শীতকালত কিমানবাৰ চেম্পু কৰা উচিত? ভুল কৰিলে সৰিব অত্যাধিক চুলি!
চুলি যিমানেই যত্ন ল’ব সিমানেই শক্তিশালী হৈ থাকিব আৰু উজ্জ্বল হৈ থাকিব। আমি যেনেকৈ আমাৰ স্বাস্থ্যৰ যত্ন লওঁ, তেনেকৈয়ে চুলিৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। আজিকালি বেছিভাগ মানুহেই বেয়া জীৱনশৈলীৰ বাবে চুলি সৰা আৰু উফিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। চুলি সৰা বন্ধ কৰাটো সহজ নহয়।
শীতকালত চুলি ধোৱাৰ লগতে মূৰৰ ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। শীতকালত চুলিৰ উন্নত স্বাস্থ্যৰ বাবে চুলি ধোৱাৰ পদ্ধতি অলপ বেলেগ। ঠাণ্ডা বতৰত চুলিত প্ৰাকৃতিক তেল আৰু আৰ্দ্ৰতা থাকে, যাৰ বাবে চুলি কম শুকান হৈ পৰে। বিশেষজ্ঞসকলে কয় যে, এই বতৰত চুলি বেছিকৈ ধোৱাৰ প্ৰয়োজন নাই। শীতকালত সপ্তাহত ২-৩ বাৰ চুলি ধুলে ভাল। বেছি ধুলে চুলি দুৰ্বল হয়। অৱশ্যে আপোনাৰ চুলিৰ ধৰণৰ ওপৰতো নিৰ্ভৰ কৰে।
শীতকালত চুলি ধোৱাৰ আগতে কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে। যদি আপোনাৰ চুলি তেলতেলীয়া হয় তেন্তে সপ্তাহত তিনিবাৰলৈকে চুলি ধুব পাৰে। যদি আপোনাৰ চুলি শুকান তেন্তে সপ্তাহত দুবাৰকৈ চুলি ধুলে ভাল। ইয়াৰ চুলি বেছি চিঙি নাযায় আৰু বেছি সময় ভালে থাকে।
শীতকালত চুলি ধুবলৈ কোমল আৰু মইশ্ব’ৰাইজিং শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। শ্বেম্পুত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে, ছালফেট আদি থাকিব নালাগে কাৰণ এইবোৰে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাৰ ক্ষতি কৰে। মৌ, নাৰিকল তেল বা আমলা-মেথি আদি প্ৰাকৃতিক উপাদান থকা শ্বেম্পু চুলিৰ বাবে ভাল। এইবোৰৰ পৰা চুলিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে।
ইয়াৰ উপৰিও শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটোও অতি প্ৰয়োজনীয়। ইয়াৰ ফলত চুলি কোমল আৰু মসৃণ হৈ থাকে। চুলি ধোৱাৰ পিছত টাৱেল বা গামোচাৰে শুকুৱাই ল’ব নালাগে। চুলিত হেয়াৰ ড্ৰায়াৰ কম ব্যৱহাৰ কৰক কাৰণ ইয়াৰ ফলত চুলি আৰু শুকান হ’ব পাৰে।