৩২২১ দিনৰ পিছত শতক অৰ্জন ৰাহুলৰ, গঢ়িলে অভিলেখ

03 Oct 2025

TV9 ASSAM

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চলিত টেষ্টত আজি শতক অৰ্জন কৰে কে এল ৰাহুলে। ১০০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি তেওঁ বিদায় লয়।

কে এল ৰাহুল

এই শতকীয় ইনিংছটোৰ সময়ত ৰাহুলে ইংলেণ্ডৰ বেন ডাকেটক অতিক্ৰম কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

অভিলেখ

চলিত বৰ্ষত টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহকাৰী অপেমনাৰ হিচাপে পৰিগণিত হৈছে ৰাহুল। ইয়াৰ লগতে তেওঁ আন এক কৃতিত্ব অৰ্জন কৰিছে।

সৰ্বাধিক ৰান

টেষ্টত এয়া অপেনাৰ হিচাপে ৰাহুলৰ দশম শতক। এইক্ষেত্ৰত তেওঁ গৌতম গম্ভীৰ আৰু ৰোহিত শৰ্মাক (দুয়োৰে নামত ৯টা শতক) অতিক্ৰম কৰিছে।

অপেনাৰ

লক্ষণীয়ভাৱে ৰাহুলে সুদীৰ্ঘ ৩২২১ দিন অৰ্থাৎ ৯ বছৰতকৈ অধিক সময়ৰ পিছত দেশৰ মাটিত অনুষ্ঠিত হোৱা টেষ্টত শতক অৰ্জন কৰিছে।

দেশত শতক

চলিত বৰ্ষত ৰাহুলে টেষ্টত এতিয়ালৈকে ৬৪৯ ৰান সংগ্ৰহ কৰিছে। ৰানৰ হিচাপত এটা বৰ্ষত এয়া তেওঁৰ সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহ।

শ্ৰেষ্ঠ প্ৰদৰ্শন

পঢ়িবলৈ ক্লিক কৰক 

অধিক নিমখ খালে দেহত দেখা দিয়ে এনে লক্ষণ