শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জিনীয় কাৰণত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কিমান! কি কয় বিজ্ঞানে, জানো আহক

কলন কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ বা কিছুমান ক্ষেত্ৰত তেজৰ কৰ্কট ৰোগো পৰিয়ালৰ একাধিক সদস্যৰ ক্ষেত্ৰত দেখা যায়। যদি ঘনিষ্ঠ আত্মীয়— যেনে মাতৃ, পিতৃ, ভাতৃ-ভগ্নী বা সন্তান এই ৰোগত আক্ৰান্ত হয়, তেতিয়া আন সদস্যৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি হয়।

জিনীয় কাৰণত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কিমান! কি কয় বিজ্ঞানে, জানো আহক
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 17 Aug 2025 18:40 PM

সাম্প্ৰতিক সময়ত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগ শৰীৰৰ ক্ষতিকাৰক কৰ্কট কোষৰ দ্ৰুত বৃদ্ধিৰ ফলত এই জটিল ৰোগ হয় এই ৰোগ আপাত দৃষ্টিত সংক্ৰামক নহয়। কিন্তু জিনীয় কাৰণতো এই ৰোগ পাৰে বিশেষজ্ঞসকলে উল্লেখ কৰা মতে কেঞ্চাৰত বংশগত কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, অৱশ্যে এই ৰোগৰ বাবে জীৱনশৈলী, পৰিৱেশ আৰু খাদ্যাভ্যাসো সমানে দায়ী। গতিকে পৰিয়ালত পূৰ্বে কোনো লোকৰ কেঞ্চাৰ থাকিলে পৰৱৰ্তী প্ৰজন্মৰ কোনো সদস্যৰ কেঞ্চাৰ হোৱাৰ আশংকা বাঢ়ি যায় অৱশ্যে এইক্ষেত্ৰতো ১০০% নিশ্চয়তা নাই।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে সকলো কেঞ্চাৰ ৰোগ বংশগত নহয়। অধ্যয়নত দেখা গৈছে যে কৰ্কট ৰোগৰ মাত্ৰ ৫ৰ পৰা ১০ শতাংশহে প্ৰত্যক্ষভাৱে জিন বা বংশগত কাৰকৰ বাবে হয়। উদাহৰণস্বৰূপে, BRCA1 বা BRCA2 নামৰ জিনৰ পৰিৱৰ্তনৰ বাবে কেতিয়াবা স্তন কেঞ্চাৰ বা ডিম্বাশয়ৰ কেঞ্চাৰ বংশগত হ’ব পাৰে।

কলন কেঞ্চাৰ, প্ৰষ্টেট কেঞ্চাৰ বা কিছুমান ক্ষেত্ৰত তেজৰ কৰ্কট ৰোগো পৰিয়ালৰ একাধিক সদস্যৰ ক্ষেত্ৰত দেখা যায়। যদি ঘনিষ্ঠ আত্মীয় যেনে মাতৃ, পিতৃ, ভাতৃ-ভগ্নী বা সন্তান এই ৰোগত আক্ৰান্ত হয়, তেতিয়া আন সদস্যৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি হয়।

কেৱল বংশগত জিনেই নহয়, পৰিৱেশ আৰু জীৱনশৈলীও কেঞ্চাৰৰ আশংকাত প্ৰভাৱ পেলায়। ধূমপান, মদ্যপান, অস্বাস্থ্যকৰ খাদ্য, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, প্ৰদূষণ বা অত্যধিক ৰ’দৰ সংস্পৰ্শ – এই সকলোবোৰে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। অৰ্থাৎ কৰ্কট ৰোগৰ পাৰিবাৰিক ইতিহাস নাথাকিলেও অস্বাস্থ্যকৰ অভ্যাসৰ বাবে কৰ্কট ৰোগ হ’ব পাৰে।

কেঞ্চাৰৰ আন এটা কাৰক হ’ল বয়স। সাধাৰণতে বয়সৰ লগে লগে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে পৰিয়ালটোৰ কোনো সদস্যৰ কম বয়সতে বিশেষকৈ ৫০ বছৰ বয়সৰ পূৰ্বে কৰ্কট ৰোগ ধৰা পৰিলে বংশগত হোৱাৰ সম্ভাৱনা বেছি। এনে ক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী।

যদি পূৰ্বে পৰিয়ালৰ কোনো লোকৰ কৰ্কট ৰোগ হয়, তেতিয়া সোনকালে পৰীক্ষা কৰা আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা অতি প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, স্তন কেন্সাৰৰ মেম’গ্ৰাফী, কলন কেঞ্চাৰৰ বাবে কলনস্কপি ইত্যাদি জিনীয় পৰীক্ষাৰ জৰিয়তে এই বিষয়ে জানিব পাৰি।