শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Jackfruit: কঁঠাল খাই ভাল পায়নে? গ্ৰীষ্মকালত পোৱা এই কঁঠালৰ আছে বহু উপকাৰী গুণ

কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

Jackfruit: কঁঠাল খাই ভাল পায়নে? গ্ৰীষ্মকালত পোৱা এই কঁঠালৰ আছে বহু উপকাৰী গুণ
কঁঠাল খাই ভাল পায়নে?
barasha-misra
Barasha Misra | Published: 04 Jul 2025 18:06 PM

Benefits of Jackfruit: গ্ৰীষ্মকালত পোৱা ফল-মূলৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা এবিধ ফল হৈছে কঁঠাল ৷ ফলৰ বাহিৰেও পাচলি হিচাপে কঁঠালক আন বহু ধৰণে খোৱা হয়। এই ফলবোৰ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়।

দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ খাদ্যত কঁঠালৰ ব্যৱহাৰ যথেষ্ঠ। কঁঠালৰ কলিক অসমত মুচি বুলি কোৱা হয়। কুমলীয়া কঁঠাল ভাজি, আঞ্জা প্ৰস্তুত কৰি বা আচাৰ কৰি খোৱা হয়৷ কঁঠাল গুটিৰ বগা আৰু ৰঙচুৱা আৱৰণ গুচাই সিজাই বা আঞ্জা খোৱা হয়।

কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে। কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক। কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিক ভাৱে শক্তি লাভ কৰে।

কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

উপকাৰিতা

  • কৰ্কট প্ৰতিৰোধী গুণ: কঁঠালত-এণ্টি অক্সিডেন্ট,ফাইটোনিউট্ৰিয়েন্টচ(Phytonutrients) আৰু ফ্লেভ’নয়ড(Flavonoid) থাকে,যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • কঁঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।
  • হজম শক্তিৰ উন্নতি:পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।
  • থাইৰয়ডৰ সমস্যা দূৰ কৰে:কঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।
  • দৃষ্টি শক্তিৰ উন্নয়ন:কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।
  • পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
  • বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে:কঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

উল্লেখ্য যে, যিকোনো স্বাস্থ্যজনিত তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিৰাপদ ।