দূপৰীয়াৰ আহাৰ খোৱাৰ পিছতে টোপনি আহে নেকি? এই দুবিধ সামগ্ৰীয়ে দূৰ কৰিব টোপনি
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত টোপনি অহাটো নিতান্তই স্বাভাৱিক কথা। আহাৰ গ্ৰহণৰ পিছতে দেহলৈ অহা অলস ভাৱে টোপনিও কঢ়িয়াই আনে। ইয়াৰ ফলত কামত সঠিকভাৱে মনোনিৱেশ কৰাত যথেষ্ট সমস্যা হয়। বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শ মানি চলিলে আপুনি এনে সমস্যাৰ পৰা সকাহ লাভ কৰিব।

দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত টোপনি অহাটো নিতান্তই স্বাভাৱিক কথা। আহাৰ গ্ৰহণৰ পিছতে দেহলৈ অহা অলস ভাৱে টোপনিও কঢ়িয়াই আনে। ইয়াৰ ফলত কামত সঠিকভাৱে মনোনিৱেশ কৰাত যথেষ্ট সমস্যা হয়। এনে পৰিস্থিতিত প্ৰয়োজনীয় কাম সময়মতে সম্পাদন কৰাত বিলম্ব ঘটে। লগতে এনে অভ্যাসে ব্যক্তিৰ কৰ্মজীৱনতো ব্যাপক প্ৰভাৱ পেলায়। যদি আপুনিও এই সমস্যাৰ সন্মুখীন হোৱাৰ বাবে চিন্তিত হৈ আছে, তেতিয়াহ’লে বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শ আপোনাৰ বাবে এই সমস্যা নিৰাময়ত যথেষ্ট সহায়ক হ’ব।
ফিটনেছ প্ৰশিক্ষক তথা পুষ্টিবিদ ৰুজুতা দিৱেকাৰে এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ৰুজুতা দিৱেকাৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ খানৰো ফিটনেছ প্ৰশিক্ষক। দিৱেকাৰে পোষ্টটোত উল্লেখ কৰা মতে, দুপৰীয়াৰ আহাৰত মাত্ৰ দুটা বস্তু অন্তৰ্ভুক্ত কৰিলেই আপুনি দুপৰীয়াৰ টোপনিৰ পৰা সহজেই মুক্তি পাব পাৰে।
তেওঁ কয় যে, দুপৰীয়া ভাগৰুৱা অনুভৱ, শক্তিৰ অভাৱ আৰু কামত মনোনিৱেশ কৰিব নোৱাৰা পৰিস্থিতিক ‘afternoon slump’ বুলি কোৱা হয়। সাধাৰণতে দুপৰীয়া ২ৰ পৰা ৪ বজাৰ ভিতৰত এনেকুৱা হয় আৰু মানুহৰ টোপনি আহিবলৈ আৰম্ভ কৰে, কাম কৰিবলৈ মন নাযায় আৰু শৰীৰত অলস অনুভৱ হয়। এনে ধৰণৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ দুবিধ সামগ্ৰী খাদ্যত অন্তৰ্ভুক্তি কৰিবলৈ পৰামৰ্শ দিয়ে।
তেওঁ এইক্ষেত্ৰত প্ৰথমে উল্লেখ কৰা সামগ্ৰীবিধ হৈছে ঘিউ। প্ৰাকৃতিক চৰ্বিৰ উৎস ঘিউৰ জৰিয়তে শৰীৰে দীৰ্ঘম্যাদী শক্তি প্ৰদান কৰে। আমি দুপৰীয়াৰ আহাৰত ঘিউ খালে লাহে লাহে হজম হয় আৰু গোটেই দিনটো শৰীৰ সক্ৰিয় কৰি ৰাখে। ঘিউ খালে তেজৰ চেনিৰ মাত্ৰাও ভাৰসাম্য ৰক্ষা পৰে, যাৰ ফলত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত হোৱা অলসতা হ্ৰাস পায়।
খাদ্য সঠিকভাৱে হজম হ’লে শৰীৰ পাতল লাগে আৰু আপোনাৰ টোপনি নাহে। ঘিউ পেটৰ বাবে অতি উপকাৰী, কাৰণ ই অন্ত্ৰক তেল যোগান ধৰে আৰু হজম শক্তি সহজ কৰি তোলে। খাদ্য ভালদৰে হজম হ’লে পেটত গধুৰ অনুভৱ নহয় আৰু দুপৰীয়াৰ এলাহ ভাৱ দূৰ হয়। ৰুজুতা দিৱেকাৰে উল্লেখ কৰা আনবিধ সামগ্ৰী হৈছে চাটনি। খাদ্যত চাটনি যোগ কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয়।
বিপাকীয় ক্ৰিয়া উন্নত হ’লে শৰীৰত শক্তি থাকে আৰু অলস অনুভৱ নকৰে। দুপৰীয়াৰ আহাৰত যদি অত্যধিক ভাত বা মিঠা বস্তু খোৱা হয়, তেতিয়া তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি বা হ্ৰাস পাব পাৰে। যাৰ ফলত মানুহৰ টোপনি অহাৰ অনুভৱ হয়। কিন্তু যদি খাদ্যত ঘিউ আৰু চাটনি থাকে, তেতিয়া তেজত চেনিৰ মাত্ৰা সুস্থিৰ হৈ থাকে আৰু গোটেই দিনটো শৰীৰে শক্তি লাভ কৰি থাকে।