Diwali Wishes : দীপাৱলী মানেই সম্প্ৰীতি ! এই বাৰ্তাৰে জনাওক দীপাৱলীৰ শুভেচ্ছা…
মনৰ পৰা নেতিবাচকতা আঁতৰি, ইতিবাচক চিন্তা-চেতনাই আপোনাৰ মনটো ভৰি পৰক । দিনত সুখ দুগুণ হওক, ৰাতি প্ৰগতি চাৰিগুণ হওক। এই প্ৰাৰ্থনাৰে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। এই লেখাত উল্লেখিত শুভেচ্ছা বাণীৰ জৰিয়তে আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী, আত্মীয়-স্বজনক শুভেচ্ছা জনাই তেওঁলোকৰ বাবে এই উৎসৱক আৰু অধিক বিশেষ কৰি তুলিব পাৰে।

দীপাৱলী ২০২৪
দীপাৱলীৰ দিনটো লক্ষ্মী আৰু গণেশক পূজা কৰাৰ সমান্তৰালকৈ প্ৰতিজন লোকে নিজৰ ঘৰটো মাটিৰ চাকি জ্বলাই পোহৰাই তোলে । এই দীপাৱলীতে প্ৰতিফলিত হয় মানুহৰ মাজৰ সম্প্ৰীতি । পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মুহূৰ্তত ইজনে সিজনক মিঠাই আৰু উপহাৰ দি দীপাৱলীৰ শুভেচ্ছা জনায় । এই লেখাত উল্লেখিত শুভেচ্ছা বাণীৰ জৰিয়তে আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী, আত্মীয়-স্বজনক শুভেচ্ছা জনাই তেওঁলোকৰ বাবে এই উৎসৱক আৰু অধিক বিশেষ কৰি তুলিব পাৰে।
কালি পূজা আৰু দীপাৱলীৰ শুভেচ্ছা বাণী
- দীপাৱলীৰ এই বিশেষ দিনটোত সৰু ৰু মাটি চাকিৰ পোহৰে আপোনাৰ জীৱনটোক পোহৰাই তোলক । ভগৱানে আপোনাক আশীৰ্বাদ দিয়ক । আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ শুভেচ্ছা থাকিল!
- পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ ঘৰখনলৈ সুখৰ মুহূৰ্ত কঢ়িয়াই আনক । আপুনি আগবাঢ়ি যাওক । সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ বাবে দীপাৱলীৰ পোহৰে আপোনাক বাট দেখুওৱাক । পৰিয়ালৰ লগতে আপোনালৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ।
- দীপাৱলী পোহৰে আপোনাক অজয় হোৱাৰ বাবে শক্তি দিয়ক । মাতৃ মহাকালীৰ আশীৰ্বাদে আপোনাৰ জীৱনটোক সুখময় কৰি তোলক, সুখ অপৰিসীম হওক । দীপাৱলীৰ শুভেচ্ছা জনালোঁ ।
- দীপাৱলীত যমদেৱ আৰু মা কালিৰ পৰা আশীৰ্বাদ পাওক। দুখৰ সময় আঁতৰি যাওক, সুখৰ সময় উপভোগ কৰক । আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজনলৈ দীপাৱলী উৎসৱৰ শুভেচ্ছা জনালোঁ ।
- দীপৰ পোহৰ, মাতৃ মহাকালীৰ আৰু যমদেৱৰ আশীৰ্বাদত আপোনাৰ ঘৰখন সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক । আপোনাৰ জীৱন আনন্দৰে ভৰি পৰক। দীপাৱলীৰ শুভেচ্ছা জনালোঁ ।
- মনৰ পৰা নেতিবাচকতা আঁতৰি, ইতিবাচক চিন্তা-চেতনাই আপোনাৰ মনটো ভৰি পৰক । দিনত সুখ দুগুণ হওক, ৰাতি প্ৰগতি চাৰিগুণ হওক। এই প্ৰাৰ্থনাৰে দীপাৱলীৰ শুভেচ্ছা জনালোঁ।
- ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ জীৱনলৈ সুখৰ বৰষুণ সৰক, মাতৃ মহাকালীয়ে আপোনাক শক্তি দিয়ক, যমদেৱৰ কৃপাত দীৰ্ঘজীৱী হওক। প্ৰতিদিনে প্ৰগতি লাভ কৰক। পৰিয়ালৰ প্ৰতিজনৰ লগতে আপোনালৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ ।