দুই ফুটা নহৰুৱে বঢ়াব আপোনাৰ শক্তি, নহৰুৰ আচৰিত গুণৰ বিষয়ে জানো আহক!
পুৱাই খাওক দুই ফুটা নহৰু, কেইদিনমানৰ ভিতৰতে দেখিব চমৎকাৰ। নহৰুৰ আচৰিত গুণৰ বিষয়ে জানো আহক!
নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা প্ৰদান কৰে। মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু। মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও নহৰুত ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়। যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয়। কেঁচা নহৰু খালে আৰু কি কি উপকাৰ হয় সেই বিষয়েও জানো আহক।
নহৰুৰ উপকাৰিতা-
- হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হ’ব নিদিয়ে৷
- নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে৷
- উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক৷
- তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷
- দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয়৷
- কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ,
মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷ - ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়৷
- পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷
- নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে৷
- মাহেকীয়া হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে৷
- ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী৷
- হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী৷
- চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক৷
- লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়৷
কেঁচা নহৰু খোৱাৰ উপযুক্ত সময় হ’ল ৰাতিপুৱা। ৰাতিপুৱা সোনকালে খালী পেটত খালে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব। প্ৰতিদিনে পুৱা ২ টা নহৰু খাব পাৰি। ৰাতি শুই উঠাৰ আগতে ২ টা নহৰু পানীত তিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। কিন্তু যদি আপোনাৰ কোনো এলাৰ্জী আছে বা কোনো ঔষধ খাই আছে তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিছত কেঁচা নহৰু সেৱন কৰক।