঙৰ হাৰ্ট এটেকৰ ৰূপ লোৱাত বাধা দিব পাৰি।
সাধাৰণতে এই মাইনৰ হাৰ্ট এটেক কেনেধৰণৰ আৰু এই সমস্যা বিপজ্জনক নেকি, এই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটা দেখা যায়। ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে এই বিষয়ে সঠিক বিশ্লেষণ আগবঢ়াইছে। ডাঃ জৈনে জানিবলৈ দিয়া মতে মাইনৰ হাৰ্ট এটেকক চিকিৎসা বিজ্ঞানত NSTEMI (Non-ST Elevation Myocardial Infarction) বুলি জনা যায়।
এই অৱস্থাত হৃদযন্ত্ৰৰ ধমনী সম্পূৰ্ণৰূপে বন্ধ নহয়, আংশিকভাৱেহে হয়। অৰ্থাৎ হৃদযন্ত্ৰলৈ তেজ আৰু অক্সিজেনৰ সোঁত কিছু পৰিমাণে চলি থাকে যদিও পৰ্যাপ্ত পৰিমাণে নহয়। এই কাৰণেই লক্ষণবোৰ ডাঙৰ হাৰ্ট এটেকৰ দৰে গুৰুতৰ নহয়। তথাপি এনে সমস্যাক আওকাণ কৰা উচিত নহয় বুলি ডাঃ অজিত জৈনে সকীয়াই দিয়ে।
বহুলোকৰ ক্ষেত্ৰত মুখৰ গালৰ অংশত বিষ হোৱা দেখা যায়। প্ৰায়ে এয়া দাঁতৰ সমস্যা বুলি উলাই কৰা হয়। কিন্তু এইদৰে আওকাণ কৰিলে কেতিয়াবা ঘটিব পাৰে বিপদ। যদি আপুনি বাওঁহাত আৰু গালৰ দাঁতৰ কাষৰ অংশত বিষ অনুভৱ কৰে, সেয়া বহু সময়ত মাইনৰ হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপা উচিত।
এনে মাইনৰ হাৰ্ট এটেকৰ কিছুমান লক্ষণ এইধৰণৰ–
বুকুত সামান্য বা চাপৰ দৰে বিষ
উশাহ লোৱাত অসুবিধা
ক্লান্তি আৰু দুৰ্বলতা
বাহু, কান্ধ, ডিঙি বা পিঠিত সামান্য বিষ
ঘাম ওলোৱা বা দেহত দেখা অস্থিৰতা
মাইনৰ হাৰ্ট এটেক কিমান বিপজ্জনক?
মাইনৰ হাৰ্ট এটেককো বিপজ্জনক হিচাপে গণ্য কৰা হয়, কিয়নো ই ভৱিষ্যতে হ’ব পৰা হাৰ্ট এটেকৰ ইঙ্গিত প্ৰদান কৰে। মাইনৰ হাৰ্ট এটেকৰ লক্ষণসমূহ চিনিব পাৰিলে জীৱন ৰক্ষা কৰিব পাৰি। ইয়াৰ ফলত সময়মতে চিকিৎসা আৰু নিদানৰ সুবিধা লাভ কৰা সম্ভৱপৰ হয়। এই লক্ষণসমূহক আওকাণ কৰিলে হঠাৎ ভয়ংকৰ হাৰ্ট এটেক আহিব পাৰে আৰু আনকি মৃত্যু পৰ্যন্তও হ’ব পাৰে।
কিছুমান সাধাৰণ প্ৰতিৰোধ ব্যৱস্থা-
তেলীয়া আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক আৰু ফলমূল তথা শাক-পাচলি বেছিকৈ খাওক।
দৈনিক লঘু ব্যায়াম বা খোজ কঢ়াটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।
মানসিক চাপ হৃদৰোগৰ এটা প্ৰধান কাৰণ, গতিকে যোগাসন আৰু ধ্যানৰ জৰিয়তে মন সুস্থিৰ কৰি ৰাখক।
ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক, এই দ্ৰব্যসমূহে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিস্তৰ ক্ষতি কৰে।