এনে ৰোগসমূহৰ বাবে কেলচিয়ামৰ অভাৱ হ’ব পাৰে দেহত, বিশেষজ্ঞই প্ৰকাশ কৰিছে এনে মত…
উপযুক্ত পৰিমাণৰ কেলচিয়াম নাপালে হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু কেতিয়াবা এই দুৰ্বলতা চিৰদিনৰ বাবে থাকিব পাৰে। সেয়ে সকলো বয়সৰ লোকে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

দেহৰ প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কেলচিয়াম অন্যতম। কেলচিয়ামে দেহৰ হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰাৰ লগতে পেশীৰ শক্তি, হৃদস্পন্দন আৰু স্নায়ুৰ সঠিক কাম-কাজৰ বাবেও অতি প্ৰয়োজনীয়। শৰীৰত থকা মুঠ কেলচিয়ামৰ প্ৰায় ৯৯% হাড় আৰু দাঁতত পোৱা যায়, বাকী ১% তেজ, পেশী আৰু কোষত থাকে। উপযুক্ত পৰিমাণৰ কেলচিয়াম নাপালে হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু কেতিয়াবা এই দুৰ্বলতা চিৰদিনৰ বাবে থাকিব পাৰে। সেয়ে সকলো বয়সৰ লোকে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
দিল্লীস্থিত মেক্স হাস্পতালৰ অৰ্থপেডিক বিভাগৰ মুৰব্বী ডাঃ অখিলেশ যাদৱে জানিবলৈ দিয়া মতে শৰীৰত কেলচিয়ামৰ পৰিমাণ হ্ৰাস পালে ইয়াৰ প্ৰভাৱ প্ৰথমে হাড় আৰু দাঁতত দেখা যায়। কেলচিয়ামৰ অভাৱত হাড়বোৰ দুৰ্বল হৈ পৰে, যাৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। দাঁতৰ ক্ষয়, আঁঠুৰ সমস্যা আৰু পেশী টানি ধৰা আদিও হ’বলৈ আৰম্ভ কৰে।
ইয়াৰ সমান্তৰালকৈ ভাগৰুৱা অনুভৱ কৰা, হাত-ভৰিৰ জিনজিননি, অস্বাভাৱিক হাৰত হৃদস্পন্দন হোৱা আৰু টোপনিৰ অসুবিধা আদি সমস্যাও কেলচিয়ামৰ অভাৱৰ লগত জড়িত হ’ব পাৰে। কেতিয়াবা কেলচিয়ামৰ অভাৱ কেৱল পুষ্টিৰ বাবেই নহয়, কিছুমান ৰোগৰ বাবেও হ’ব পাৰে। এনে পৰিস্থিতিত কোনবোৰ ৰোগে শৰীৰত কেলচিয়ামৰ অভাৱ ঘটাব পাৰে, জানো আহক।
হাইপোপেৰাথাইৰয়ডিজমঃ এই ৰোগ হ’লে পেৰাথাইৰয়ড গ্ৰন্থিবোৰে পৰ্যাপ্ত পৰিমাণৰ পেৰাথৰ্মন উৎপন্ন নকৰে, যাৰ বাবে শৰীৰত কেলচিয়ামৰ মাত্ৰা কমি যায়। এনে পৰিস্থিতিত পেশী টানি ধৰা, হাত-ভৰিৰ জিনজিননি, ছাল শুকান হোৱা আৰু চুলি সৰা আদি লক্ষণ হ’ব পাৰে।
ভিটামিন ডিৰ অভাৱঃ ভিটামিন ডি– এ কেলচিয়াম শোষণত সহায় কৰে। ইয়াৰ অভাৱৰ বাবে খাদ্য সঠিক হ’লেও শৰীৰে প্ৰয়োজনীয় কেলচিয়াম লাভ নকৰে। হাড়ৰ বিষ, ভাগৰুৱা, দুৰ্বলতা ইত্যাদি ভিটামিন ডিৰ অভাৱৰ লক্ষণ।
দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগঃ বৃক্কই কেলচিয়াম আৰু ফছফৰাছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। বৃক্ক দুৰ্বল হ’লে এই ভাৰসাম্য বিঘ্নিত হয়, যাৰ ফলত কেলচিয়ামৰ অভাৱ হ’ব পাৰে। বৃক্কৰ ৰোগৰ লক্ষণসমূহ হ’ল– হাত-ভৰি ফুলা, ভাগৰুৱা হোৱা, সঘনাই প্ৰস্ৰাৱ কৰা, ভোক নলগা আৰু হাড়ৰ দুৰ্বলতা।
পেনক্ৰিয়াটাইটিছঃ অগ্নাশয়ৰ প্ৰদাহৰ সময়ত কেলচিয়াম চৰ্বিৰ লগত মিহলি হয় আৰু শৰীৰত শোষিত নহয়। ফলত দেহে ভালদৰে কেলচিয়াম লাভ নকৰে। এই পেনক্ৰিয়াটাইটিছৰ লক্ষণসমূহ হ’ল– পেটৰ ওপৰৰ অংশত তীব্ৰ বিষ, বমি, জ্বৰ আৰু পাচনতন্ত্ৰৰ সমস্যা।
চিলিয়াক ৰোগ আৰু ক্ৰ’ন’ছ ৰোগঃ এই অন্ত্ৰৰ ৰোগে পুষ্টিকৰ পদাৰ্থ শোষণত ব্যাঘাত জন্মায়, যাৰ ফলত কেলচিয়ামৰ অভাৱ হ’ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হ’ল ডায়েৰিয়া, পেট ফুলা, ওজন কমি যোৱা, দুৰ্বলতা আৰু শৰীৰত খাদ্যৰ অভাৱ।
কিছুমান ঔষধৰ সেৱনঃ কেমোথেৰাপি ঔষধৰ দৰে কিছুমান ঔষধ দীৰ্ঘদিন ধৰি খালে কেলচিয়ামৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল হাড়ৰ বিষ, ভাগৰুৱা আৰু পেশীৰ দুৰ্বলতা।
কিদৰে আপুনি এই সমস্যা প্ৰতিৰোধ কৰিব, চাওক–
কেলচিয়াম সমৃদ্ধ খাদ্য যেনে গাখীৰ, দৈ, পনিৰ, সেউজীয়া পাতৰ শাক-পাচলি, ছয়াবিন আৰু ড্ৰাই ফ্ৰুটছ দৈনিক গ্ৰহণ কৰক।
ভিটামিন ডিৰ বাবে দৈনিক পুৱাৰ সূৰ্যৰ পোহৰ গাত পেলাব লাগে বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰক গ্ৰহণ কৰিব লাগে।
ৰোগৰ লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।
অত্যধিক কেফেইন গ্ৰহণৰ পৰা বিৰত থকাৰ লগতে সুৰা আৰু ধূমপান পৰিহাৰ কৰক। কিয়নো এইবোৰে কেলচিয়াম শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে।
শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব, কাৰণ সঠিক হাইড্ৰেচনে খনিজ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।