বতৰ পৰিৱৰ্তনে চকুৰ স্বাস্থ্যতো পেলায় প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বেই গঢ়ি তোলক এনে অভ্যাস
সাধাৰণতে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান বেয়া অভ্যাসে আমাৰ চকু আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। কিছুমান অভ্যাসৰ জৰিয়তে আমি চকুৰ স্বাস্থ্য অটুট ৰাখিব পাৰোঁ। জানো আহক এনে কিছুমান সহজ অভ্যাসৰ বিষয়ে।

তীব্ৰ গৰমৰ পিছত শেহতীয়া কেইটামান দিনত ৰাজ্যত ডাৱৰীয়া হৈছে বতৰ। বতৰৰ এনে পৰিৱৰ্তনৰ সময়ত আমাৰ দেহত কিছুমান ৰোগে গা কৰি উঠে। জ্বৰ-চৰ্দিৰ পৰা আৰম্ভ কৰি পেটৰ বিষ, ডায়েৰিয়া আদি সমস্যা এই সময়ত দেখা পোৱা যায়। এনে ৰোগৰ সমান্তৰালকৈ বতৰ পৰিৱৰ্তন হ’লে চকুৰ কিছুমান সমস্যা যেনে ৰঙা পৰা, পানী ওলোৱা, ফুলি উঠা, খজুৱতি আদি হোৱাও দেখা পোৱা যায়। তদুপৰি আমাৰ অস্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভ্যাসৰ বাবে বৰ্তমান কম বয়সতে দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ সমস্যাও ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে।
সাধাৰণতে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান বেয়া অভ্যাসে আমাৰ চকু আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। চকুৰ পতা আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ, গতিকে ইয়াৰ বাবে কিছু অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়, কিন্তু আমি প্ৰায়ে ইয়াক আওকাণ কৰোঁ। কিছুমান অভ্যাসৰ জৰিয়তে আমি চকুৰ স্বাস্থ্য অটুট ৰাখিব পাৰোঁ।
যদি আপুনি দৃষ্টিশক্তি ম্লান হোৱা, স্থায়ী মূৰৰ বিষ, চকুৰ এটা ফালৰ বিষ, বা চকুত টানি ধৰাৰ দৰে অনুভৱ কৰা আদি সমস্যাৰ সন্মুখীন হয়, তেতিয়া লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াৰ সমান্তৰালকৈ দৈনন্দিন জীৱনত কিছুমান অভ্যাস গঢ়ি তুলি এইক্ষেত্ৰত আগতীয়াকৈ সুৰক্ষিত হৈ থাকিব পাৰি।
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক
চকুৰ এলাৰ্জীৰ পৰা হাত সাৰিবলৈ হ’লে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সঘনাই চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। ইয়াৰ উপৰিও চকুত বেক্টেৰিয়া নলগাকৈ হাত দুখন সদায় পৰিষ্কাৰ কৰি ৰাখক। যদি ঘৰৰ ভিতৰত হওক বা বাহিৰত ধূলি উৰি থাকে, ধূলিৰ পৰা আঁতৰি থাকক বা চশমা পিন্ধক।
এলাৰ্জী হ’লে কি কৰিব লাগে
যদি আপুনি চকুৰ কোনো সমস্যা, যেনে খজুৱতি, আঠা বা শুকান যেন অনুভৱ কৰে, চিকিৎসকৰ পৰামৰ্শ লওক। অধিক ভিৰ হোৱা স্থানৰ পৰা আঁতৰি থাকক আৰু বাহিৰলৈ ওলাই যাওঁতে ভাল ছানগ্লাছ পৰিধান কৰক।
মানি চলক এই বিশেষ নিয়ম
যদি আপুনি গোটেই দিনটো কম্পিউটাৰত কাম কৰে, তেতিয়া ২০-২০-২০ নিয়ম মানি চলক। দীঘলীয়া স্ক্ৰীণ টাইম আজিকালি চকুৰ ক্ষতিৰ এটা প্ৰধান কাৰণ। প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বিৰতি লওক, আৰু এই সময়ছোৱাত ২০ ফুট দূৰৰ কোনো বস্তুৰ ওপৰত মনোনিৱেশ কৰক। লগতে কাম শেষ কৰাৰ পিছত আপোনাৰ ফোন স্ক্ৰীণৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।
সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰক
সাধাৰণতে ৰ’দৰ পৰা ৰক্ষা পাবলৈ অধিকাংশ লোকেই ছালত ছানস্ক্ৰীণ লগায়, কিন্তু চকুৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰে। সূৰ্যৰ অতি বেঙুনীয়া (UV) ৰশ্মিয়ে আপোনাৰ চকুৰো ক্ষতি কৰে, গতিকে যেতিয়াই আপুনি ৰ’দত ওলাই যায় তেতিয়াই UV প্ৰটেকচন ছানগ্লাছ পৰিধাম কৰক।
ভাল টোপনি গুৰুত্বপূৰ্ণ
সামগ্ৰিক স্বাস্থ্যৰ লগতে চকুক সুস্থ কৰি ৰখাৰ বাবে ৭ৰ পৰা ৮ ঘণ্টা ভালকৈ টোপনি অহাটো অতি প্ৰয়োজনীয়। নিশা দেৰিলৈকে থকাৰ অভ্যাস ত্যাগ কৰক। এক নিৰ্দিষ্ট সময়ত সদায় শোৱাৰ অভ্যাস গঢ়ি তোলক আৰু পুৱা সোনকালে উঠাৰ অভ্যাস কৰক। ইয়াৰ দ্বাৰা চকু দুটা সতেজ হৈ থাকে আৰু পুৱা চকুকেইটা গধুৰ অনুভৱ নহয়।
স্বাস্থ্যকৰ খাদ্য
স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰখাটো সামগ্ৰিক স্বাস্থ্যৰ লগতে চকুৰ বাবেও আটাইতকৈ গুৰুত্বপূৰ্ণ। খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। সেউজীয়া শাক-পাচলিত ভিটামিন এৰ লগতে আন বহুতো পুষ্টিকৰ উপাদান থাকে। লগতে ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য যেনে আলমণ্ড, আখৰোট, মাছ, কণী আদিও অন্তৰ্ভুক্ত কৰিব লাগে। গাজৰ, মিঠা আলু আদিও কেৰটিন আৰু আন বহুতো ভিটামিনযুক্ত শাক-পাচলি।