মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰা উচিত হয় নে? বিশেষজ্ঞই কৰিছে এনে মতামত
মাহেকীয়াৰ সময়ত ৱৰ্কআউট বা আন শাৰীৰিক কাৰ্যকলাপ কৰাৰ ফলত বিষৰ লগতে আন কোনো সমস্যাই দেখা দিব পাৰে বুলি বহু মহিলাই বিশ্বাস কৰে। পিছে মাহেকীয়াৰ সময়ত সঁচাকৈয়ে ৱৰ্কআউট কৰা উচিত নহয় নেকি?

মাহেকীয়া বা পিৰিয়ড হৈছে মহিলাৰ দেহৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। এই সময়ত মহিলাসকলৰ দেহত হৰম’নৰ ভাৰসাম্যহীনতা দেখা দিয়ে। সেয়ে ভাগৰুৱা, পেট আৰু কঁকালৰ বিষ, সঘন মেজাজ পৰিৱৰ্তন আদি সাধাৰণ কিছুমান সমস্যাই দেখা দিয়ে। কিছু কিছু মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ দিনকেইটাত বিষ তীব্ৰ হোৱা দেখা যায়, সেয়ে মহিলাসকলে জিৰণি ল’বলৈ বাধ্য হয় আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ পৰা বিৰত থাকে। কিন্তু নিয়মীয়া ৱৰ্কআউটত অভ্যস্ত মহিলাসকলে মাহেকীয়াৰ সময়তো ব্যায়াম কৰি থাকে।
আনহাতে অধিকাংশ মহিলাই মাহেকীয়াৰ সময়ত ৱৰ্কআউট বা আন শাৰীৰিক কাৰ্যকলাপ কৰাৰ পৰা বিৰত থাকে। মাহেকীয়াৰ সময়ত ৱৰ্কআউট বা আন শাৰীৰিক কাৰ্যকলাপ কৰাৰ ফলত বিষৰ লগতে আন কোনো সমস্যাই দেখা দিব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে। পিছে মাহেকীয়াৰ সময়ত সঁচাকৈয়ে ৱৰ্কআউট কৰা উচিত নহয় নেকি?
স্বাভাৱিকতেই বহুলোকৰ মনত এই প্ৰশ্নটোৰ উদ্ৰেক ঘটে। যদি আপুনিও এই দ্বিধাৰ সন্মুখীন হৈছে, মনৰ পৰা এই দ্বিধা আঁতৰাবলৈ এই বিষয়ে সঠিককৈ জনাটো উচিত হ’ব। মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰাটো কিমান নিৰাপদ, এই সন্দৰ্ভত বিশেষজ্ঞসকলে নিজা মতামত আগবঢ়াইছে। জানো আহক কি কয় বিশেষজ্ঞসকলে।
মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰাটো কিমান নিৰাপদ?
আৰ্টেমিছ হাস্পতালৰ ইউনিট হেড আৰু প্ৰসূতি তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ নিধি ৰাজোটিয়াই মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰাটো সম্পূৰ্ণ নিৰাপদ বুলি জানিবলৈ দিয়ে। কেৱল দেহৰ শক্তি আৰু শৰীৰৰ ক্ষমতা ওপৰত ভিত্তি কৰি ব্যায়াম কৰিব লাগিব বুলি তেওঁ অৱশ্যে আঙুলিয়াই দিয়ে। এই সময়ছোৱাত অধিক কঠোৰ ব্যায়ামৰ পৰিৱৰ্তে লঘু ব্যায়াম কৰিব পাৰে।
মাহেকীয়াৰ সময়ত কোনবোৰ ব্যায়াম ভাল?
বিশেষজ্ঞসকলৰ মতে, মাহেকীয়াৰ সময়ত লঘু ব্যায়াম সৰ্বোত্তম। খোজ কঢ়া, যোগাসন, ষ্ট্ৰেচিং, ধ্যান আদিক সৰ্বোত্তম বিকল্প বুলি গণ্য কৰা হয়। এইবোৰে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে পেট আৰু কঁকালৰ বিষ কমোৱাত সহায় কৰে। কিন্তু যদি অত্যধিক ভাগৰ বা বিষ অনুভৱ কৰে, তেতিয়া অৱশ্যে বিৰতি লোৱাটোৱেই উত্তম বিকল্প বুলিও বিশেষজ্ঞসকলে লগতে কয়।
এইসমূহ দিশৰ ওপৰত লক্ষ্য ৰাখিব লাগে
মাহেকীয়াৰ সময়ত যিমানেই সক্ৰিয় হৈ থাকে সিমানেই মন আৰু শৰীৰ শান্ত হৈ থাকে বুলিও ডাঃ নিধি ৰাজোটিয়াই লগতে উল্লেখ কৰে। মনটোক অন্য দিশলৈ ঘূৰাই আনিলে মাহেকীয়াৰ বিষৰ সমস্যালৈ কম গুৰুত্ব দিব পাৰি বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। ব্যায়ামে দেহত ফিল-গুড হৰম’ন হিচাপে পৰিচিত এণ্ড’ৰ্ফিন নিৰ্গত কৰে, ই মেজাজৰ পৰিৱৰ্তন আৰু মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।
কিন্তু যদি আপুনি অত্যধিক ৰক্তক্ষৰণ, ক্ৰেম্প, মূৰ ঘূৰোৱা বা দুৰ্বলতা অনুভৱ কৰে, তেতিয়া ৱৰ্কআউট নকৰাটোৱেই উত্তম। এই সময়ত শৰীৰক যিমান পাৰি জিৰণি দিয়ক। তেনে কোনো সমস্যা নাথাকিলে অৱশ্যে মাহেকীয়াৰ সময়ত ৱৰ্কআউট কৰাটো সম্পূৰ্ণ নিৰাপদ। এই সময়ছোৱাত আপুনি নিজৰ সামৰ্থ্য আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগে।