শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৃক্কৰ সংক্ৰমণৰ আঁৰৰ কাৰণ কি জানেনে? চাওক এই সমস্যাৰ কিছুমান লক্ষণ

বৃক্কত সংক্ৰমণ হ’লে বৃক্কৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। বৃক্কৰ সংক্ৰমণক পাইল’নেফ্ৰাইটিছ বুলি কোৱা হয়। সংক্ৰমণ সময়মতে ৰোধ নকৰিলে বৃক্ক স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু তেজৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়।

বৃক্কৰ সংক্ৰমণৰ আঁৰৰ কাৰণ কি জানেনে? চাওক এই সমস্যাৰ কিছুমান লক্ষণ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 01 Aug 2025 22:13 PM

আমাৰ দেহৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক। এই অংগই দেহৰ তেজ পৰিষ্কাৰ কৰি বিষাক্ত উপাদান আঁতৰাই শৰীৰত পানী আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। বৃক্কত সংক্ৰমণ হ’লে এই স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। বৃক্কৰ সংক্ৰমণক পাইল’নেফ্ৰাইটিছ বুলি কোৱা হয়। এই সমস্যা সাধাৰণতে প্ৰস্ৰাৱ নলীৰ পৰা আৰম্ভ হৈ ওপৰ অংশলৈ বিয়পি পৰে। সংক্ৰমণ সময়মতে ৰোধ নকৰিলে বৃক্ক স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু তেজৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়। এই সমস্যা দীৰ্ঘদিনলৈ অৱহেলা কৰিলে বৃক্ক বিকল পৰ্যন্ত হ’ব পাৰে।

বৃক্ক সংক্ৰমণৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল UTI (Urinary Tract Infection) বৃদ্ধি হোৱা। যেতিয়া বেক্টেৰিয়া প্ৰস্ৰাৱৰ মাধ্যমেৰে বৃক্কত উপস্থিত হয়, তেতিয়া সংক্ৰমণ হ’ব পাৰে। এই সমস্যা পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়, কাৰণ মহিলাৰ প্ৰস্ৰাৱ নলী সৰু আৰু সংক্ৰমণ সোনকালে বিয়পে।

ইয়াৰ বাহিৰেও যিসকল লোকে সঘনাই প্ৰস্ৰাৱ ধৰি ৰাখে, পৰ্যাপ্ত পৰিমাণৰ পানী নাখায়, বৃক্কত পাথৰ হ’লে, ডায়েবেটিছত আক্ৰান্ত হোৱা লোক, গৰ্ভৱতী মহিলা বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বৃক্কৰ সংক্ৰমণৰ সম্ভাৱনা অধিক। কেথেটাৰৰ জৰিয়তে প্ৰস্ৰাৱ আঁতৰোৱা ৰোগী বা সঘনাই UTI ৰোগত আক্ৰান্ত ৰোগীও বিপদত পৰে। সংক্ৰমণ সময়মতে বন্ধ নকৰিলে ই গুৰুতৰ ৰূপ ল’ব পাৰে।

সফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ মুৰব্বী ডাঃ হিমাংশু বাৰ্মাই জানিবলৈ দিয়া মতে বৃক্কৰ সংক্ৰমণৰ লক্ষণ ক্ৰমান্বয়ে আৰু কেতিয়াবা হঠাতে দেখা দিব পাৰে। ইয়াৰ বিশেষ লক্ষণসমূহ হ’ল- তীব্ৰ জ্বৰ, ঠাণ্ডা, কঁকাল বা কঁকালৰ তলৰ অংশত বিষ। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ কৰা বা অতি কম প্ৰস্ৰাৱ কৰাও ইয়াৰ লক্ষণ হ’ব পাৰে।

কিছুমান লোকৰ ক্ষেত্ৰত প্ৰস্ৰাৱত গোন্ধ ওলোৱাৰ লগতে ফেন বা তেজো দেখা পাব পাৰে। শৰীৰত ভাগৰুৱা অনুভৱ হোৱা, বমি হোৱা আদিও বৃক্কৰ সংক্ৰমণৰ কিছুমান সাধাৰণ লক্ষণ। সংক্ৰমণ বৃদ্ধি পালে কোনো ব্যক্তিয়ে মানসিক বিভ্ৰান্তি, মূৰ ঘূৰোৱা, ৰক্তচাপ হ্ৰাস পোৱা আদি অৱস্থাৰ সন্মুখীন হ’ব পাৰে।

যদি এই লক্ষণসমূহ দুই-তিনি দিনতকৈ অধিক সময় ধৰি থাকে বা দ্ৰুতগতিত বৃদ্ধি পায়, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। সময়মতে চিকিৎসা নকৰিলে এই সংক্ৰমণৰ ফলত বৃক্ক বিকলো হ’ব পাৰে। এনে পৰিস্থিতিত এই সমস্যা অত্যন্ত মাৰাত্মক প্ৰমাণিত হ’ব পাৰে।

কিছুমান সহজ উপায়েৰে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি। চাওক এনে কিছু উপায়-

দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

প্ৰস্ৰাৱ বেছি সময় ধৰি ৰাখিব নালাগে।

শৌচ কৰাৰ পিছত পৰিষ্কাৰ কৰাৰ সঠিক পদ্ধতি গ্ৰহণ কৰক (বিশেষকৈ মহিলাসকলে)।

স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।

যদি UTI ৰ লক্ষণ দেখা দিয়ে, তেতিয়া তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক।

যদি আপোনাৰ ডায়েবেটিছ বা দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ আছে, সময়ে সময়ে নিজকে পৰীক্ষা কৰাব লাগে।

চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো এন্টিবায়টিক গ্ৰহণ নকৰিব।