শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দূৰ হ’ব তেজৰ অভাৱ, সকলো গ্ৰুপৰ লোকক দিব পাৰি! জাপানে প্ৰস্তুত কৰিলে কৃত্ৰিম তেজ…

জাপানৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা HbVs কৃত্ৰিম তেজে মানুহৰ জীৱন ৰক্ষা কৰাই নহয়, ই সংক্ৰমণমুক্ত তেজৰ উপলব্ধতাৰে আধুনিক চিকিৎসা বিজ্ঞানক সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কোৱা হৈছে যে, যেতিয়া ই বিশ্বজুৰি স্বীকৃতি লাভ কৰিব , তেতিয়া তেজৰ নাটনি, তেজৰ গ্ৰুপৰ সমস্যা দূৰ হ’ব পাৰে।

দূৰ হ’ব তেজৰ অভাৱ, সকলো গ্ৰুপৰ লোকক দিব পাৰি! জাপানে প্ৰস্তুত কৰিলে কৃত্ৰিম তেজ…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 17 Jul 2025 13:31 PM

চিকিৎসাৰ বিজ্ঞানত বিশেষ অগ্ৰগতি লাভ কৰিছে জাপানৰ বিজ্ঞানীসকলে। শেহতীয়াকৈ নৰা মেডিকেল ইউনিভাৰ্চিটিৰ এটা দলে নতুনকৈ কৃত্ৰিম তেজ উদ্ভাৱন কৰিছে যিটো তেজৰ যিকোনো গ্ৰুপৰ ৰোগীৰ মিল নোহোৱাকৈ ট্ৰান্সফিউজ কৰিব পাৰে। জাপানী বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা চিকিৎসা বিজ্ঞানৰ এক নতুন বিপ্লৱৰ আৰম্ভণি কৰা বুলি কোৱা হৈছে।

জাপানৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা HbVs কৃত্ৰিম তেজে মানুহৰ জীৱন ৰক্ষা কৰাই নহয়, ই সংক্ৰমণমুক্ত তেজৰ উপলব্ধতাৰে আধুনিক চিকিৎসা বিজ্ঞানক সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কোৱা হৈছে যে, যেতিয়া ই বিশ্বজুৰি স্বীকৃতি লাভ কৰিব , তেতিয়া তেজৰ নাটনি, তেজৰ গ্ৰুপৰ সমস্যা দূৰ হ’ব পাৰে।

এই কৃত্ৰিম তেজৰ নাম হ’ল হিম’গ্লবিন ভেচিকল (HbVs), যিটো পৰীক্ষাগাৰত প্ৰস্তুত কৰা হৈছে। ইয়াত পুৰণি, ম্যাদ উকলি যোৱা তেজৰ পৰা হিম’গ্লবিন উলিওৱা হয় আৰু ইয়াক লিপিড ভিত্তিক বুদবুদ্ বা ভেচিকলত আবদ্ধ কৰি ৰখা হয় যাতে, ই কোনো গ্ৰুপৰ মিল নোহোৱাকৈ অক্সিজেন পৰিবহণ কৰিব পাৰে।

সকলো গ্ৰুপৰ লোকক দান কৰিব পাৰিব

কৃত্ৰিম তেজৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল- ইয়াক তেজৰ গ্ৰুপৰ মিলৰ প্ৰয়োজন নোহোৱাকৈ A, B, AB, O সকলো গ্ৰুপৰ লোকক দিব পাৰি। ইয়াৰ বাহিৰেও এই তেজ ভাইৰাছমুক্ত, সংক্ৰমণমুক্ত। তদুপৰি এই তেজ প্ৰায় ২ বছৰ সাধাৰণ কোঠাৰ উষ্ণতাত আৰু ৫ বছৰলৈকে ফ্ৰীজত ৰাখিব পাৰে। আনহাতে প্ৰকৃত তেজৰ শেল্ফ লাইফ মাত্ৰ ৪২ দিন।

প্ৰাৰম্ভিক পৰীক্ষা আৰু সুৰক্ষা

  • প্ৰথমতে ২০২২ চনত একুৱেটিক পৰীক্ষা কৰি ইন্দুৰ আৰু ভেড়া পোৱালিৰ শীৰত এই তেজৰ শক্তি পৰীক্ষা কৰা হৈছিল, যিটো সফল হৈছিল। ইয়াৰ পিছত মানুহৰ ওপৰত পৰীক্ষা আৰম্ভ কৰা হয়।
  • ২০২৫ চনৰ মাৰ্চ মাহত এই কৃত্ৰিম তেজৰ ১০০ৰ পৰা ৪০০ মিলিলিটাৰ ১৬ জন সুস্থ পুৰুষক দিয়া হৈছিল। কিছুমানে মৃদু জ্বৰ বা ভাগৰুৱা অনুভৱ কৰিছিল যদিও কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা নগ’ল।
  • এই পৰীক্ষাৰ পৰা দেখা গৈছে যে এই প্ৰযুক্তি বৰ্তমান নিৰাপদ আৰু ফলপ্ৰসূ আৰু যদিহে বৃহৎ মাত্ৰাত উন্নত ফলাফল পোৱা যায় তেন্তে ২০৩০ চনৰ ভিতৰত সাধাৰণ ৰোগীৰ বাবে উপলব্ধ হ’ব পাৰে।

ইয়াৰ দ্বাৰা ৰোগীসকল কেনেদৰে উপকৃত হ’ব?

তেজৰ অভাৱ নিয়ন্ত্ৰণ: সমগ্ৰ বিশ্বতে তেজৰ অভাৱ এক ডাঙৰ সমস্য়া। বিশেষকৈ ভাৰতৰ দৰে দেশত ই তেজৰ অভাৱ পূৰণ কৰিব পাৰে।

জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সহায়: পথ দুৰ্ঘটনা, যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগত তেজৰ গ্ৰুপ মিল নাথাকিলে ডাঙৰ সংকটৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত এই কৃত্ৰিম তেজে ব্যৱহাৰ কৰিব পাৰে।

সহজ সংৰক্ষণ আৰু পৰিবহণ: য’ত লজিষ্টিক সুবিধা সীমিত তাত এই তেজ অতি সুবিধাজনক।

কম খৰচী, উচ্চ সুৰক্ষা: ভাইৰাছ বা সংক্ৰমণৰ আশংকা নোহোৱাকৈ মজুত কৰিব পৰা এই তেজৰ উপলব্ধতাই চিকিৎসা বিজ্ঞানৰ এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।