বৰষুণৰ বতৰত ঘৰৰ ভিতৰত কাপোৰ শুকুৱায় নেকি? জানেনে কি হ’ব পাৰে ইয়াৰ ফল, হ’ব আচৰিত
ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা বৰষুণৰ বতৰত ঘৰৰ ভিতৰত কাপোৰ মেলাটো প্ৰয়োজনীয় হৈ পৰে যদিও জ্যোতিষ আৰু পৰিৱেশ বিজ্ঞানৰ মতে ইয়াৰ বহু নেতিবাচক প্ৰভাৱ থাকিব পাৰে। সাধাৰণতে বহু লোকেই এই বিষয়ে জ্ঞাত নহয়। গতিকে এনে অভ্যাসৰ ফলত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক।

ৰাজ্যত এইকেইদিন বতৰ ডাৱৰীয়া। অধিকাংশ স্থানতে শেহতীয়া কিছুদিন ধৰি বৰষুণৰ প্ৰভাৱ। বাধাৰণতে বাৰিষাৰ দিনকেইটাত কাপোৰ শুকোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হয়। যিসকল লোকৰ ঘৰত পৰ্যাপ্ত ঠাই আছে, তেওঁলোকৰ ক্ষেত্ৰত কাপোৰ শুকুৱাবলৈ ইমান সমস্যা নহ’ব পাৰে। কিন্তু বিশেষকৈ ফ্লেট বা সৰু ঘৰত থকা লোকসকলৰ বাবে কাপোৰ শুকুৱাবলৈ উপযুক্ত ঠাইৰ অভাৱ হয়। ফলত অধিকাংশ মানুহে ঘৰৰ ভিতৰতে কাপোৰ শুকুৱাবলৈ বাধ্য হয়।
ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা বৰষুণৰ বতৰত ঘৰৰ ভিতৰত কাপোৰ মেলাটো প্ৰয়োজনীয় হৈ পৰে যদিও জ্যোতিষ আৰু পৰিৱেশ বিজ্ঞানৰ মতে ইয়াৰ বহু নেতিবাচক প্ৰভাৱ থাকিব পাৰে। সাধাৰণতে বহু লোকেই এই বিষয়ে জ্ঞাত নহয়। গতিকে এনে অভ্যাসৰ ফলত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক-
জ্যোতিষ শাস্ত্ৰ মতে, ঘৰৰ ভিতৰত প্ৰাণ শক্তি মুক্তভাৱে চলাচল কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তিতা কাপোৰৰ পৰা ওলোৱা আৰ্দ্ৰতা আৰু অস্বস্তিকৰ গোন্ধে এই শক্তিৰ প্ৰবাহত বাধা দিয়ে। বিশেষকৈ, ঘৰৰ উত্তৰ-পূব কোণত কাপোৰ শুকুৱালে বাস্তু দোষ বৃদ্ধি পায় বুলি ধৰা হয়।
বাৰিষাৰ সময়ত জল তত্ত্বত চন্দ্ৰৰ প্ৰভাৱ বেছি থাকে বুলি জ্যোতিষে কয়। ঘৰৰ ভিতৰত তিতা কাপোৰ শুকুৱালে জল তত্ত্ব অতিৰিক্তভাৱে বৃদ্ধি পায়। ইয়াৰ ফলত মানসিক অস্থিৰতা, হতাশা আৰু এলাহ বৃদ্ধি হ’ব পাৰে। সেয়ে তিতা কাপোৰ বহুসময় ভিতৰত ৰখাটো শুভ নহয় বুলি বিশ্বাস কৰা হয়।
তিতা কাপোৰ ঘৰৰ ভিতৰত ৰখাৰ ফলত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ সৃষ্টি হয়। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু দীঘলীয়া শ্বাস-প্ৰশ্বাসজনিত অসুখ, চৰ্দি-কাহ বা ছালৰ সমস্যাই দেখা দিব পাৰে। জ্যোতিষ অনুসৰি ঘৰত শনি আৰু ৰাহুৰ নেতিবাচক প্ৰভাৱ পৰে।
বিশ্বাস অনুসাৰে, ঘৰত অবিৰতভাৱে তিতা কাপোৰ শুকুৱালে দেৱী লক্ষ্মীৰ কৃপা হ্ৰাস পায়। কাপোৰৰ আৰ্দ্ৰতা আৰু অস্বস্তিকৰ পৰিৱেশে দেৱী লক্ষ্মীৰ আগমনত বাধা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। আনহাতে কাপোৰ যদি পৰিষ্কাৰ আৰু সুগন্ধি হয়, তেতিয়া পশ্চিম বা দক্ষিণ-পশ্চিম দিশত শুকুৱাব পাৰে।
তেনে কৰিলে ঋণাত্মক শক্তি হ্ৰাস পায় আৰু ঘৰৰ স্থিৰতা বৰ্তি থাকে বুলি বিশ্বাস কৰা হয়। কাপোৰ শুকুৱাওঁতে খিৰিকী খোলা ৰাখিব। সেই স্থানত চন্দনৰ ধূপ ব্যৱহাৰ কৰিব পাৰে। সঠিক ঠাই আৰু পৰিৱেশ বাছনি কৰি ঘৰৰ ভিতৰত কাপোৰ শুকুৱালে ইয়াৰ নেতিবাচক প্ৰভাৱৰ পৰা বাচি থাকিব পৰা যায়।