শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক সাংস্কৃতিক সন্ত্ৰাসবাদী আখ্যা কবি নীলিম কুমাৰৰ…
Zubeen Garg: শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সাংস্কৃতিক সন্ত্ৰাসবাদী আখ্যা কবি নীলিম কুমাৰৰ। তেওঁ কয় যে, সেই সন্ত্ৰাসবাদীৰ পৰিয়ালটো মুখ্যমন্ত্ৰীৰ লগতেই উঠা বহা কৰে।
শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা সাংস্কৃতিক সন্ত্ৰাসবাদী-এই মন্তব্য কবি নীলিম কুমাৰৰ। তেওঁ কয় যে, জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়ি সন্ত্ৰাসবাদীৰ লিডাৰজন কোন ? কাৰ লগত উঠা বহা কৰে এই দুই সন্ত্ৰাসবাদী ? সন্ত্ৰাসবাদীৰ পৰিয়ালটো মুখ্যমন্ত্ৰীৰ লগতেই উঠা বহা কৰে ।
তেওঁ আৰু কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত বিচাৰ ব্যবস্থাৰ ওপৰত আস্থা ৰখাটো ভাল। কিন্তু বৰ্তমান সাধাৰণ লোকৰ ক্ষেত্ৰত ন্যায় পোৱাটো তেনেই আশা ক্ষীণ দেখিছো । জোনমণি ৰাভাই আজিও ন্যায় নোপোৱাৰ লেখীয়া এইসকল সন্ত্ৰাসবাদীও সাৰি যাব।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শেহতীয়াকৈ চিআইডিয়ে বিএনএছ ১০৩ ধাৰা সংযোজন কৰিছে। হত্যাৰ গোচৰত এই ধাৰা সংযোজন কৰা হয়। এই সমগ্ৰ গোচৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা।