শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্ৰেইন টিউমাৰ মানেই কৰ্কট ৰোগ নেকি? প্ৰধান লক্ষণসমূহ কি কি জানক…

মগজুৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰা অৱস্থাটোৱেই হ'ল টিউমাৰ ৰোগ। কিন্তু টিউমাৰৰ নাম শুনি মানুহে ভয় খায় আৰু ইয়াক কেন্সাৰ বুলি গণ্য কৰে। কিন্তু কেন্সাৰ আৰু টিউমাৰৰ পাৰ্থক্য বুজি পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ।

ব্ৰেইন টিউমাৰ মানেই কৰ্কট ৰোগ নেকি? প্ৰধান লক্ষণসমূহ কি কি জানক…
ব্ৰেইন টিউমাৰ লক্ষণ
trishna-kalita
Trishna Kalita | Updated On: 17 Sep 2025 09:18 AM

টিউমাৰ ৰোগত মগজুৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। কিন্তু টিউমাৰৰ নাম শুনি মানুহে ভয় খায় আৰু ইয়াক কেন্সাৰ বুলি গণ্য কৰে। কিন্তু কেন্সাৰ আৰু টিউমাৰৰ পাৰ্থক্য বুজি পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে কয় যে টিউমাৰ দুই প্ৰকাৰৰ, Benign (non-cancerous) আৰু Malignant (cancerous)। দুয়োটাৰ মাজৰ পাৰ্থক্য বুজি পোৱাৰ লগতে লক্ষণসমূহ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।

মগজুৰ কোষবোৰ যেতিয়া অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ইহঁতে এটা ঠাইত গোট খাই গোটৰ, এ ৰূপ লয়। যদি এই গোটটো লাহে লাহে বাঢ়ি যায় আৰু চাৰিওফালৰ কোষবোৰৰ কোনো ক্ষতি নকৰে, তেন্তে ইয়াক Benign (non-cancerous) বোলা হয়। যদি এই গোটবোৰে আন কোষবোৰ দ্ৰুতগতিত ধ্বংস কৰিবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক Malignant Tumor বা Brain Cancer বুলি কোৱা হয়।

প্ৰতিটো টিউমাৰ বিপদজনক নেকি?

জি বি পন্ত হাস্পতালৰ স্নায়ু অস্ত্ৰোপচাৰ বিভাগৰ প্ৰাক্তন এইচ অ’ ডি অধ্যাপক ডাঃ দলজিৎ সিঙে কয় যে, এই কথা বিশ্বাস কৰাটো ভুল। প্ৰতিটো টিউমাৰ বিপদজনক নহয়। বেনিন টিউমাৰ কেতিয়াবা ঔষধ বা অস্ত্ৰোপচাৰৰ দ্বাৰা ভাল হয়। আৰু ই শৰীৰৰ আন অংগলৈ বিয়পি নাযায়। যদিও এই ধৰণৰ টিউমাৰৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা বা দেখা আৰু শুনাত সমস্যা হয়, ইয়াৰ বিপৰীতে Malignant tumor গুৰুতৰ আৰু ইয়াৰ চিকিৎসাও দীঘলীয়া হয়। প্ৰায় ৭২ শতাংশ ব্ৰেইন টিউমাৰ কেন্সাৰ ৰোগ।

ব্ৰেইন টিউমাৰৰ লক্ষণ

বেনিন টিউমাৰৰ লক্ষণ সহজে চিনি পোৱা নাযায়। কেতিয়াবা এই টিউমাৰৰ লক্ষণসমূহ চিনি পাবলৈ মাহৰ পিছত মাহ সময় লাগে। আনহাতে মাৰাত্মক টিউমাৰৰ সময়ত লক্ষণসমূহ দ্ৰুতগতিত বৃদ্ধি পায়। এসপ্তাহৰ ভিতৰতে ইয়াৰ লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে আৰু আপোনাৰ অৱস্থাও দ্ৰুতগতিত অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

  • সঘনাই মূৰৰ বিষ, কেতিয়াবা বমি
  • মূৰ ঘূৰোৱা, অচেতন হোৱা
  • দৃষ্টিশক্তি ম্লান হোৱা, স্মৃতিশক্তি হেৰুৱাই পেলোৱা
  • শৰীৰৰ বহু অংশত বিষ
  • হাত-ভৰি অজ্ঞান হোৱা
  • শৰীৰত ভাৰসাম্য হেৰুৱাই পেলোৱা

মগজুৰ টিউমাৰৰ চিকিৎসা

টিউমাৰৰ প্ৰকাৰ, ইয়াৰ অৱস্থা আৰু ৰোগীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত অস্ত্ৰোপচাৰ, ৰেডিয়’থেৰাপি, কেমোথেৰাপি আৰু নতুন প্ৰযুক্তিৰ দৰে টাৰ্গেটেড থেৰাপী ব্যৱহাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা কেতিয়াবা বেনিন টিউমাৰ সম্পূৰ্ণৰূপে আঁতৰাব পাৰি, আনহাতে মাৰাত্মক টিউমাৰৰ চিকিৎসা দীৰ্ঘদিনলৈকে থাকে আৰু নিয়মীয়াকৈ নিৰীক্ষণৰ প্ৰয়োজন হয়।

লগতে পঢ়ক: সাধাৰণ বুলি আওকাণ কৰা এই সমস্যাবোৰ হ’ব পাৰে মুখৰ কৰ্কট ৰোগৰ লক্ষণ, কিদৰে প্ৰতিৰোধ কৰিব?