টোপনিৰ অভাৱতো হ’ব পাৰে ডায়েবেটিছ বৃদ্ধিঃ শৰীৰত কিদৰে প্ৰভাৱ পৰে, চাওক
আমাৰ শৰীৰত হৰম’ন, মগজু আৰু তেজৰ চেনিৰ মাত্ৰাৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। যদি এই সংযোগৰ অৱনতি ঘটে, তেতিয়া স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।

ডায়েবেটিছৰ সমস্যা সম্প্ৰতি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। সাধাৰণতে বহুলোকৰে মনত এক ভুল ধাৰণা আছে যে কেৱল খাদ্যৰ বাবেহে এই ডায়েবেটিছ ৰোগ হয়। প্ৰকৃততে এয়া সঁচা নহয়। ডায়েবেটিছৰ আন বহু কাৰণ আছে। এনে কাৰণৰ ভিতৰত টোপনিৰ অভাৱ অন্যতম। বৰ্তমান সময়ত টোপনিৰ সমস্যা বা নিদ্ৰাহীনতা বহুলোকৰ ক্ষেত্ৰত দেখা যায়। ব্যস্ত জীৱনশৈলী, অত্যধিক মানসিক চাপৰ ফলত এই সমস্যা যথেষ্ট বৃদ্ধি পাইছে।
আমাৰ শৰীৰত হৰম’ন, মগজু আৰু তেজৰ চেনিৰ মাত্ৰাৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। যদি এই সংযোগৰ অৱনতি ঘটে, তেতিয়া স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। দিল্লীৰ আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ পুলিন কুমাৰে কয় যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায়, তেতিয়া শৰীৰত ষ্ট্ৰেছ হৰম’ন অৰ্থাৎ কৰ্টিছল বৃদ্ধি পাবলৈ আৰম্ভ কৰে।
এই হৰম’নে পোনপটীয়াকৈ তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত প্ৰথম অৱস্থাত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব বা স্বভাৱ খিংখিঙীয়া হৈ পৰিব পাৰে। কিন্তু ভিতৰি ভিতৰি ইতিমধ্যে আপোনাৰ চেনিৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। এই কাৰণেই নিৰন্তৰ টোপনিৰ অভাৱত ডায়েবেটিছৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।
ইয়াৰ উপৰিও টোপনিৰ অভাৱে ইনচুলিনৰ সংবেদনশীলতাও হ্ৰাস কৰে। ইনচুলিন হৈছে খাদ্যৰ পৰা পোৱা চেনি শক্তিলৈ ৰূপান্তৰিত কৰা হৰম’ন। যেতিয়া টোপনি কমি যায়, তেতিয়া শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ফলত তেজত চেনি জমা হ’বলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত আপুনি সকলো স্বাভাৱিক অনুভৱ কৰিলেও লাহে লাহে এই অভ্যাসে টাইপ ২ ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে।
টোপনিৰ অভাৱৰ আন এক ডাঙৰ প্ৰভাৱ পৰে ভোকত। টোপনিৰ অভাৱৰ বাবে শৰীৰত ঘ্ৰেলিন (ভোক বৃদ্ধি কৰা হৰম’ন) অধিক উৎপাদন হ’বলৈ আৰম্ভ কৰে আৰু লেপ্টিন (ভোক নিয়ন্ত্ৰণ কৰা হৰম’ন) কমি যায়। অৰ্থাৎ টোপনিৰ অভাৱত বাৰে বাৰে খাবলৈ বাধ্য হয়, বিশেষকৈ মিঠাই আৰু জাংক ফুড জাতীয় খাদ্য বেছিকৈ খোৱা হয়। এনে পৰিস্থিতিত তেজৰ চেনিৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়।
কেৱল এয়াই নহয়, টোপনি কম হ’লে শৰীৰে নিশা সঠিকভাৱে নিজৰ কাম কৰিব নোৱাৰে। পেশী আৰু যকৃতে গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ বাবে পুৱা সাৰ পোৱাৰ লগে লগে চেনিৰ মাত্ৰা অস্বাভাৱিক হৈ পৰিব পাৰে। এই কাৰণেই ডায়েবেটিছ ৰোগীক চিকিৎসকে সদায় পৰ্যাপ্ত টোপনি ল’বলৈ পৰামৰ্শ দিয়ে।