শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৰীৰত মেগনেছিয়ামৰ অভাৱত কি কি সমস্যাৰ সৃষ্টি হয়? জানক সকলো…

শৰীৰৰ বাবে মেগনেছিয়াম অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱে ডাঙৰ সমস্যা সৃষ্টি কৰিব পাৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

শৰীৰত মেগনেছিয়ামৰ অভাৱত কি কি সমস্যাৰ সৃষ্টি হয়? জানক সকলো…
মেগনেছিয়ামImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 17 Jul 2025 13:03 PM

মেগনেছিয়াম এবিধ ক্ষুদ্ৰ খনিজ, কিন্তু যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেতিয়া ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ অভাৱৰ ফলত ভাগৰুৱা, পেশীৰৰ বিষ, অনিয়মিত হৃদস্পন্দন আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। অৱশ্যে সঠিক খাদ্যাভ্যাস, সুষম জীৱনশৈলী আৰু সময়োপযোগী চিকিৎসাৰ পৰামৰ্শৰ দ্বাৰা এই অভাৱ দূৰ কৰিব পাৰি।

মেগনেছিয়াম আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ খনিজ যিয়ে হাড়ৰ শক্তি, পেশীৰ বিকাশৰ সঠিক গতি, হৃদস্পন্দন আৰু স্নায়ুতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱন আৰু খাদ্যাভ্যাসৰ দুৰ্বলতাৰ বাবে বহু লোকে মেগনেছিয়ামৰ অভাৱত ভোগে।

মেগনেছিয়ামৰ অভাৱৰ আঁৰত বহু কাৰণ থাকিব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল খাদ্যাভ্যাসৰ বেয়া অভ্যাস অৰ্থাৎ সেউজীয়া শাক-পাচলি, বাদাম, ফলমূলৰ অভাৱ হোৱা খাদ্য। দ্বিতীয়টো কাৰণ হ’ল অতি প্ৰচেছড খাদ্য খোৱা, য’ত অতি কম পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে।

পেটৰ ৰোগতো মেগনেছিয়ামৰ অভাৱ

পেটৰ ৰোগ যেনে আই বি এছ, দীৰ্ঘদিনীয়া ডায়েৰিয়া বা চিলিয়াক ৰোগো মেগনেছিয়াম অভাৱৰ লক্ষণ হব পাৰে। কিছুমান মানুহে বিভিন্ন ঔষধ বা এন্টিবায়টিক গ্ৰহণ কৰাৰ ফলতো ইয়াৰ অভাৱ হয়।

কি প্ৰভাৱ পৰে

আৰম্ভণিতে ইয়াৰ অভাৱৰ লক্ষণবোৰ অতি সাধাৰণ যেন লাগিব পাৰে। ইয়াৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • ভাগৰুৱা,
  • ভোকহীনতা,
  • পেশীৰ টান বা ক্ৰেম্প।
  • সময়মতে ইয়াৰ অভাৱ দূৰ নহলে বহু গুৰুতৰ সমস্যাৰ ৰূপ ল’ব পাৰে।

মেগনেছিয়ামৰ অভাৱ এইসমূহ সমস্যা হ’ব পাৰে-

  • ব্যক্তিজন খিংখিঙীয়া,
  • টোপনিত অসুবিধা,
  • হৃদস্পন্দনত অনিয়ম অনুভৱ কৰিব পাৰে,
  • পেশীৰ ক্ৰেম্প,
  • হাত-ভৰিৰ টিংটিং শব্দ,
  • ৰক্তচাপ বৃদ্ধি,
  • হাড় দুৰ্বল হোৱা,
  • থাইৰয়ড বা ডায়েবেটিছ আদি।

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে দীৰ্ঘদিন ধৰি মেগনেছিয়ামৰ অভাৱত হতাশা আৰু মাইগ্ৰেইনৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ লগতে শৰীৰৰ কেলচিয়াম আৰু পটাছিয়ামৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ আৰু পেশীত বেয়া প্ৰভাৱ পৰে।

 চিকিৎসা কি?

  •  খাদ্য তালিকাত সেউজীয়া  শাক-পাচলি অন্তৰ্ভুক্ত কৰক,
  • ড্ৰাই ফ্ৰুট খাওক
  • গোটা শস্য
  • দাইল আদি।
  • অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ লব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, আপোনাৰ যদি কিবা ৰোগ আছে বা কোনো ঔষধ সেৱন কৰি আছে তেন্তে পৰিপূৰক গ্ৰহণ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰোপৰি পৰীক্ষা নকৰাকৈ পৰিপূৰক গ্ৰহণ নকৰিব, কাৰণ অত্যাধিক মেগনেছিয়ামে ক্ষতি কৰিবও পাৰে।

 

অন্য খবৰ পঢ়কঃ খোজ কঢ়াত অসুবিধা পাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…