শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mouth Ulcers : মুখৰ আলচাৰ পৰা সকাহ পাবলৈ কি কৰিব ? জানক এই কেইটা ঘৰুৱা উপায়…

মুখৰ ভিতৰত আলচাৰ হ’লে তীব্ৰ বিষ অনুভৱ কৰাৰ লগতে খাদ্য খোৱাত সাংঘাতিক ধৰণে সমস্যা সৃষ্টি হয় । যদি আপোনাৰ আলচাৰ সমস্যা হয়, তেন্তে কেইটামান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে ।

Mouth Ulcers : মুখৰ আলচাৰ পৰা সকাহ পাবলৈ কি কৰিব ? জানক এই কেইটা ঘৰুৱা উপায়…
মুখৰ আলচাৰৰ পৰা সকাহ পাবলৈ কি কৰিব লাগে
Manas Borah
Manas Borah | Published: 02 Sep 2024 21:49 PM

প্ৰায় সংখ্যক লোকৰে মুখৰ ভিতৰত আলচাৰ হোৱা দেখা যায় । এই সমস্যা হ’লে তীব্ৰ বিষ অনুভৱ কৰাৰ লগতে খাদ্য খোৱাত সাংঘাতিক ধৰণে সমস্যা সৃষ্টি হয় । বিশেষজ্ঞসকলৰ মতে,মুখৰ আলচাৰৰ আঁৰৰ কাৰণসমূহ হ’ল- হৰম’নৰ পৰিৱৰ্তন, পাকস্থলী গৰম হোৱা, অত্যাধিক গৰম চাহ বা কফি খোৱা আদি । যদি আপোনাৰ আলচাৰ সমস্যা হয় তেন্তে কেইটামান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে ।

মনত ৰাখিব যদি আলচাৰ বেছি দিনলৈকে থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যদি আলচাৰ স্বাভাৱিক অৱস্থাত থাকে, তেন্তে কিছুমান প্ৰতিকাৰৰ সহায়ত আপুনি সোনকালে সকাহ পাব পাৰে ।

পাণ অতি উপযোগী

তামোল-পাণ অসমীয়া সমাজৰ পৰম্পৰাৰ অংশ । প্ৰত্যেক গৰাকী অসমীয়াই তামোল-পান প্ৰায়ে খায় । আপোনাৰ যদি আলচাৰ হৈছে, তেন্তে পাণ ব্যৱহাৰ কৰিব পাৰে । প্ৰথমে পাণ খিলা অলপ সময় পানীত তিয়াই ল’ব আৰু তাৰ পাছত ইয়াৰ পেষ্ট তৈয়াৰ কৰিব । এই পেষ্টটো আলচাৰ হোৱা ঠাইত অলপ সময় লগাই ৰাখিব। দিনটোত দুবাৰৰ পৰা তিনিবাৰ এই কাম কৰিলে তাৎক্ষণিক আলচাৰৰ পৰা সকাহ পোৱা যায়।

গ্লিচাৰিন উপকাৰী

মুখৰ আলচাৰৰ পৰা সকাহ পাবলৈ গ্লিচাৰিন প্ৰয়োগ কৰিব পাৰে । কপাহ এডোখৰ গ্লিচাৰিনত ডুবাই আলচাৰ হোৱা ঠাইত লগাব লাগে । ইয়াৰ ফলত এদিন বা দুদিনত বহুত সকাহ পাব পাৰি ।

পদিনাই তৎক্ষণাত সকাহ দিয়ে

মুখৰ আলচাৰৰ পৰা সকাহ পাবলৈ পদিনা ব্যৱহাৰ কৰিব পাৰে । ই আলচাৰ হোৱা অংশটো শীতল কৰি ৰাখিব । পদিনাৰ জৰিয়তে দুই-তিনি দিনত আলচাৰৰ পৰা সম্পূৰ্ণৰূপে সকাহ পাব পাৰি।