Assamese Food: টেকেলি পিঠা খাই ভাল পায় নে? কেনেকৈ সহজতে বনাব টেকেলি পিঠা জানক…
চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া খাদ্য। পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে। অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন উৎসৱ বা ঘৰুৱা অনুষ্ঠানটো পিঠা পৰিৱেশন কৰা হয়।

অসমৰ জনপ্ৰিয় পিঠাৰ ভিতৰত অন্যতম টেকেলি পিঠা। বিগবছত গৈ খানজাদীয়ে গোটেই ভাৰতবৰ্ষক জনাইছিল এই পিঠাৰ বিষয়ে। টেকেলি পিঠা অসমৰ স্থানীয় পিঠা। চেৱা দিয়া ভাত আৰু টেকেলী পিঠা কৰাৰ পদ্ধতিৰ মিল আছে৷। ভাৰতৰ আন ঠাইত এনেদৰে ভাত বা পিঠা কৰাৰ পদ্ধতি নাই৷
এই পিঠা বনাবলৈ চাউলৰ গুড়িৰ প্ৰয়োজন। আগৰ দিনত ঢেঁকীত চাউল খুন্দি পিঠাগুড়ি প্ৰস্তুত কৰিছিল। পিঠাগুড়িৰে প্ৰধানকৈ বিভিন্ন ধৰণৰ পিঠা প্ৰস্তুত কৰাৰ লগতে জলপান হিচাপে ব্যৱহাৰ কৰা হয়।
আৰৈ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ’লেই এইবিধ পিঠা বনাব পাৰি। প্ৰথমে মধ্যমীয়া মাটিৰ টেকেলি এটাত পেটলৈকে পানী পূৰাই জুইৰ ওপৰত থ’ব লাগে। আৰৈ চাউলৰ পিঠাগুড়ি এটা ডাঙৰ পাত্ৰ অথবা ডলাত লৈ অলপ নিমখ মিহলাই চেঁচা পানী ছটিয়াই ভালদৰে সানি অলপ অলপকৈ চালনীৰে চালি পানী উতলোৱা টেকেলি এটাৰ মুখেৰে সৰকি নোযোৱা বাটি এটাত এখন বগা পাতল কাপোৰ পাৰি পানীমোহাৰি লোৱা পিঠাগুড়ি এতৰপ দি দ্বিতীয় তৰপত নাৰিকল, চেনি অথবা তিল গুড়ৰ মিশ্ৰণ দি তৃতীয় তপত আকৌ পিঠাগুড়ি দি অলপ টিপিলৈ কাপোৰখনত মুঠি মাৰি টেকেলিটোৰ মুখত বহাই দিব লাগে। কিছুসময় পাছত পিঠাখন সিজিলে নমাব লাগে। মাজত নাৰিকল, চেনি অথবা তিল-গুড়ৰ মিশ্ৰণ নিদিয়াকৈ টেকেলি পিঠা সাজিব পাৰি। আজিকালি টেকেলিৰ মুখত দিয়াতকৈ টিপতৰ মুখত দিহে এই বিধ পিঠা প্ৰস্তুত কৰাত অগ্ৰাধিকাৰ দিয়া দেখা যায়। টিপতৰ মুখখনত এটা সোপা দিব লাগে আৰু তাৰ ঢাকনিখনত অলপ তেল বা ঘি সানি পানী মোহাৰি লোৱা পিঠাগুড়ি ভৰাই তাৰ ওপৰত পৰিষ্কাৰ পাতল কাপোৰখন মেৰাই পানী উতলি থকা টিপতটোত ঢাকি দিলে তিনি/চাৰি মিনিটতে ভাপৰ পিঠাখন খোৱাৰ উপযোগী হৈ উঠে। পৰম্পৰাগতভাৱে এই পিঠা মাটিৰ টেকেলিত বনোৱা হৈছিল। আজিকালি কেটলীৰ ভাপত বনোৱা বাবে ইয়াক কেটলী পিঠা বুলিও কোৱা হয়। কিছুমানে ষ্টীমাৰ বা প্ৰেচাৰ কুকাৰতো এই পিঠা গিলাছৰ ভিতৰত বনায়। সেয়ে গিলাছ পিঠা নামটোৱো বৰ্তমান ঠাই ভেদে প্ৰচলিত। ভাপত সিজোৱা পিঠা কেইবাপ্ৰকাৰো আছে৷ কেটলী মুখত দিয়া পিঠা, টেকেলী পিঠা, লাও পিঠা, উৰহী পিঠা, জকাই পিঠা, ফেনী পিঠা, কঁঠাল পিঠা, তাল পিঠা, কল পিঠা আদি৷
অৱশ্যে অসমৰ উপৰিও, উৰিষ্যা, পশ্চিমবংগ, বিহাৰ, বাংলাদেশ আদিতো পিঠাৰ বহুল প্ৰচলন আছে।