RSS ৰ মঞ্চৰ পৰা ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট উন্মোচন মোদীৰ…
RSS ৰ মঞ্চৰ পৰা মোদীয়ে উন্মোচন কৰিলে ১০০ টকীয়া মুদ্ৰা আৰু ডাক টিকট। এই দুয়োটা অতি বিশেষ বুলি কয় মোদীয়ে। আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে মোদীয়ে এই অনুষ্ঠানত অংশ লয়।
প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে ১০০ টকীয়া মুদ্ৰা। আৰ এছ এছৰ মঞ্চৰ পৰা মোদীয়ে মুদ্ৰাৰ লগতে এটা ডাক টিকট উন্মোচন কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে বিশেষ স্মৃতি মুদ্ৰা আৰু ডাক টিকট। এই ডাক টিকট আৰু মুদ্ৰাৰ জৰিয়তে দেশ গঠনত আৰ এছ এছৰ অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে।
আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত তেওঁ মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰাৰ লগতে আৰ এছ এছৰ অৱদানৰ ওপৰতো আলোকপাত কৰে।
এই ১০০ টকীয়া মুদ্ৰাটোৰ এফালে ৰাষ্ট্ৰীয় স্তম্ভ, আনফালে সিংহৰ ওপৰত বহি থকা ভাৰত মাতাক দেখা গৈছে। ইয়াৰ লগতে স্বয়ংসেৱকসকলে ভাৰত মাতৃৰ সন্মুখত মূৰ দোৱাইছে। মোদীয়ে কৈছে, স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত মাতৃৰ ভাবমূৰ্তি ভাৰতীয় মুদ্ৰাত প্ৰদৰ্শিত হৈছে।