শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Liver: লিভাৰৰ সমস্যা হৈছে নেকি? ৬টা প্ৰাৰম্ভিক লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

Liver Problem Symptoms: যকৃতৰ সমস্যা আজিৰ সময়ত গুৰুতৰ হৈ পৰিছে। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকললৈ বিভিন্নজনে এই ৰোগত আক্ৰান্ত। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

Liver: লিভাৰৰ সমস্যা হৈছে নেকি? ৬টা প্ৰাৰম্ভিক লক্ষণ কি, জানক চিকিৎসকৰ পৰা…
যকৃতৰ সমস্যাৰ লক্ষণImage Credit source: pixel
barasha-sarma
Barasha Sarma | Published: 16 Dec 2025 17:08 PM

আজিকালি প্ৰায়ভাগ মানুহৰে যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। কিন্তু আপুনি জানেনে, যেতিয়া যকৃত (Liver Problem)ৰ সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু কেতিয়াবা সৰু সৰু লক্ষণবোৰ মানুহে আওকাণ কৰে। গতিকে ইয়াৰ লক্ষণবোৰ জনা দৰকাৰ। লক্ষণবোৰ জানি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত সবিশেষ জনাইছে কৈলাশ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক মানস চেটাৰ্জীয়ে

যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই খাদ্য হজম কৰাত সহায় কৰাৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। লগতে ই তেজ বিশুদ্ধ কৰে আৰু বহুতো প্ৰয়োজনীয় ভিটামিন আৰু প্ৰটিন উৎপন্ন কৰে। যদি লিভাৰে সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰত বিভিন্ন সমস্যা হয়। গতিকে লিভাৰ সদায় সুস্থ কৰি ৰখা প্ৰয়োজন।

লক্ষণ

চিকিৎসক মানস চেটাৰ্জীয়ে কয় যে, যকৃতৰ ক্ষতি হ’লে প্ৰাৰম্ভিক অৱস্থাত কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ প্ৰথম অৱস্থাত আওকাণ কৰে। যাৰ বাবে সমস্যা গুৰুতৰ হৈ পৰে। গতিকে ইয়াৰ লক্ষণসমূহ জনা দৰকাৰ।

ক্লান্তি আৰু দুৰ্বলতাঃ যদি আপুনি সকলো সময়তে ভাগৰ আৰু দুৰ্বল অনুভৱ কৰি থাকে তেন্তে ই যকৃতৰ সমস্যাৰ প্ৰাৰম্ভিক ইংগিত হ’ব পাৰে। কোনো কাম নকৰাকৈ, বা আৰাম লোৱাৰ পাছতো বাৰে বাৰে ভাগৰ আৰু দুৰ্বল লাগি থাকিব পাৰে। যকৃতে ভালদৰে কাম নকৰিলে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়, যাৰ ফলত এনে সমস্যা হয়।

ভোক কম আৰু পেট বিষঃ যকৃতৰ সমস্যা হ’লে ক্ৰমান্বয়ে ভোক কমি যায়। খাবলৈ মন নাযায়, কেতিয়াবা পেট ফুলা, গধুৰতা, গেছ, বমি আদি অনুভৱ হয়। লিভাৰে খাদ্য হজম কৰাত অসুবিধা পালে এনে হয়।

পেটৰ ওপৰৰ অংশত বিষঃ যদি আপোনাৰ পেটৰ ওপৰৰ অংশত সামান্য বিষ বা হেঁচা অনুভৱ কৰে তেন্তে এয়া যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এই বিষ সোঁফালে হয়। যকৃতৰ প্ৰদাহৰ বাবে এনে হ’ব পাৰে।

ছাল আৰু চকু হালধীয়াঃ যেতিয়া যকৃতৰ ক্ষতি বাঢ়ি যায় তেতিয়া বিলিৰুবিন নামৰ ৰঞ্জক পদাৰ্থ এটা শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত চকু আৰু ছাল হালধীয়া দেখা যায়। ইয়াক জণ্ডিচ বুলি কয়। এই সময়চোৱাত প্ৰস্ৰাৱ হালধীয়া হোৱাও দেখা যায়।

খজুৱতি আৰু ছালৰ পৰিৱৰ্তনঃ যকৃতৰ সমস্যাৰ ফলত শৰীৰত পিত্তৰ নিমখ জমা হয়, যাৰ ফলত কেতিয়াবা ছালত খজুৱতি হ’ব পাৰে। বিশেষকৈ নিশা এই খজুৱতি হ’ব পাৰে। যদি এলাৰ্জিৰ সমস্যা নথকাকৈ এনে লক্ষণ দেখা দিয়ে তেন্তে সাৱধান হ’ব।

ওজন কমাঃ  যদি হঠাতে শৰীৰৰ ওজন কমি যায় তেন্তে ই চিন্তাৰ কাৰণ হ’ব পাৰে। যকৃতৰ কাম বন্ধ হৈ গ’লে শৰীৰে সঠিকভাৱে খাদ্য হজম কৰিব নোৱাৰে। এনে অৱস্থাত ওজন কমি যায়।

কাৰণ

অতিৰিক্ত মদ্যপান, জীৱনশৈলী, খাদ্য, অত্যধিক তেল- মচলাযুক্ত খাদ্য, টেঙা, চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খোৱা, হেপাটাইটিছ ভাইৰাছ, মেদবহুলতা আদিৰ বাবে যকৃতৰ সমস্যা হ’ব পাৰে।

সুস্থ ৰখাৰ উপায়

  • ভাল জীৱনশৈলী।
  • খাদ্যভাস।
  • ব্যায়াম।
  • মদ্যপান ত্যাগ কৰক।
  • অত্যধিক ঔষধ পৰিহাৰ কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ এই বিশেষ কণীয়ে বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা! জানক বিশেষজ্ঞৰ পৰা…