কলাখাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব, জানক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে
কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী।

অসমত খাৰ ভীমকলৰ বাকলি, মধুনা আৰু ধান খেৰ পুৰি উলিওৱা ছাঁইৰপৰা তৈয়াৰ কৰা হয়। ছাঁইখিনি পানীত তিয়াই থোৱাৰ পাছত যিখিনি ৰঙচুৱা পানী ওলাই তাক খাৰণী (Alkali) বোলে। ধান খেৰৰ খাৰণী সাধাৰণতে কাপোৰ, চুলি, বাচন আদি ধোবৰ বাবে ব্যৱহাৰ কৰা হয়। খাবৰ বাবে ভীমকলৰ বাকলি, মধুনাৰ পৰা তৈয়াৰ কৰা খাৰণী ব্যৱহাৰ কৰা হয়। খাৰণী দি ৰন্ধা খাদ্য অসমীয়া লোকৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম।
কলাখাৰ কি?
কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। সাধাৰণতে ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়। কেতিয়াবা কলৰ গছ অংশও ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়।
অতীতকালৰ অসমত নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল কোনো কোনো অঞ্চলত মৃতকৰ সকামত দিয়া ভোজত খাৰ-মাছ ৰন্ধাটো মাংগলিক নিয়মৰ ভিতৰতে পৰে। আগৰ দিনত নিমখ সততে পোৱা নগৈছিল বাবে নিমখৰ মূল্য বহুত বেছি আছিল। তেতিয়া সাধাৰণ মানুহে লোণৰ সলনি খাৰণি ব্যৱহাৰ কৰিছিল। খাৰে অম্লক প্ৰশমিত কৰে বাবে অম্লশূল ৰোগত খাৰণি দি ৰন্ধা খাদ্য উপকাৰী। খাৰণি দি ৰন্ধা খাদ্যত হালধি দিলে ৰঙচুৱা বা মুগা বৰণৰ হয়। সেয়ে খাৰণি দি ৰন্ধা খাদ্যত হালধি সাধাৰণতে নিদিয়ে।
খাৰখোৱা অসমীয়া
অসমীয়াসকলক খাৰখোৱা অসমীয়া বুলি কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দি খাইছিল, তেনেকৈয়ে অসমীয়া সমাজত খাৰ এক খাদ্যজাত সামগ্ৰী হিচাপে জনপ্ৰিয় হৈ উঠে আৰু এই অভ্যাসেই অসমীয়া সকলক “খাৰখোৱা অসমীয়া”ত পৰিণত কৰে।
উপকাৰিতা আৰু অপকাৰিতা
খাৰ অসমীয়া সমাজত যথেষ্ঠ প্ৰচলিত যদিও খাৰৰ আছে বহু উপকাৰি গুণ। কিন্তু অত্যাধিক খোৱাটো শৰীৰৰ বাবে অপকাৰো হ’ব পাৰে।
- কলত থকা প’টাছিয়াম নামৰ উপাদানবিধ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব। মানুহৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ প্ৰয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ’ব পাৰে।
- প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।
- কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে।
- কলৰ ছাইৰ পৰা উৎকৃষ্ট অ’ৰ্গেনিক বা জৈৱিক সাৰ উৎপাদন কৰা হয়।
- কলৰ ছাইৰ পৰা চাবোন বা অন্য ডিটাৰজেণ্ট তৈয়াৰ কৰা হয়।
- চীন, জাপান আৰু আমেৰিকাৰ দৰে উন্নত দেশত হোৱা গৱেষণা অনুসৰি মাতৃৰ গৰ্ভাৱস্থাত খাৰ বা খাৰুৱা পানীৰ প্ৰয়োজনীয়তা আছে।
- খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্ণিং ছিকনেছ আঁতৰ কৰে।
- খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়।
- খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়।
- নৱজাতকৰ জণ্ডীচৰ সম্ভাৱনা হ্ৰাস পায়।
- খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটীৰ উপশম ঘটায়। অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়। আভোক আঁতৰায়। খাদ্য সহজে হজম কৰায়।
বিভিন্ন উপকাৰিতাসমূহৰ ভিতৰত কলাখাৰৰ কিছুমান বিশেষ অপকাৰিতা হ’ল :
খাদ্যত অতিমাত্ৰা কলাখাৰ ব্যৱহাৰ কৰিলে ই খাদ্যৰ সোৱাদ নষ্ট কৰাৰ লগতে পুষ্টিগুণো কিছু পৰিমাণে নাশ কৰে৷
কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্যৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা প্ৰকাশ কৰিছে।