শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শীতকালত আপোনাকো জুৰুলা কৰে নেকি মাইগ্ৰেনৰ সমস্যাই? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

শীতকালত সাধাৰণতে ব্যক্তিৰ দেহত বিভিন্ন ধৰণৰ ঋতুভিত্তিক ৰোগৰ সংক্ৰমণ দেখা যায়। এই ঋতুভিত্তিক ৰোগসমূহৰ লগতে আন কিছুমান ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। এই সময়ছোৱাত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ দৰে সমস্যা বাঢ়ি যোৱা দেখা যায়। এনে সমস্যাৰ পৰা সকাহ লাভৰ বাবে চিকিৎসকে আগবঢ়োৱা কিছু পৰামৰ্শৰ বিষয়ে চাওঁ আহক।

শীতকালত আপোনাকো জুৰুলা কৰে নেকি মাইগ্ৰেনৰ সমস্যাই? চাওক বিশেষজ্ঞৰ পৰামৰ্শ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 25 Jan 2025 08:15 AM

শীতকালত সাধাৰণতে ব্যক্তিৰ দেহত বিভিন্ন ধৰণৰ ঋতুভিত্তিক ৰোগৰ সংক্ৰমণ দেখা যায়। এই ঋতুভিত্তিক ৰোগসমূহৰ লগতে আন কিছুমান ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। এই সময়ছোৱাত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ দৰে সমস্যা বাঢ়ি যোৱা দেখা যায়। মাইগ্ৰেইনত আক্ৰান্ত লোকসকলৰ সমস্যা এই বতৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বতৰৰ প্ৰভাৱৰ লগতে বহু সময়ত অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু টোপনিৰ অভাৱতো মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ’ব পাৰে। এই সমস্যাই ব্যক্তিক কিদৰে জুৰুলা কৰিব পাৰে, সেয়া সকলোৰে জ্ঞাত।

যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে ইয়াৰ আঁৰৰ কাৰণ কি আৰু এই সমস্যা কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। শীতকালত শৰীৰৰ ৰক্তবাহী নলীবোৰ সংকুচিত হ’ব পাৰে, ইয়াৰ ফলত মগজুলৈ অক্সিজেন সঠিকভাৱে পৰিবাহী নহয়। ইয়াৰ ফলত মূৰৰ বিষ তথা মাইগ্ৰেইন হয়। শীতকালত সূৰ্যৰ পোহৰ কম হয়, যাৰ বাবে শৰীৰত চেৰ’টনিন হৰম’নৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে।

এই চেৰ’টনিন হ্ৰাস কৰিলেও মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাব পাৰে। হিটাৰ বেছিকৈ চলালেও এই সমস্যাৰ সৃষ্টি হ’ব পাৰে। কৌশাম্বীৰ যশোদা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা স্নায়ু বিশেষজ্ঞ ডাঃ সুমন্ত চেটাৰ্জীয়ে মাইগ্ৰেইনৰ পৰা ৰক্ষাৰ কিছু দিহা আগবঢ়াইছে। মাইগ্ৰেইনৰ পৰা হাত সাৰিবলৈ দেহ হাইড্ৰেটেড কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ জানিবলৈ দিছে আৰু ইয়াৰ বাবে দিনটোত কমেও সাত গিলাচ পানী খোৱাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে।

ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কাণ আৰু মূৰ ভালদৰে ঢাকি ৰাখিব লাগে বুলিও তেওঁ লগতে কয়। মাইগ্ৰেইন ৰোগীয়ে ঠাণ্ডা বতাহৰ পৰা আঁতৰি থাকিব লাগে বুলিও তেওঁ পৰামৰ্শ আগবঢ়াইছে। অত্যধিক পৰিমাণৰ জাংক ফুড আৰু কেফেইন খালে মূৰৰ বিষ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে চিকিৎসকগৰাকীয়ে। তাৰ পৰিৱৰ্তে খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাৰ লগতে ঋতু অনুসৰি ফল-মূল খাবলৈয়ো তেওঁ পৰামৰ্শ দিছে।

সমান্তৰালকৈ পুৱা যোগাসন বা লঘু ব্যায়াম কৰিলে মাইগ্ৰেইনৰ সম্ভাৱনা হ্ৰাস পাব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। প্ৰতিদিনে একে সময়তে শোৱা আৰু টোপনিৰ পৰা উঠাৰ অভাসো মাইগ্ৰেইন প্ৰতিৰোধৰ এক ফলপ্ৰসূ উপায়। এই সমস্যাত আক্ৰান্ত লোকসকলে সুৰা আৰু ধূমপান পৰিহাৰ কৰিব লাগে। অৱশ্যে এনে চেষ্টাৰ পিছতো মাইগ্ৰেইনে বাৰে বাৰে আমনি কৰি থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়।