শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বমি, পেটৰ বিষ আৰু শৌচ লগা যেন অনুভৱ… মাহেকীয়াৰ সময়ত এই লক্ষণে দেখা দিলে সাৱধান!

ঋতুস্ৰাৱৰ সময়ত বেছি বিষ হোৱাটো স্বাভাৱিক নহয়, আৰু ইয়াক আওকাণ কৰিব নালাগে। লাজপত নগৰৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ ফাৰ্টিলিটি স্পেচিয়েলিষ্ট ডাঃ মুস্কান ছাব্ৰাই কি ক’লে জানো আহক…

বমি, পেটৰ বিষ আৰু শৌচ লগা যেন অনুভৱ… মাহেকীয়াৰ সময়ত এই লক্ষণে দেখা দিলে সাৱধান!
মাহেকীয়াৰ সময়ত এই লক্ষণে দেখা দিলে সাৱধান!
barasha-misra
Barasha Misra | Updated On: 03 Oct 2025 11:53 AM

মাহেকীয়া মহিলাসকলৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ দৰে সমস্যা হয়। যাৰ বাবে মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন।

ঋতুস্ৰাৱৰ সময়ত বেছি বিষ হোৱাটো স্বাভাৱিক নহয়, আৰু ইয়াক আওকাণ কৰিব নালাগে। লাজপত নগৰৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ ফাৰ্টিলিটি স্পেচিয়েলিষ্ট ডাঃ মুস্কান ছাব্ৰাই কি ক’লে জানো আহক…

কেইবাটাও স্ত্ৰীৰোগজনিত অৱস্থাৰ কাৰণত অত্যধিক বা দুৰ্বল কৰি তোলা মাহেকীয়াৰ বিষ হ’ব পাৰে। ইয়াৰে এটা সাধাৰণ হ’ল এণ্ডোমেট্ৰিয়াছিছ, য’ত জৰায়ুৰ বাহিৰত জৰায়ুৰ আৱৰণৰ দৰে কলা বাঢ়ি যায়। ইয়াৰ ফলত দাগ, বহুত বিষ হ’ব পাৰে। আন এটা অৱস্থা হ’ল এডিন’মাই’ছিছ, যিটো জৰায়ুৰ আৱৰণখন ইয়াৰ পেশীৰ বেৰলৈ বৃদ্ধি হ’লে হয়। তাৰ পিছত কিছুমানৰ ফাইব্ৰইডৰ বাবে বিষ আৰু অত্যাধিক ৰক্তক্ষৰণ আদি হ’ব পাৰে। সেয়ে বহু মহিলাই মাহেকীয়াৰ সময়ত অত্যাধিক বিষৰ ফলত বমি, পেটৰ বিষ আৰু শৌচ লগা যেন অনুভৱ কৰে। এই সময়ছোৱাত কোনো কষ্টকৰ কাম কৰিব নালাগে আৰু জিৰণি ল’ব লাগে, নহ’লে মূৰ ঘুৰাব পাৰে।

স্বাভাৱিক মাহেকীয়া চক্ৰ ২৮ দিন। ইয়াৰ বাহিৰেও ১০ দিন পৰ্যন্ত পলম হ’ব পাৰে। যদি ৩৮ দিনত মাহেকীয়া নহয়, তেন্তে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা নহয়। যদি ইয়াতকৈ বেছি সময় লৈছে তেন্তে বহু কাৰণত হ’ব পাৰে।

বিশেষকৈ কেইবাৰো মহিলাৰ ক্ষেত্ৰত পি.এম.এছ. (Premenstrual syndrome), এণ্ডোমেট্ৰিয়’ছিছ বা uterine fibroid আদি ৰোগৰ ফলতো মাহেকীয়া সময়ত পেটৰ বিষ বেছি অনুভৱ হয়।