3 OCT 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মহত্ব অধিক। জীৱনত যাতে সদায় সকৰাত্মক শক্তিৰ প্ৰভাৱ থাকে তাৰ বাবে বাস্তুই মাগ দৰ্শন কৰে। কোৱা হয় বাস্তুৰ নিয়ম মানি চলিলে জীৱনত সমস্যা নহয়।
মান্যতা অনুসৰি, কিছুমান কাম কৰিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হয়। সাধাৰণ বুলি ভবা এই কামবোৰৰ বাবে আপোনাৰ জীৱনত সমস্যা, ধনৰ সমস্যা হ'ব পাৰে।
বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত জোতা-চেণ্ডেল ৰাখিব নালাগে। এনে কৰিলে ঘৰত নকৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে। এনে ক্ষেত্ৰত ধনৰ সমস্যা হ'ব পাৰে। ইয়াৰোপৰি মুখ্য দুৱাৰ লক্ষ্মীৰ স্থান বুলি কয়।
বহু মানুহে বেগত মৃত ব্যক্তিৰ ফটো ৰাখে। বাস্তু শাস্ত্ৰ মতে এয়া ভাল নহয়। ইয়াৰ ফলত ব্যক্তিয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু উন্নতিত বাধা আহিব পাৰে।
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত ভঙা আইনা ৰখা অশুভ। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। ভঙা বাচন-বৰ্তনো ৰাখিব নালাগে। ইয়াৰ ফলত ধনৰ সমস্যা আহিব পাৰে।
বহু মানুহে খাদ্য খোৱাৰ পাছত কাহীত হাত ধোৱা দেখা যায়। বাস্তু মতে এয়া বেয়া। মান্যতা অনুসৰি, এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু জীৱনত আৰ্থিক সমস্যা আহিব পাৰে।
মান্যতা অনুসৰি সূৰ্যাস্তৰ পাছত ঘৰত ঝাড়ু লগোৱা অশুভ বুলি কোৱা হয়। ইয়াৰ ফলতো মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। ইয়াৰোপৰি ঝাড়ুত ভৰি লগাব নালাগে বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক