প্ৰাকৃতিকভাৱে চৰ্বিযুক্ত যকৃত কেনেকৈ ভাল কৰিব পাৰি ? জানক
ভুল খাদ্যাভ্যাস বা বেয়া জীৱনশৈলীৰ বাবে লিভাৰত চৰ্বি জমা হ'ব। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ফেটি লিভাৰৰ সমস্যা ৰোধ বা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিজাকৈ কি পদক্ষেপ গ্ৰহণ কৰিব।

প্ৰতীকী ফটো
মদ্যপান নকৰাকৈ হোৱাৰ ফেটি লিভাৰ(NAFLD) বৰ্তমান সময়ত ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰকাশিত তথ্য অনুসৰি, মহিলাসকলতকৈ পুৰুষৰ এই সমস্যা সৰ্বাধিক হোৱা দেখা গৈছে । যদি ইয়াৰ লক্ষণ আওকাণ কৰা নহয় বা সময় মতে ইয়াক চিনাক্ত কৰিব পাৰিলে ইয়াৰ চিকিৎসা সহজ হয়। অন্যথা ই ডাঙৰ সমস্যাত পৰিগণিত হ’ব পাৰে।
যদিও আপুনি মন্যপান নকৰে, কিন্তু আপোনাৰ ভুল খাদ্যাভ্যাস বা বেয়া জীৱনশৈলীৰ বাবে লিভাৰত চৰ্বি জমা হ’ব। যিটোকলৈ আগতীয়াকৈ সচেতন হ’ব লাগে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ফেটি লিভাৰৰ সমস্যা ৰোধ বা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিজাকৈ কি পদক্ষেপ গ্ৰহণ কৰিব।
ফেটি লিভাৰৰ সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব?
- চৰ্বিযুক্ত যকৃত থকাসকলে খাদ্যত চুগাৰৰ মাত্ৰা হ্ৰাস কৰিব লাগে। বিশেষকৈ চ’ডা, ফলৰ ৰস, প্ৰচেছড খাদ্যত পোৱা ফ্ৰুক্ট’জৰ অত্যধিক সেৱনে যকৃতক আগুৰি ধৰিব পাৰে আৰু ফলত চৰ্বি জমা হ’ব পাৰে।
- সময় সীমিত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। অৰ্থাৎ মাজে মাজে উপবাসে থাকিলে যকৃতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।
- খাদ্যত আঁহৰ পৰিমাণ বৃদ্ধি কৰক। আঁহৰ বাবে শাক-পাচলি, ওটছ, চিয়া বীজ, আৰু মাহজাতীয় শস্য খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। খাদ্যত অধিক আঁহ অন্তৰ্ভুক্ত কৰিলে আন্ত্ৰিক স্বাস্থ্যত উন্নত হয়।
- চৰ্বিযুক্ত যকৃতৰ ৰোগ নিয়ন্ত্ৰণত শাৰীৰিক কাৰ্যকলাপে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ব্যায়ামে যকৃতৰ চৰ্বি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। লগতে নিয়মীয়া যোগাসন অভ্য়াস কৰিব পাৰে।
- চৰ্বিযুক্ত যকৃতৰ সমস্যা হ্ৰাস কৰাৰ বাবে অতিৰিক্ত ওজন হ্ৰাস কৰাটো আটাইতকৈ ফলপ্ৰসূ কৌশলৰ ভিতৰত অন্যতম। নিয়মীয়া শৰীৰ চৰ্চা আৰু স্বাস্থ্যকৰ খাদ্যৰ জৰিয়তে শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। চৰ্বিযুক্ত যকৃতৰ সমস্যা থাকিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন।
- মদ্যপান সম্পৰ্কীয় চৰ্বিযুক্ত যকৃতৰ ক্ষেত্ৰত মদ্যপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে । নিয়মিত মদ্যপান কৰিলে যকৃতৰ ক্ষতি আৰু বেছি হ’ব পাৰে, গতিকে যিকোনো মদ্যপান কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।
- উল্লেখ্য যে, চৰ্বিযুক্ত যকৃতৰ সমস্য়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ইয়াৰ লগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি খাদ্যাভ্যাস সলনি কৰাৰ লগতে জীৱনশৈলী সলনি কৰক।