পুষ্টিৰ অভাৱত মেদবহুলতা আৰু ডায়েবেটিছ হয় নেকি ? গৱেষণাই কি কয়?
নতুন গৱেষণা আৰু বিশেষজ্ঞৰ মতে, পুষ্টিৰ অভাৱত মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। মাতৃ আৰু শিশুৰ ওপৰত পুষ্টিহীনতাৰ প্ৰভাৱেও এই সমস্যাত অৰিহণা যোগায়।

পুষ্টিহীনতাৰ অৰ্থ এতিয়া কেৱল দুৰ্বল শৰীৰ নহয়। নতুন গৱেষণা আৰু বিশেষজ্ঞৰ মতে, পুষ্টিৰ অভাৱত মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে বঞ্চিত লোকসকলে প্ৰায়ে সস্তীয়া চেনি আৰু চৰ্বিযুক্ত খাদ্য খায়, য’ত পৰ্যাপ্ত পুষ্টিৰ অভাৱ দেখা যায়। ইয়াৰ ফলত ওজন বৃদ্ধি পায় আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। মাতৃ আৰু শিশুৰ ওপৰত পুষ্টিহীনতাৰ প্ৰভাৱেও এই সমস্যাত অৰিহণা যোগায়। যদি এগৰাকী মাতৃ পুষ্টিহীনতাত ভুগি থাকে তেন্তে ভৱিষ্যতে তেওঁৰ সন্তানৰ মেদবহুলতা আৰু বিপাকীয় সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পায়।
ডাঃ ৰাজীৱ জয়দেশন আৰু ডাঃ সঞ্জীৱ গালাণ্ডে লে কয় যে, পুষ্টিহীনতাৰ বাবে মেদবহুলতা আৰু ডায়েবেটিছ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল বিপাকীয় ক্ৰিয়াত অসুবিধা হোৱা। শৰীৰত পৰ্যাপ্ত পুষ্টিৰ অভাৱ হ’লে বিপাকীয় প্ৰক্ৰিয়াটো প্ৰভাৱিত হয় আৰু ক্ৰমান্বয়ে লেহেমীয়া হয়। এই পৰিস্থিতিত শৰীৰে “শক্তি-সঞ্চয় মোড”লৈ যায়, অৰ্থাৎ যিমানেই কম শক্তি লাভ কৰে, তেতিয়া খৰচ কৰাৰ পৰিৱৰ্তে ইয়াক সঞ্চয় কৰি চৰ্বি হিচাপে জমা কৰিবলৈ আৰম্ভ কৰে যাতে ভৱিষ্যতে শক্তিৰ অভাৱৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু এই প্ৰক্ৰিয়াই দীৰ্ঘম্যাদীভাৱে সমস্যাটো আৰু অধিক ভয়াৱহ কৰি তোলে।
পিছলৈ এনে লোকে যেতিয়া উচ্চ কেলৰিযুক্ত খাদ্য, যেনে চেনি আৰু চৰ্বিযুক্ত সস্তীয়া ফাষ্ট ফুড খাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকৰ শৰীৰে সেই অতিৰিক্ত শক্তি আৰু অধিক দ্ৰুতগতিত চৰ্বি হিচাপে জমা কৰি ৰাখে। যদি ইয়াৰ লগত বেয়া জীৱনশৈলী থাকে তেন্তে মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায়।
চেল মেটাবলিজম আলোচনীত প্ৰকাশিত এক অধ্যয়নত ভাৰতীয় গৱেষকসকলে এন্দুৰৰ ওপৰত পুষ্টিহীনতাৰ প্ৰভাৱ বুজিবলৈ চেষ্টা কৰিছিল। ৫০ প্ৰজন্মৰ ভিতৰত এন্দুৰক বিভিন্ন খাদ্য খুৱাইছিল। দীৰ্ঘদিনীয়া অপুষ্টিকৰ খাদ্য গ্ৰহণ কৰা এন্দুৰবোৰে কেইবাটাও পৰিৱৰ্তন প্ৰদৰ্শন কৰিছিল। ইনচুলিনৰ মাত্ৰা অধিক, আনহাতে ভিটামিন বি ১২ আৰু ফলেটৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান হ্ৰাস পাইছিল।
এই পৰিৱৰ্তন কেৱল সেই এন্দুৰবোৰতে নহয়, পৰৱৰ্তী দুটা প্ৰজন্মতো টিকি থাকিল। অৰ্থাৎ এই এন্দুৰবোৰক পিছলৈ স্বাভাৱিক, সুষম খাদ্য খুৱাইলেও পুষ্টিহীনতাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাছিল।
এই গৱেষণাই প্ৰমাণ কৰে যে, পুষ্টিহীনতাই শৰীৰক শক্তি সংৰক্ষণ আৰু চৰ্বি জমা কৰিবলৈ বাধ্য কৰে। এই অৱস্থাত মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে, শৈশৱৰ পুষ্টিহীনতাই ভৱিষ্যত প্ৰজন্মৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাব পাৰে।
নিয়মিত ব্যায়াম, স্বাস্থ্যসন্মত খাদ্য, নিয়মিত স্বাস্থ্য পৰীক্ষা আদিয়ে মেদবহুলতা আৰু ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।