জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে? সত্য উদ্ঘাটন হ’বনে?
Zubeen Garg death row: ভাৰতীয় উচ্চায়ুক্তৰ হাতত জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন অৰ্পন কৰিলে ছিংগাপুৰ আৰক্ষীয়ে। বৰ্তমানলৈকে এই গোচৰত গ্ৰেপ্তাৰ চাৰিগৰাকীক। এছ আই টিয়ে আগবঢ়াই নিছে তদন্ত। সত্য উদ্ঘাটন হ'ব নে?

ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লোৱা অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক হস্তান্তৰ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। এক বিবৃতি অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতিলিপিৰ লগতে তেওঁৰ মৃত্যুত তেওঁলোকৰ প্ৰাৰম্ভিক তথ্য ভাৰতীয় কৰ্তৃপক্ষক অনুৰোধ মৰ্মে হস্তান্তৰ কৰা হৈছে।
সম্প্ৰতি এই বিষয়ত আৰক্ষীৰ তদন্ত চলি থকাৰ বিপৰীতে জনসাধাৰণক বিষয়টোৰ সৈতে জড়িত কোনো ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
বৃহস্পতিবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহ-শিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰে। এই গোচৰটোত মুঠ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা।
অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলৰ মুৰব্বী তথা চিআইডিৰ এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই সংবাদ সংস্থা এএনআইক জনোৱা মতে, এছআইটি/চিআইডিৰ বহুদিনীয়া জেৰাৰ অন্তত যোৱা নিশা শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক এছআইটি/চিআইডিয়ে গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পূৰ্বে বুধবাৰে অসম আৰক্ষীৰ চি আই ডি/এছ আই টিয়ে শ্যামকানু মহন্ত (ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক) আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে।
কামৰূপ (মেট্ৰ’) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, পঞ্জীয়নভুক্ত গোচৰটোত চি আই ডিয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত হত্যাৰ অভিযোগৰ ধাৰা (BNS SC103) সংযোজন কৰে।
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতোৰাৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হৈছিল ৫২ বছৰীয়া জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই তেওঁৰ মৃত্যুক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। কোনেও এই মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাছিল। তাৰপোৰি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ স্থিতিক লৈও প্ৰশ্ন উত্থাপন হৈছিল। সন্দেহ অধিক বৃদ্ধি কৰিছিল জুবিন গাৰ্গৰ শেষ সময়ৰ কেতবোৰ ভিডিঅ’ টুকুৰা-টুকুৰকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পৰা।
শেহতীয়াকৈ জানিব পৰা মতে, অমৃতপ্ৰভা মহন্তৰ ম’বাইলত ৰেকৰ্ড কৰা হৈছিল সেই ভিডিঅ’সমূহ। তাৰোপৰি চিজাৰ এটেকৰ সমস্যা থকা জুবিন গাৰ্গক কিয় পানীত নামিবলৈ দিয়া হৈছিল, সেই বিষয়কলৈও প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও উপযুক্ত তদন্তৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। সোণাপুৰত শেষকৃত্য সমাপনৰ পূৰ্বে জুবিন গাৰ্গৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাও কৰা হয়।
জুবিন গাৰ্গৰ মৃত্যুৰ পাচত তেওঁক শ্ৰদ্ধা জনাবলৈ সমবেত হৈছিল লাখ লাখ অনুৰাগী। সকলোৱে একেমুখে এই ঘটনাৰ বাবে উপযুক্ত তদন্তৰ দাবী তুলিছিল। সামাজিক মাধ্যমতো আৰম্ভ হয় #JusticeForZubeenGarg ট্ৰেণ্ড।
তাৰ মাজতেই শ্যামকানু মহন্তই ফেচবুকযোগে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিক্ৰিয়াক লৈ সন্দেহৰ সৃষ্টি হয়। ইতিমধ্যে দুয়োজন চিআইডিৰ জিম্মাত আছে। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। এতিয়া এই তদন্তত কি সত্য় পোহৰলৈ আহে সেয়া লক্ষণীয় হ’ব।