শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাহেকীয়াৰ সৈতে জড়িত কিছু ভ্ৰান্ত ধাৰণা, যিবোৰ সহজে বেছিভাগ ছোৱালীয়ে বিশ্বাস কৰে

ঋতুস্ৰাৱ বা মাহেকীয়া মহিলাৰ শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু ইয়াৰ পিছতো সমাজত বহুতো মিছা আৰু ভুল ধাৰণা প্ৰচলিত হৈ আছে। আজিও বহু ছোৱালী আৰু মহিলাই সেইবোৰ কথা বিশ্বাস কৰে। কিন্তু এইবোৰ আঁতৰোৱাৰ প্ৰয়োজন আছে।

মাহেকীয়াৰ সৈতে জড়িত কিছু ভ্ৰান্ত ধাৰণা, যিবোৰ সহজে বেছিভাগ ছোৱালীয়ে বিশ্বাস কৰে
কিয় একাংশ মহিলাৰ PCOS ৰ সমস্যাই দেখা দিয়ে?
barasha-misra
Barasha Misra | Published: 15 Mar 2025 10:11 AM

ঋতুস্ৰাৱ নাৰীৰ শৰীৰত ঘটা এক স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু ইয়াৰ পিছতো সমাজত বহু ভ্ৰান্ত ধাৰণা বিয়পি আছে। আজিও বহু ছোৱালী আৰু মহিলাই এনেকুৱা বস্তুত বিশ্বাস কৰে যিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এই ভুল বুজাবুজিৰ বাবে বহু সময়ত তেওঁলোকে শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

আজি আমি আপোনালোকক মাহেকীয়াৰ লগত জড়িত কিছুমান ভুল ধাৰণাৰ বিষয়ে ক’ম, যিবোৰ মানুহে চিন্তা নকৰাকৈয়ে বিশ্বাস কৰে। যদি আপুনিও এইবোৰ কথাত বিশ্বাস কৰে, তেন্তে এতিয়া সময় আহি পৰিছে আপুনি সত্য জানিবলৈ আৰু এই ভুল ধাৰণাবোৰ আঁতৰাই পেলাবলৈ।

মাহেকীয়াৰ সময়ত গা ধুব নালাগে

বহুতে বিশ্বাস কৰে যে, মাহেকীয়াৰ সময়ত গা ধুলে তেজৰ সোঁত বৃদ্ধি পায় বা স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কিন্তু সত্যটো হ’ল এই সময়ত কুহুমীয়া পানীৰে গা ধুলে শৰীৰত শিথিলতা অনুভৱ হয় আৰু লগতে বিষ কম হয়।

মাহেকীয়াৰ সময়ত পাকঘৰত যাব নালাগে

কোনো কোনো ঠাইত মহিলাসকলে পিৰিয়ডৰ সময়ত পাকঘৰলৈ যোৱা বা ৰন্ধা-বঢ়া কৰাত নিষেধাজ্ঞা আৰোপ কৰে, যদিও ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। আগৰ দিনত মানুহে কিছু চিন্তাৰে এই পৰম্পৰা আৰম্ভ কৰিছিল যিটো পিছলৈ ৰক্ষণশীল চিন্তালৈ পৰিণত হৈছিল যিটো সলনি কৰাৰ প্ৰয়োজন আছে।

ব্যায়াম কৰাটো উচিত নহয়

বহু ছোৱালীৰ মতে মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰিলে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। কিন্তু লঘু ব্যায়াম আৰু যোগাসন কৰিলে শৰীৰত সঠিক ৰক্ত সঞ্চালন বজাই ৰখাত সহায় কৰে। লগতে বিষৰ পৰাও সকাহ দিয়ে।

মাহেকীয়াৰ সময়ত চুলি ধুব নালাগে

বহুতে বিশ্বাস কৰে যে, এই সময়ত চুলি ধুলে মূৰৰ বিষ হ’ব পাৰে বা স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, কিন্তু তেনেকুৱা একো নহয়। এই সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু নিজকে সতেজ অনুভৱ কৰি ৰখাটো অতি প্ৰয়োজনীয়।

মাহেকীয়াৰ সময়ত পেটৰ বিষ হোৱাটো স্বাভাৱিক

এইটো সঁচা যে মাহেকীয়াৰ সময়ত সামান্য বিষ হয়, কিন্তু যদি বিষ বেছি হয় বা সাধাৰণতকৈ বেছি দিন থাকে তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বিয়াৰ পিছতহে মাহেকীয়া নিয়মীয়া হয়

এইটোও এটা ভুল ধাৰণা যে বিয়াৰ পিছত পিৰিয়ড স্বয়ংক্ৰিয়ভাৱে নিয়মীয়া হৈ পৰে। অনিয়মিত মাহেকীয়া বহু কাৰণৰ ওপৰত নিৰ্ভৰ কৰে, যেনে হৰম’নৰ ভাৰসাম্যহীনতা, মানসিক চাপ, খাদ্যাভ্যাস বেয়া হোৱা ইত্যাদি।