হাড়ৰ সমস্যাৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপী চিকিৎসা কিমানদূৰ ফলপ্ৰসূ? চাওক বিশেষজ্ঞৰ মত
হাড়ৰ সমস্যাসমূহৰ পৰা উপশম লাভৰ বাবে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। অন্যথা এনে সমস্যাসমূহে ব্যক্তিৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। পিছে এইক্ষেত্ৰত ফিজিঅ’থেৰাপী কিমান ফলপ্ৰসূ? জানো আহক এই বিষয়ে।

সাম্প্ৰতিক সময়ত বয়স নিৰ্বিশেষে বহু লোকৰ হাড়, গাঁঠি আৰু পেশীৰ সমস্যাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বয়সৰ লগে লগে এই সমস্যাসমূহ অধিক হয় যদিও সম্প্ৰতি পৰিৱৰ্তিত জীৱনশৈলী, পুষ্টিৰ অভাৱ , দীৰ্ঘসময় লেপটপ-মোবাইল ব্যৱহাৰৰ বাবে কম বয়সীয়া লোকৰ মাজতো হাড়ৰ সমস্যা বৃদ্ধি পাইছে। বিশেষকৈ মহিলাৰ হৰম’ন পৰিৱৰ্তনৰ ফলত অষ্টিঅ’পৰ’ছিছৰ অৰ্থাৎ হাড়ৰ দুৰ্বলতাৰ আশংকা অধিক হৈ পৰিছে। বয়সীয়াল লোকৰ ক্ষেত্ৰত হাড়ৰ ঘনত্ব হ্ৰাস হোৱাৰ বাবে সামান্য আঘাততে হাড় ভাঙি যোৱাৰ সম্ভাৱনা থাকে।
একেদৰে শিশুৰ ক্ষেত্ৰতো কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱৰ বাবে হাড়ৰ বিকাশত বাধাৰ সৃষ্টি হয়। এই সমস্যাসমূহৰ পৰা উপশম লাভৰ বাবে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। অন্যথা এনে সমস্যাসমূহে ব্যক্তিৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে।
হাড়ৰ ৰোগসমূহৰ ভিতৰত অষ্টিঅ’পৰ’ছিছ (হাড় দুৰ্বল হোৱা), অষ্টিঅ’আৰ্থাইটিছ (গাঁঠি ফুলি যোৱা আৰু বিষ), বাতবিষ, মেৰুদণ্ডৰ সমস্যা ইত্যাদি উল্লেখযোগ্য। কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ, বহু সময় ধৰি বহি থকা, আঘাত, জিনীয় কাৰক, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, ৰজোনিবৃত্তিৰ পিছত মহিলাৰ হাড়ৰ ঘনত্ব হ্ৰাস আদি এই সমস্যাসমূৰ মূল কাৰক।
সময় অনুসৰি দেহৰ যত্ন নল’লে তথা ব্যায়াম অবিহনে এই সমস্যাসমূহ ক্ৰমান্বয়ে অধিক চিন্তনীয় হৈ উঠিব পাৰে। গাজিয়াবাদৰ এম এম জি জিলা চিকিৎসালয়ৰ ফিজিঅ’থেৰাপি বিভাগৰ মুৰব্বী চৈয়দ জোহৰ আলী নাকভিৰ মতে, হাড় আৰু গাঁঠিৰ সমস্যাৰ চিকিৎসাত ফিজিঅ’থেৰাপী এক ফলপ্ৰসূ পদ্ধতি।
ফিজিঅ’থেৰাপীয়ে শৰীৰৰ গতিবিধি উন্নত কৰে, লগতে বিষ কমায় আৰু শৰীৰৰ পেশীসমূহ শক্তিশালী কৰাত সহায় কৰে বুলি তেওঁ আঙুলিয়াই দিয়ে। হাড়ৰ ৰোগীয়ে প্ৰায়ে খোজ কঢ়াৰ ক্ষেত্ৰত জঠৰতা বা বিষ অনুভৱ কৰা দেখা যায়। কিন্তু নিয়মিত ফিজিওথেৰাপীয়ে এইক্ষেত্ৰত দ্ৰুত ভাৱে সকাহ দিব পাৰে। অষ্টিঅ’পৰ’ছিছত সঠিক ব্যায়ামৰ প্ৰশিক্ষণে হাড়ৰ ওপৰত চাপ কমায়।
ফিজিঅ’থেৰাপীয়ে দেহৰ পেশীসমূহ পুনৰ সক্ৰিয় কৰাত সহায় কৰে আৰু হাড় ভঙাৰ পিছতো গাঁঠিৰ নমনীয়তা পুনৰুদ্ধাৰ কৰিব পাৰে। বাতবিষ ৰোগীৰ ক্ষেত্ৰতো ফিজিওথেৰাপীয়ে ফুলা আৰু জঠৰতা হ্ৰাস কৰি গাঁঠিৰ নমনীয়তা বৃদ্ধি কৰে। নিয়মীয়া ফিজিঅ’থেৰাপী চিকিৎসাই বিষনাশক ঔষধৰ ওপৰত নিৰ্ভৰশীলতা কমাই ৰোগীক দ্ৰুত আৰোগ্যৰ পথত লৈ যায়।
সঠিক ব্যায়ামৰ কৌশল আৰু নিৰ্দেশনাৰ ফলত হাড়ৰ সমস্যাত ভুগি থকা ৰোগীয়ে সোনকালে সুস্থ হৈ উঠিব পাৰে। অৱশ্যে এনে চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ আন কিছুমান দিশৰ প্ৰতিও লক্ষ্য ৰখা প্ৰয়োজন। এনে কিছুমান গুৰুত্বপূৰ্ণ দিশ হৈছে–
১/ নিয়মিত লঘু ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক।
২/ কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য গ্ৰহণ কৰক।
৩/ কুঁজাকৈ বা ভুল ধৰণে বহাৰ অভ্যাস ত্যাগ কৰক।
৪/ ধূমপান আৰু মদ্যপানৰ অভ্যাস পৰিহাৰ কৰক, কিয়নো ই হাড় দুৰ্বল কৰিব পাৰে।
৫/ হাড়ৰ বিষ, ফুলি উঠা বা জঠৰতা অনুভৱ কৰিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক।