শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চফৰ জৰিয়তে উজ্জল কৰি তোলক ছালখনঃ এইদৰে কৰক ব্যৱহাৰ, দেখা পাব ফল…

কেৱল পেটৰ বাবেই নহয়, আমাৰ দেহৰ ছালৰ বাবেও অত্যন্ত উপকাৰী চফ। স্বাভাৱিকতেই সকলো লোকে দেহৰ ছালখন উজ্জল হোৱাটো বিচাৰে। ইয়াৰ বাবে ব্যয়বহুল প্ৰসাধন সামগ্ৰীও ব্যৱহাৰ কৰে। কিন্তু ধন খৰচৰ পৰিৱৰ্তে ঘৰুৱা উপায়েৰেই ছালৰ যত্ব ল’ব পৰা যায়। এইক্ষেত্ৰত চফ এক সহজে উপলব্ধ অথচ অত্যন্ত ফলপ্ৰসূ ঘৰুৱা বিধান হ’ব পাৰে।

চফৰ জৰিয়তে উজ্জল কৰি তোলক ছালখনঃ এইদৰে কৰক ব্যৱহাৰ, দেখা পাব ফল…
চফ ব্যৱহাৰ কৰি উজলাই তোলক ছালখন
monjit-dutta
Monjit Dutta | Published: 02 Feb 2025 19:50 PM

আমাৰ সকলোৰে পাকঘৰত সততে এবিধ মচলা হৈছে চফ। সাধাৰণতে খাদ্য খোৱাৰ পিছত মুহুদি হিচাপে আমি চফ খাওঁ। লগতে মুখৰ দুৰ্গন্ধ দূৰ কৰা উপৰি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেও চফৰ ব্যৱহাৰ কৰোঁ। চফে হজম শক্তি উন্নত কৰাত সহায় কৰাৰ লগতে বদহজম, পেট ফুলা আৰু এচিডিটি আদি সমস্যা ৰোধ কৰে। ইয়াত প্ৰটিন, ফাইবাৰ, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, জিংক, কপাৰ, মেংগানিজ, লুটিন, চেলেনিয়াম, থাইয়ামিন, ৰাইব’ফ্লেভিন, নিয়াচিন, ফ’লেট, পেণ্ট’থেনিক এচিড, ভিটামিন কে, ভিটামিন বি ৬, ভিটামিন চি আৰু ভিটামিন এ ইত্যাদি বহু উপাদান থাকে।

এক কথাত যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ চফ। কেৱল পেটৰ বাবেই নহয়, আমাৰ দেহৰ ছালৰ বাবেও অত্যন্ত উপকাৰী চফ। স্বাভাৱিকতেই সকলো লোকে দেহৰ ছালখন উজ্জল হোৱাটো বিচাৰে। ইয়াৰ বাবে ব্যয়বহুল প্ৰসাধন সামগ্ৰীও ব্যৱহাৰ কৰে। কিন্তু ধন খৰচৰ পৰিৱৰ্তে ঘৰুৱা উপায়েৰেই ছালৰ যত্ব ল’ব পৰা যায়। এইক্ষেত্ৰত চফ এক সহজে উপলব্ধ অথচ অত্যন্ত ফলপ্ৰসূ ঘৰুৱা বিধান হ’ব পাৰে। গতিকে ছালৰ উজ্জলতাৰ বাবে চফ কিদৰে ব্যৱহাৰ কৰিব পাৰি, জানো আহক-

যদি মুখত বহু শালমন আৰু দাগ থাকে, তেন্তে ইয়াৰ পৰা সকাহ পাবলৈ চফ গুড়ি কৰি এখন মিহি পৰিষ্কাৰ কাপোৰেৰে ভালদৰে চাকি লৈ সামৰি থওক। এই চফ গুড়িৰে ফেচ পেক বনাই সপ্তাহত তিনিবাৰ লগাব। এচামুচ চফৰ গুড়ি, এচামুচ মৌ আৰু এচামুচ দৈ মিহলাই ২০ৰ পৰা ২৫ মিনিট মুখত লগাই তাৰ পিছত মুখখন পৰিষ্কাৰ কৰি লওক। ইয়াৰ দ্বাৰা শালমন আৰু দাগৰ সমস্যা দূৰ হ’ব।

যদি ছালৰ ছিদ্ৰত মলি জমা হয় তেতিয়া ছালত ক’লা-বগা দাগ হয় আৰু লগতে শালমনো ওলায়। ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰিবলৈ চফগুটি উতলাই সেই পানী ব্যৱহাৰ কৰি মুখত ভাপ দিব লাগে। ইয়াৰ পিছত কিছু অ’টমিল চফৰ গুড়িৰ লগত মিহলাই বৃত্তাকাৰ গতিৰে ছালত মালিচ কৰিব। সপ্তাহত এবাৰ এইদৰে মালিচ কৰিলে মৰা ছাল আঁতৰি যায়, মুখৰ দাগো দূৰ হয়। এইদৰে ছালখন পৰিষ্কাৰ আৰু উজ্জল হৈ পৰিব।

ছালৰ সমস্যাৰ বাবে বহুসময়ত মুখ ফুলি উঠা দেখা যায়। ইয়াৰ ফলত কম বয়সতে বয়সীয়াল লোকৰ দৰে দেখাবলৈ আৰম্ভ কৰে আৰু মুখখনো সতেজ দেখা নাযায়। এই সমস্যাৰ পৰা সকাহ পাবলৈ চফ মিহলি পানীত কপাহ এনে ফুলি উঠা লগাব লাগে। দৈনিক এইদৰে কৰিলে ছাল ফুলি উঠা সমস্যাৰ পৰা ৰেহাই পাব।

উজ্জল আৰু পৰিষ্কাৰ মুখ এখনৰ বাবে ছালখনে ভিতৰৰ পৰা পুষ্টি লাভ কৰা আৰু শৰীৰৰ অপকাৰী পদাৰ্থবোৰ নাইকিয়া হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে প্ৰতিদিনে পুৱা খালী পেটত চফ তিয়াই থোৱা পানী খাব লাগে। ইয়াৰ ফলত ছাল উজ্জল তথা পৰিষ্কাৰ হোৱাৰ লগতে ওজন নিয়ন্ত্ৰণত থাকিব, হজম শক্তি উন্নত হ’ব, হৃদযন্ত্ৰৰ উপকাৰ হ’ব আৰু চকুও সুস্থ হৈ থাকিব।