দিনটোৰ এই সময়ত কল খোৱাৰ ভুল কেতিয়াও নকৰিব, জীৱন হৈ পৰিব পাৰে দুৰ্বিষহ
কলত প্ৰচুৰ পৰিমাণে আন বহু পুষ্টিকৰ উপাদান থাকে। ইয়াত পটাছিয়াম, ভিটামিন বি ৬, ফাইবাৰ, মেগনেছিয়াম আদি উপাদান থাকে। অৱশ্যে কিছুমান ক্ষেত্ৰত, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে কল হৈ উঠিব পাৰে সমস্যাৰ কাৰণ।

কল এবিধ পুষ্টিকৰ খাদ্য। কল খালে দেহত যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। এয়া আমি সততে শুনি থকা কথা। পিছে এয়া মাত্ৰ প্ৰচলিত ধাৰণা বুলি উলাই কৰা উচিত নহয়। কলৰ সঁচাকৈয়ে স্বাস্থ্য উপকাৰী গুণ আছে। কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে কলত প্ৰচুৰ পৰিমাণে আন বহু পুষ্টিকৰ উপাদান থাকে। ইয়াত পটাছিয়াম, ভিটামিন বি ৬, মেগনেছিয়াম আদি উপাদানো থাকে। অৱশ্যে কিছুমান ক্ষেত্ৰত, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে কল হৈ উঠিব পাৰে সমস্যাৰ কাৰণ।
তদুপৰি কল খোৱাৰ সময়ৰ ওপৰতো দেহৰ ওপৰত পৰিব পৰা প্ৰভাৱ নিৰ্ভৰ কৰে। ব্ৰেকফাষ্টত কল খালে পুৱাৰ ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এটা কলত প্ৰায় ৩ গ্ৰাম ফাইবাৰ থাকে। কলে হজম শক্তিত সহায় কৰে আৰু বহুসময়লৈ পেট ভৰাই তোলে। ইয়াৰ উপৰিও কলত থকা পটাছিয়াম আৰু ভিটামিন বি ৬– এ শৰীৰৰ শক্তি, বিপাকীয় ক্ৰিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
চাওঁ আহক কল খোৱাৰ সঠিক সময় আৰু কোন সময়ত কল খোৱা উচিত নহয়–
ব্যায়ামৰ পূৰ্বেঃ ব্যায়ামৰ পূৰ্বে দেহত দ্ৰুত শক্তি প্ৰদানৰ ক্ষেত্ৰত কল এক নিখুঁত উৎস। কলত থকা কাৰ্বহাইড্ৰেট মাত্ৰ ১৫-৩০ মিনিটতে হজম হয়, যাৰ ফলত দ্ৰুত শক্তি পোৱা যায়। সেইবাবেই কল শৰীৰ চৰ্চাকাৰীসকলৰ প্ৰিয় ফল। ইয়াত থকা কাৰ্বহাইড্ৰেট আৰু পটাছিয়ামে পেশীৰ একেলগে কাম কৰাত সহায় কৰে।
পাচনত সহায় কৰেঃ খাদ্যৰ লগত কল খালে হজম শক্তি সহজ হয় আৰু আন্ত্ৰিক অংশত থকা উপকাৰী বেক্টেৰিয়া পুষ্টিকৰ হয়। কেঁচা কলত থকা প্ৰতিৰোধী ষ্টাৰচে প্ৰিবায়টিক হিচাপে কাম কৰে। অৱশ্যে সাৱধান, কেৱল কল খালে তেজত চেনিৰ মাত্ৰা সোনকালে বৃদ্ধি পাব পাৰে। গতিকে, কলৰ লগত প্ৰটিন বা স্বাস্থ্যকৰ চৰ্বি সমৃদ্ধ খালে শৰীৰত লাহে লাহে শক্তি নিৰ্গত হয়।
নিশাৰ সময়ত কলঃ নিদ্ৰাহীনতাৰ সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰত কল হ’ব পাৰে এক সঠিক সমাধান। ইয়াত থকা মেগনেছিয়াম আৰু পটাছিয়ামে পেশীসমূহ শিথিল কৰে আৰু ভিটামিন বি ৬– এ মেলাটনিন উৎপাদনত সহায় কৰে। এই মেলাটনিন টোপনি নিয়ন্ত্ৰণ কৰাত অত্যন্ত ফলপ্ৰসূ।
কেতিয়া খাব নালাগেঃ বহু বিশেষজ্ঞৰ মতে খালী পেটত অতি পকা কল খালে হঠাতে শক্তি বৃদ্ধি পায় আৰু তাৰ পিছতে পিছে দ্ৰুতগতিত কমি যায়, ইয়াৰ ফলত শৰীৰ দুৰ্বল অনুভৱ কৰিব পাৰে। কিছুমান মানুহৰ পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে। গতিকে, খালী পেটত কেৱল কল খোৱাৰ পৰিৱৰ্তে তাৰ লগতে কিছু প্ৰটিন বা চৰ্বি খোৱাই ভাল। কল নিঃসন্দেহে এক স্বাস্থ্যকৰ খাদ্য, কিন্তু এইক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ।