শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আগতে কাটি থোৱা পিঁয়াজেৰে খাদ্য ৰান্ধে নেকি, ইয়াৰ ফলত কি হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক…

বহু ৰান্ধনিয়ে আগতে পিঁয়াজ কাটি থৈ দিয়ে। তাৰ পিছত সেইবোৰ ফ্ৰীজত অথবা বাহিৰতে মুকলিকৈ ৰাখে। আগতে কাটি থোৱা পিঁয়াজ পিছত ৰন্ধাত ব্যৱহাৰ কৰাটো কিমান নিৰাপদ? বিশেষজ্ঞসকলে কি কয় জানক

আগতে কাটি থোৱা পিঁয়াজেৰে খাদ্য ৰান্ধে নেকি, ইয়াৰ ফলত কি হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক…
আগতে কাটি থোৱা পিঁয়াজেৰে খাদ্য ৰান্ধে নেকি?Image Credit source: Canva
trishna-kalita
Trishna Kalita | Updated On: 13 Aug 2025 11:19 AM

ৰন্ধা-বঢ়া কামটো বহুতৰ বাবে অত্যন্ত জটিল হৈ পৰে। পিঁয়াজ কটা, বেটাৰ মিহলোৱা, ৰন্ধা-বঢ়া, বাচন ধোৱা আদি বহু কাম থাকে। ব্যস্ত জীৱনত বহুতে ৰাতিপুৱা ৰন্ধা-বঢ়াৰ বাবে নিশাই শাক-পাচলি কাটি ৰাখে। বিশেষকৈ হোটেল অথবা ৰেষ্টুৰেণ্টত এই কাম কৰা দেখা যায়। বহু ৰান্ধনিয়ে পিঁয়াজো কাটি থৈ দিয়ে। তাৰ পিছত সেইবোৰ ফ্ৰীজত অথবা বাহিৰতে মুকলিকৈ ৰাখে। আগতে কাটি থোৱা পিঁয়াজ পিছত ৰন্ধাত ব্যৱহাৰ কৰাটো কিমান নিৰাপদ? বিশেষজ্ঞসকলে কি কয় জানক

বিশেষজ্ঞসকলৰ মতে পিঁয়াজত চালফাৰ থাকে। চালফাৰৰ উপস্থিতিৰ বাবেই পিঁয়াজ কাটিলে চকু পানী ওলায়। সেই চালফাৰ হৈছে পিঁয়াজত বেক্টেৰিয়া বৃদ্ধিৰ অন্যতম কাৰণ। ইফালে বতাহত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া থাকে। যিবোৰে অক্সিডাইজ হৈ পিঁয়াজ নষ্ট  কৰে। ফলত পিঁয়াজৰ পুষ্টিগুণ বহু পৰিমাণে হ্ৰাস পায়। তদুপৰি এনে পিঁয়াজ খালে কেতিয়াবা শৰীৰটো অসুস্থ হৈ পৰিব পাৰে।

কেতিয়াবা, পিঁয়াজ কাটি লোৱাৰ পিছত ব্যৱহাৰ কৰিলে পেটৰ সমস্যা হ’ব পাৰে। যাৰ বাবে চিকিৎসকে সদায় কটা ফল-মূল আৰু চালাড খাব নালাগে বুলি পৰামৰ্শ দিয়ে। আচলতে পিঁয়াজ কাটি মুকলি ঠাইত বা ফ্ৰীজত ৰাখিলে তাত বেক্টেৰিয়াৰ জন্ম হ’ব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মতে যদি পিয়াঁজ খাব বা ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে লগে লগে কাটি খালে ভাল।

পিঁয়াজ সংৰক্ষণৰ সঠিক নিয়ম জানি লওক —

১) যদি আপুনি ফ্ৰীজত পিঁয়াজ ৰাখিব লাগে তেন্তে সদায় বন্ধ কৰিব পৰা কোনোবা এয়াৰটাইট বাকচ বা এয়াৰটাইট পলিথিনৰ বেগত ৰাখিব লাগে।

২)যদি আপুনি পিঁয়াজ বায়ু নোসোমাব পৰা পাত্ৰত ৰাখি ফ্ৰীজত ৰাখিব বিচাৰে তেন্তে সেই সময়ত ফ্ৰীজৰ উষ্ণতা কমেও ৪০ ডিগ্ৰী ফাৰেনহাইট বা ৪ ডিগ্ৰী চেলছিয়াছ হ’ব লাগে।

৩) কটা পিঁয়াজ কেতিয়াও মুকলি বাটি বা বাচনত ফ্ৰীজত নাৰাখিব।

লগতে পঢ়ক: টোপনিৰ মাজতে শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি আওকাণ নকৰিব, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ…