12 AUG 2025
Credits: Getty / Pinterest, Unsplash
TV9 ASSAM
বাৰিষাৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। এই সময়ত পানীজনিত ৰোগৰ আশংকাও বৃদ্ধি পায়।
বাৰিষাত হজম শক্তিত সহায়ক হোৱা ফল খাব লাগে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে।
আপেল খালে শৰীৰত আঁহ আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। ই হজম শক্তিত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
নাচপতি অতি পাতল আৰু ৰসাল ফল। নাচপতি খালে শৰীৰ শীতল হৈ থাকে। তদুপৰি এই ফলটোৱে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
কমলা ভিটামিন চিৰ অন্যতম উত্তম উৎস।এই ফলটোৱে ভাইৰাছৰ সংক্ৰমণ আৰু চৰ্দি আৰু কাহ প্ৰতিৰোধ কৰাত বহুখিনি সহায় কৰে।
আঙুৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। আঙুৰ খালে শৰীৰৰ বিষমুক্ত হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ভিটামিন, খনিজ পদাৰ্থকে ধৰি বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে।
এই ফল হজম কৰাত অতি সহজ। কল খালে শক্তি বৃদ্ধি পায়। বাৰিষা কল খালে ডায়েৰিয়া বা গেষ্ট্ৰিক ডিছঅৰ্ডাৰ কম হয়।
আগতে কাটি থোৱা বা পথৰ দাঁতিত মুকলিকৈ ৰখা ফল নাখাব। পানীৰ পৰিমাণ বেছি থকা আৰু বহুদিন পূৰ্বে কাটি থোৱা ফলবোৰো খাবলৈ ভাল নহয়।
চাবলৈ ক্লিক কৰক