হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই কাম কৰক

13 Aug 2025

TV9 ASSAM

Photos Credit: Getty Images

হৃদযন্ত্ৰই শৰীৰৰ বিভিন্ন অংশলৈ তেজ পাম্প কৰে। স্বাভাৱিক ৰক্তচাপ ১২০/৮০ mm Hg তকৈ বেছি হ'লে ইয়াক উচ্চ ৰক্তচাপ বুলি কোৱা হয়।

স্বাভাৱিক ৰক্তচাপ

উচ্চ ৰক্তচাপৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে। লগতে হাৰ্ট এটেক বা ষ্টোকৰ আশংকা, টোপনি অসুবিধা, চকু বা বৃক্কৰ ক্ষতি হ'ব পাৰে।

লক্ষণ

ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ এই উপায় গ্ৰহণ কৰক।

নিয়ন্ত্ৰণৰ উপায়

লাহে লাহে বা গভীৰভাৱে উশাহ ল'লে স্নায়ুতন্ত্ৰ শান্ত হয়। ইয়াৰ ফলত ৰক্তচাপ কমোৱাত সহায়ক হয়।

উশাহ লোৱা

যদি আপুনি মূৰ ঘূৰোৱা অনুভৱ কৰে বা ৰক্তচাপ বৃদ্ধি পায়, তেতিয়া অলপ সময় শুই দিব আৰু ভৰি দুখন ওপৰলৈ দাঙি ৰাখিব। ফলত ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা হয়।

শুই দিব 

উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে নিমখ একেবাৰে পৰিহাৰ কৰক। লগতে পেকেটত ভৰোৱা নিমখীয়া খাদ্য পৰিহাৰ কৰক।

নিমখ নাখাব

উচ্চ ৰক্তচাপ থাকিলে কেফেইনযুক্ত যিকোনো বস্তু পৰিহাৰ কৰক। লগতে মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখক।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক

ডায়েবেটিছ ৰোগীয়ে কি কি ফল খাব নালাগে?