শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পূজাৰ আনন্দৰ মাজতে ভাল খবৰ! কেন্দ্ৰীয় কৰ্মচাৰীৰ DA বৃদ্ধি...

পূজাৰ আনন্দৰ মাজতে ভাল খবৰ! কেন্দ্ৰীয় কৰ্মচাৰীৰ DA বৃদ্ধি…

barasha-sarma
Barasha Sarma | Published: 02 Oct 2025 17:52 PM

DA hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ। পূজাৰ আনন্দৰ মাজতে বৃদ্ধি পাইছে DA. তথ্য অনুসৰি ৩ শতাংশ ডি এ বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে।

দুৰ্গা পূজাৰ আনন্দৰ মাজতে দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। কেন্দ্ৰীয় কেবিনেটে মৰগীয়া বনাচ (DA) ৩ শতাংশ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। এই বৃদ্ধিৰ লগে লগে এতিয়া মুঠ DA ৰ হাৰ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পাইছে।

এই সিদ্ধান্ত ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে বৃদ্ধি পোৱা DA অক্টোবৰৰ দৰমহাৰ সৈতে লাভ কৰিব কৰ্মচাৰীসকলে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় ১ কোটি ১৫ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব।

সপ্তম দৰমহা আয়োগৰ অধীনত থকা সকলো কৰ্মচাৰীয়ে এই বৃদ্ধি পোৱা DA লাভ কৰিব। পেঞ্চনাৰ সকলেও এই সুবিধা পাব।  উদাহৰণস্বৰূপে যিসকলৰ মাহিলী মৌলিক দৰমহা ৩০ হাজাৰ টকা তেওঁলোকে মাহে ৯০০ টকা বেছিকৈ পাব, ৪০ হাজাৰ টকা দৰমহা পোৱা কৰ্মচাৰীসকলে ১২০০ টকা আৰু ২৭০০ টকা দৰমহা লাভ কৰা সকলে ৩৬০০ টকা লাভ কৰিব। প্ৰায় ৪৮ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ এই সুবিধাৰ বাবে যোগ্য।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰে ৫৫% DA। এতিয়া প্ৰায় ৩% বৃদ্ধিৰ অনুমোদন দিয়া হৈছে, যাৰ ফলত DA  ৫৮% লৈ বৃদ্ধি পাইছে। অৰ্থাৎ কৰ্মচাৰীসকলে এতিয়া তেওঁলোকৰ মূল দৰমহাৰ ৫৮% DA  হিচাপে লাভ কৰিব।

সাধাৰণতে বছৰত দুবাৰকৈ DA ঘোষণা কৰা হয়।  ২০২৫ চনৰ মাৰ্চ মাহতো চৰকাৰে ৫৩ শতাংশৰ পৰা ৫৫ শতাংশলৈ ২ শতাংশ মৰগীয়া বনাচ বৃদ্ধি কৰিছিল। এতিয়া এই হাৰ ৫৮ শতাংশত উপনীত হৈছে।