শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ প্ৰথম মেলেৰিয়া ভেকচিন, জানক কেনেকৈ কৰিব কাম

এতিয়া মেলেৰিয়াৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাৰ সময়। মেলেৰিয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু হৈছে ভাৰতৰ নিজা ভেকচিন AdFalciVax। সকলোৱে সজাগ হওক আৰু একেলগে মেলেৰিয়ামুক্ত ভাৰতৰ দিশত আগবাঢ়ক।

ভাৰতৰ প্ৰথম মেলেৰিয়া ভেকচিন, জানক কেনেকৈ কৰিব কাম
ভাৰতৰ প্ৰথম মেলেৰিয়া ভেকচিন
barasha-misra
Barasha Misra | Published: 21 Jul 2025 18:27 PM

Malaria Vaccine AdFalciVax: ভাৰতত মেলেৰিয়া এটা পুৰণি আৰু ভয়াৱহ ৰোগ। যিয়ে প্ৰতি বছৰে লাখ লাখ লোকক আক্ৰান্ত কৰে। বিশেষকৈ বাৰিষাৰ সময়ত যেতিয়া মহৰ সংখ্যা বৃদ্ধি পায়, তেতিয়া এই ৰোগ আৰু অধিক বিয়পিবলৈ আৰম্ভ কৰে। কিন্তু এতিয়া ভাৰতে মেলেৰিয়াৰ বিৰুদ্ধে এক বৃহৎ জয়ৰ দিশত এখোজ আগবঢ়াইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰস্তুত কৰিছে দেশৰ প্ৰথমটো থলুৱা মেলেৰিয়া ভেকচিন, যাৰ নাম AdFalciVax। এই ভেকচিনে বিশেষভাৱে Plasmodium falciparum নামৰ মেলেৰিয়াত আক্ৰান্তৰ ক্ষেত্ৰত কাম কৰে, যিটো মেলেৰিয়াৰ অন্যতম মাৰাত্মক সংক্ৰমণ।

AdFalciVax হৈছে এনে এক ভেকচিন যিয়ে মেলেৰিয়াৰ সংক্ৰমণ শৰীৰত প্ৰৱেশ কৰাৰ আগতেই বন্ধ কৰি দিয়ে। ইয়াৰ বাহিৰেও এই ভেকচিনটোৱে এইটোও নিশ্চিত কৰে যে যদি কাৰোবাৰ মেলেৰিয়া হয়, তেন্তে সেই ভাইৰাছ বা পৰজীৱী শৰীৰৰ পৰা আহি আন কাৰোবালৈ বিয়পি নাযায়। অৰ্থাৎ ই কেৱল শৰীৰক সুৰক্ষা দিয়াই নহয়, মেলেৰিয়াৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে। ইয়াক এনেদৰে ডিজাইন কৰা হৈছে যে ই শৰীৰত এক প্ৰকাৰৰ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰে যিয়ে মেলেৰিয়া পুনৰ শৰীৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

ভেকচিনৰ বিশেষ বৈশিষ্ট্য

ই সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত, অৰ্থাৎ ই “মেক ইন ইণ্ডিয়া” পদক্ষেপৰ অংশ। অৰ্থাৎ এতিয়া ভাৰতে মেলেৰিয়া ভেকচিনৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল নহ’ব আৰু নিজৰ দেশতে ইয়াৰ উপলব্ধতা বৃহৎ পৰিমাণে নিশ্চিত কৰিবলৈ সক্ষম হ’ব। ভাৰতত মেলেৰিয়া প্ৰতিৰোধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত AdFalciVax ভেকচিন সহায়ক বুলি প্ৰমাণিত হ’ব বুলি আশা কৰা হৈছে। যদি ই বৃহৎ পৰিসৰত সফল হয়, তেন্তে বিশ্ব পৰ্যায়তো ইয়াক ভাৰতৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক কৃতিত্ব বুলি গণ্য কৰা হ’ব।

ভেকচিন পৰীক্ষা আৰু ভৱিষ্যতৰ পৰিকল্পনা

বৰ্তমান এই ভেকচিনৰ প্ৰি-ক্লিনিকেল ষ্টেজ টেষ্টিং সম্পূৰ্ণ হৈ পজিটিভ ফলাফল পোৱা গৈছে। এতিয়া ইয়াক মানুহৰ ওপৰত পৰীক্ষাৰ বাবে ক্লিনিকেল পৰ্যায়লৈ লৈ যোৱা হৈছে। এই পৰ্যায়টো প্ৰায় দুবছৰলৈকে চলিব। যদি ইয়াতো সফল হয়, তেন্তে এই ভেকচিন সমগ্ৰ দেশতে মেলেৰিয়া নিৰ্মূলৰ দিশত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈ পৰিব পাৰে। আইচিএমআৰ আৰু অন্যান্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে ইয়াৰ ওপৰত অহৰহ কাম কৰি আছে যাতে ইয়াক অতি সোনকালে ৰাইজৰ বাবে উপলব্ধ হ’ব পাৰে।

মেলেৰিয়া এতিয়াও ডাঙৰ সমস্যা

মহামাৰী বিজ্ঞানী ডাঃ যুগল কিশোৰে বুজাইছে যে, ভাৰতৰ বহু ঠাইত বিশেষকৈ গ্ৰামাঞ্চল আৰু জনজাতীয় অঞ্চলত মেলেৰিয়া এতিয়াও এটা সাধাৰণ কিন্তু বিপদজনক ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি, ভাৰতত বিগত কেইবছৰমানৰ পৰা মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও ইয়াৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে। Plasmodium falciparum টাইপৰ মেলেৰিয়া আটাইতকৈ গুৰুতৰ। কিয়নো ই ৰক্তকণিকা আৰু অংগসমূহৰ দ্ৰুত ক্ষতি কৰিব পাৰে। সেয়ে এই বিশেষ ধৰণৰ মেলেৰিয়াৰ প্ৰতিষেধক সৃষ্টি কৰাটো এটা ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হৈছে।