শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত দৈনিক কিমানটা কণী খাব লাগে? বিশেষজ্ঞই কি কয় জানক…

কণী হৈছে প্ৰ'টিন, ভিটামিন, খনিজ আৰু স্বাস্থ্যকৰ চৰ্বিৰ এক উৎকৃষ্ট উৎস। কিন্তু শীতকালত কিমানটা কণী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী? ইয়াৰ লগতে কণী খোৱাৰ লাভালাভ সম্পৰ্কে বিশেষজ্ঞৰ পৰা জানো আহক...

শীতকালত দৈনিক কিমানটা কণী খাব লাগে? বিশেষজ্ঞই কি কয় জানক…
শীতকালত দৈনিক কিমানটা কণী খাব লাগে?
trishna-kalita
Trishna Kalita | Published: 07 Dec 2024 16:44 PM

কণী প্ৰায়ভাগ লোকে নিতৌ খাদ্যত অন্তৰ্ভুক্ত কৰে। বহু লোকৰ এবিধ প্ৰিয় ব্ৰেকফাষ্ট কণী।  শীতকালত কণী খোৱাৰ শৰীৰৰ বহুতো উপকাৰীতা আছে। এই এক পুষ্টিকৰ আৰু লগতে শক্তি সমৃদ্ধ খাদ্য। কণী খাই, শৰীৰ সুস্থ কৰি ৰখা লগতে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। কণীয়ে কেৱল ঠাণ্ডাত শৰীৰ গৰম কৰি ৰখাই নহয় লগতে পুষ্টিও প্ৰদান কৰে। কিন্তু এই বতৰত আপুনি দৈনিক কিমানটা কণী খোৱা উচিত? বিশেষজ্ঞসকলৰ পৰা ইয়াৰ বিষয়ে জানো আহক

পুষ্টিবিদ নমামি আগৰৱালে কয় যে, কণীত প্ৰ’টিন, ভিটামিন এ, ডি, ই আৰু বি12, আইৰন, জিংক আৰু চেলেনিয়াম আদি বস্তু থাকে। ইয়াত অমেগা-3 ফেটি এচিড থাকে। যি হৃদযন্ত্ৰ ভালে ৰথাৰ বাবে উপকাৰী। কণী খোৱাৰ পৰিমাণ ব্যক্তিজনৰ বয়স, স্বাস্থ্য, জীৱনশৈলীৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে।

শীতকালত কণী খোৱাৰ লাভালাভ

শক্তিৰ উৎস: শীতকালত, শৰীৰক অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয়। কিয়নো ঠাণ্ডা বতৰত শৰীৰ গৰম ৰাখিবলৈ অধিক শক্তি ব্যৱহাৰ হয়। কণীত প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। যিয়ে শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: কণীত যথেষ্ট পৰিমাণৰ ভিটামিন ডি থাকে। যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। শীতৰ সময়ত মানুহে প্ৰায়ে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ কমকৈ আহে। যাৰ ফলত ভিটামিন ডি-ৰ অভাৱ হ’ব পাৰে। এনে পৰিস্থিতিত, এই অভাৱ পূৰণ কৰাৰ বাবে কণী হৈছে এক উৎকৃষ্ট উৎস।

ছাল আৰু চুলিৰ বাবে উপকাৰী: ঠাণ্ডা বতাহ আৰু শীতকালত কম আৰ্দ্ৰতাৰ ফলত ছাল আৰু চুলি শুকান হ’ব পাৰে। কণীত অমেগা-3 ফেটি এচিড আৰু ভিটামিন ই থাকে। যিয়ে ছাল হাইড্ৰেটেড আৰু চুলিৰ ভালে ৰখাত সহায় কৰে।

পেশীৰ শক্তি: কণী হৈছে প্ৰ’টিনৰ এক ভাল উৎস। যি পেশী শক্তিশালী কৰাত সহায় কৰে। শীতকালত, যেতিয়া মানুহে প্ৰায়ে ব্যায়াম কৰে বা শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰে, কণী খোৱাটোৱে পেশীবোৰ ভালদৰে আৰোগ্য কৰি ৰখাত সহায় কৰে।

দৈনিক কিমানটা কণী খোৱা উচিত?

সাধাৰণতে, এজন স্বাস্থ্যৱান ব্যক্তিক প্ৰতিদিনে ১ ৰ পৰা ২টা কণী খাবলৈ পৰামৰ্শ দিয়া হয়। যদি আপুনি ব্যায়াম কৰে বা শাৰীৰিক কাৰ্যকলাপৰ ক্ষেত্ৰত অধিক সক্ৰিয় হয়, আপুনি ৩টালৈকে কণীও খাব পাৰে। মনত ৰাখিব যে কণী কলেষ্টেৰল থাকে, সেয়েহে অধিক কণী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।