উপকাৰী গুণেৰে ভৰপূৰ আমঃ পিছে এদিনত কিমান পৰিমাণৰ আম খাব লাগে জানেনে?
সোৱাদেৰে সমৃদ্ধ হোৱাৰ লগতে আমত বহুতো পুষ্টিকৰ উপাদানো থাকে। অৱশ্যে আন যিকোনো বস্তুৰ দৰে আমো সঠিক পৰিমাণে খোৱা উচিত। গতিকে দিনটোত কিমান আম খাব লাগে আৰু কোন সময়ত খোৱাটো ভাল সেই কথা জনাটো অতি প্ৰয়োজনীয়।

গ্ৰীষ্মৰ বতৰত এতিয়া সকলোতে উভৈনদী হৈছে ফলৰ ৰজা আম। আম প্ৰেমীসকলে এতিয়া নিশ্চয় জিভাৰ সোৱাদ পূৰ কৰি আম খাইছে। সোৱাদৰ লোভতে কেতিয়াবা হয়তো একাংশ লোকে দিনটোত দুই তিনিটা আম খায়। পিছে স্বাস্থ্যৰ বাবে এয়া ভাল লক্ষণ নহয়। বেছিকৈ আম খোৱাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে দিনটোত কিমান আম খাব লাগে আৰু কোন সময়ত খোৱাটো ভাল সেই কথা জনাটো অতি প্ৰয়োজনীয়।
আমক ফলৰ ৰজা বুলি কোৱা হয়, সেয়া আমি সকলোৱে জানো। সোৱাদেৰে সমৃদ্ধ হোৱাৰ লগতে আমত বহুতো পুষ্টিকৰ উপাদানো থাকে। অৱশ্যে আন যিকোনো বস্তুৰ দৰে আমো সঠিক পৰিমাণে খোৱা উচিত। আম খোৱাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে এদিনতে এটা মজলীয়া আকাৰৰ আম খাব লাগে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে আমৰ লোভ নিয়ন্ত্ৰণ কৰাটো অধিক গুৰুত্বপূৰ্ণ।
আম খোৱাৰ উপকাৰিতা-
আমত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে, যি হজম শক্তি সুস্থ কৰি ৰখাত আৰু শৌচ নিয়মীয়া কৰি তোলাত সহায় কৰে। কোষ্ঠকাঠিন্য আৰু হজম শক্তিৰ লগত জড়িত সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ।
আম ভিটামিন চিৰ এক উত্তম উৎস। এই ভিটামিন এক শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে পৰিচিত। ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এইদৰে আমে সঘনাই অসুস্থ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।
আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি, বিটা-কেৰটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে। ভিটামিন চিয়ে কলাজেন উৎপাদনতো সহায় কৰে, যাৰ ফলত ছালৰ স্বাস্থ্য ভাল হয়।
আমত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যি হৃদযন্ত্ৰক সুস্থ কৰি ৰখা আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আমত থকা মেংগিফেৰিনে হৃদযন্ত্ৰৰ প্ৰদাহ কমোৱাতো সহায় কৰে।
আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। চকুৰ স্বাস্থ্য আৰু স্পষ্ট দৃষ্টিশক্তিৰ বাবে ভিটামিন এ অত্যন্ত প্ৰয়োজনীয়। কিছু গৱেষণাৰ পৰা দেখা গৈছে যে আমত থকা ফাইটোকেমিকেলৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ থাকিব পাৰে, যি কিছুমান বিশেষ প্ৰকাৰৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।
আমত ফাইবাৰ থাকে বাবে দীৰ্ঘসময়লৈ পেট ভৰি থাকে। এইদৰে অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা ৰোধ কৰিব পৰা যায়। কিন্তু কেলৰি আৰু চেনিৰ পৰিমাণৰ বাবে আম পৰিমিতভাৱে খাব লাগে।
আম আইৰণৰ এক উত্তম উৎস। আইৰণে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজিব পাৰে।
এইসকল লোকে আম খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে-
আমে শৰীৰত তাপ বৃদ্ধি কৰে। গতিকে এচিডিটি, প্ৰদাহত ভুগি থকা লোকসকলে আম অধিক পৰিমাণে খোৱাৰ পৰা বিৰত থাকিব লাগে।
ছালৰ এলাৰ্জী থকা লোকে আম কমকৈ খাব লাগে। আমৰ গৰম প্ৰকৃতিৰ বাবে এই সমস্যা অধিক হ’ব পাৰে।
আমত প্ৰাকৃতিক চেনিৰ পৰিমাণ বেছি। গতিকে ডায়েবেটিছ ৰোগীয়ে পৰাপক্ষত আম খাব নালাগে। যদি ইয়াৰ পিছতো আম খাব বিচাৰে, তেতিয়া আয়ুৰ্বেদত ডালচেনি বা জালুকৰ দৰে বনৌষধিৰ সৈতে আম খোৱাৰ পৰামৰ্শ দিয়া হৈছে।
হজম শক্তি দুৰ্বল হ’লে বেছিকৈ আম খাব নালাগে। নহ’লে পেট গধুৰ ভাৱ, পেট ফুলা বা ডায়েৰিয়া হ’ব পাৰে।
কাহ/চৰ্দি বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকসকলে বিশেষকৈ কেঁচা আম খাব নালাগে। ই কফ বৃদ্ধি কৰিব পাৰে আৰু শৰীৰত শ্লেষ্মা গঠন হ’ব পাৰে।
আম খোৱাৰ আগতে ৩০ মিনিট পানীত তিয়াই থ’ব লাগে, ইয়াৰ ফলত বিষাক্ত পদাৰ্থ নিষ্কাশিত হয়। তথাপি পিছে দিনটোত এটা আমতকৈ অধিক খাব নালাগে। গাখীৰ বা দৈৰ লগত আম খোৱাৰ পৰা বিৰত থাকক। ইয়াৰৰ ফলত বদহজম হয়।